নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ জুনিঅ’ৰ কলেজৰ ছাত্ৰাৱাসত ক’ভিডৰ সংক্ৰমণ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ নগাঁৱৰ এখন জুনিঅ’ৰ কলেজৰ পাঁচ ছাত্ৰৰ লগতে অধ্যক্ষ জনো ক’ভিডত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। এইবাৰ নগাঁৱৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা আৰু শিক্ষানুষ্ঠান খনৰ ৫ জন ছাত্ৰ ক’ভিডত আক্ৰান্ত হৈছে । ক’ভিড আক্ৰান্ত পাঁচজন ছাত্ৰক আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছে বুলি চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ ।

অৱশ্যে ক’ভিড আক্ৰান্ত অধ্যক্ষ জনক শিক্ষানুষ্ঠান খনৰ ওপৰত থকা নিজা আৱাসতে ‘আইচ’লেশ্যন’ত থকাৰ ব্যৱস্হা কৰা হৈছে । ব্যক্তিগত শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ আৰু ছাত্ৰৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰাত এতিয়া চিন্তাত পৰিছে অভিভাৱক সকল।

নগাঁৱৰ পৰা কনক হাজৰিকা

You might also like