সন্মান কৰক দলীয় কার্যকর্তাৰ বিশাল শক্তিক
নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ সুশাসনৰ লক্ষ্য আৰু দলীয় আদর্শক লৈ কিদৰে বিধায়কসকল পৰিচালিত হ’ব, সেই সন্দর্ভত মুম্বাইত তিনিদিনীয়াকৈ চলি থকা বিজেপি বিধায়ক প্রশিক্ষণ শিবিৰত দলীয় কার্যকর্তাৰ প্রতি সন্মান কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিধায়ক প্রশিক্ষণ শিবিৰৰ দ্বিতীয় দিনা অসম বিজেপিৰ শীর্ষ নেতৃত্ব আৰু ৰাজ্যৰ বিধায়কসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত মুখ্যমন্ত্রীৰ আহ্বান– আমি আমাৰ কার্যকর্তাসকলৰ ওচৰত থকা বিশাল শক্তিক সন্মান কৰিব লাগিব৷ সেৱা আৰু সমর্পণৰ আত্মা পৱিত্র হৈ থাকিব লাগিব৷
উল্লেখ্য যে মুম্বাইৰ থানেস্থিত ৰামভাও মালগী প্রবোধিনী প্রাংগণত কালিৰে পৰা অনুষ্ঠিত হৈছে বিজেপিৰ বিধায়ক প্রশিক্ষণ শিবিৰ৷ প্রথম দিনৰ কার্যসূচীত অসমৰ বিধায়কসকলক উদ্দেশ্যি ভাষণ প্রদান কৰে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, ৰাজ্যিক বিজেপিৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাকে ধৰি কেইবাজনো ৰাষ্ট্রীয় জ্যেষ্ঠ নেতাই৷ আনহাতে, এই শিবিৰৰ দ্বিতীয় দিনা সমল ব্যক্তি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁৰ ভাষণত বিজেপিৰ মূল আদর্শ আৰু মূল্যবোধৰ প্রতি দায়বদ্ধ হৈ থকাত গুৰুত্ব আৰোপ কৰে৷
টুইটাৰযোগে এই প্রশিক্ষণ শিবিৰত দলৰ বিধায়কক জনোৱা আহ্বানৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়– মই বিধায়কসকলক দলৰ মূল মতাদর্শ আৰু মূল্যবোধৰ প্রতি চিৰকাল প্রতিশ্রুতিবদ্ধ হৈ থাকিবলৈ পৰামর্শ দিছোঁ৷ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত বিজেপি এক সর্ববৃহৎ দল তথা পৰিয়াল বুলি উল্লেখ কৰি দলীয় কার্যকর্তাসকল পৰিয়ালৰ মূল চালিকা শক্তি তথা সাহস বুলি মন্তব্য কৰে৷ মন্ত্রী আৰু বিধায়কসকলক বিভিন্ন স্থানলৈ পৰিভ্রমণ কৰা সময়ত দলৰ কমেও দুজনকৈ কার্যকর্তাক সাক্ষাৎ কৰিবলৈ তেওঁ পৰামর্শ আগবঢ়ায়৷ আনহাতে, মুখ্যমন্ত্রীয়ে প্রদান কৰা এই ভাষণৰ প্রতি ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সামাজিক মাধ্যমযোগে প্রকাশ কৰে যে সেৱা আৰু সমর্পণৰ মনোভাবমূলক মন্ত্র হিচাপে গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে সমর্পিতভাৱে জনগণক সেৱা কৰি যাবলৈ জনোৱা আহ্বানক আমি সন্মান জনাইছোঁ৷