জে বি এছ হলডেন
ডাক্তৰে যদি ঘোষণা কৰে যে আপুনি কেঞ্চাৰ ৰোগত আক্রান্ত হৈছে, আপোনাৰ প্রথম প্রতিক্রিয়া কি হ’ব? কেঞ্চাৰ বুলি কোৱাৰ লগে লগেই বেছিভাগ মানুহৰে মুখ শুকাই যায়, কলিজা ক’লা পৰে৷ ভিতৰখন আধা মৰি যায়৷ দুৰাৰোগ্য কেঞ্চাৰ ৰোগে আক্রমণ কৰা আৰু মৃত্যুদণ্ডেৰে দণ্ডিত হোৱা বেছিভাগ মানুহৰ কাৰণে একেই কথা৷
ডাক্তৰে যেতিয়া ঘোষণা কৰিলে যে জে বি এছ হলডেনৰ কেঞ্চাৰ হৈছে, তেওঁ ঘৰলৈ আহি এটা কবিতা লিখিলেঃ
I wish I had the voice of Homer
To sing of rectal carcinoma,
Which kills a lot more chaps, in fact,
Then were bumped off when Troy was sacked,
I know that Cancer often kills,
But so do cars and sleeping pills.
জে বি এছ হলডেন আছিল এজন অসাধাৰণ মানুহ৷ তেওঁ আধুনিক কালৰ সর্বশ্রেষ্ঠ জীৱ–বিজ্ঞানীসকলৰ ভিতৰত অন্যতম৷ কিন্তু তেওঁৰ পাণ্ডিত্য আৰু অধ্যয়ন কেৱল বিজ্ঞানৰ ক্ষেত্রতে সীমাবদ্ধ নাছিল৷ ৰেনেছাঁ যুগৰ জ্ঞান–সাধকসকলৰ দৰে তেওঁ জ্ঞান–বিজ্ঞানৰ সকলো ক্ষেত্রতে অবাধে বিচৰণ কৰিছিল, বিজ্ঞান আৰু কলা তেওঁৰ কাৰণে আছিল এখন অবিভাজ্য জগত৷ অৱশ্যে তেওঁৰ বিধি–দত্ত প্রতিভাও আছিল বিস্ময়কৰ৷ কথিত আছে যে তেওঁ খোজকাঢ়িবলৈ শিকাৰ আগতেই অর্থাৎ বগুৱা বাই থকা অৱস্থাতে লিখিবলৈ আৰু পঢ়িবলৈ শিকিছিল৷ যেতিয়া তেওঁ থিয়–দঙা দিব পৰা হ’ল, তেতিয়া এদিন কেনেবাকৈ পৰি তেওঁৰ কপালখন কাটিলে৷ তেতিয়া তেওঁৰ বয়স মাত্র পাঁচ নে ছবছৰ৷ কপালখন কাটি টোপ টোপকৈ তেজ ওলাবলৈ ধৰিলে, কিন্তু সেই অকণমানি ল’ৰাটোৱে কন্দা দূৰৰ কথা, নিজৰ তেজখিনি চাই চাই এজন প্রবীণ বিজ্ঞানীৰ দৰে প্রশ্ণ কৰিলে ঃ ‘এয়া অক্সিহিম’গ্লবিন নে কার্বক্সিহিম’গ্লবিন?’
বিখ্যাত পাব্লিক স্কুল ইটনত হলডেনে শিক্ষা লাভ কৰিছিল৷ যিজন মানুহ এদিন পৃথিৱীৰ অন্যতম সর্বশ্রেষ্ঠ জীৱ–বিজ্ঞানী হ’ব, তেওঁ স্কুলীয়া শিক্ষা সাং কৰাৰ আগে আগেই লেটিন, গ্রীক, ফৰাচী আৰু জার্মান ভাষাত অসাধাৰণ ব্যুৎপত্তি অর্জন কৰিছিল৷ অক্সফ’ডত নিউ কলেজত পঢ়িবলৈ গৈ তেওঁ প্রথমে অধ্যয়নৰ কাৰণে গণিত বিষয়টো বাছি লৈছিল, কিন্তু পিছলৈ গণিত বাদ দি ক্লাছিক্ছ আৰু দর্শন পঢ়িবলৈ ল’লে৷ এইজন মানুহেই কিন্তু পিছলৈ হ’লগৈ বংশানুক্রমিক ৰোগ আৰু বংশ–গতিৰ জীৱ–বৈজ্ঞানিক সূত্রৰ সর্বশ্রেষ্ঠ বিশেষজ্ঞ৷ হলডেনে নিজেই নিজৰ বিষয়ে কৈছিল ঃ ‘যিকোনো ৰাসায়নিক গৱেষণাত অংশ ল’ব পৰাকৈ ৰসায়নৰ বিষয়ে মোৰ যথেষ্ট জ্ঞান আছে, জীৱ–বিজ্ঞানৰ বিষয়েও মোৰ ইমান জ্ঞান আছে যে কাৰো সহায় নোলোৱাকৈ মই সেই বিষয়ে গৱেষণা কৰিব পাৰোঁ তদুপৰি ইতিহাস আৰু সমসাময়িক ৰাজনীতিৰ বিষয়েও মোৰ যথেষ্ট জ্ঞান আছে’
ইতিহাস আৰু ৰাজনীতিৰ বিষয়ে হলডেনৰ জ্ঞান থাকিবই লাগিব, কাৰণ ডেকা বয়সৰ পৰাই তেওঁ আছিল এজন নৈষ্ঠিক কমিউনিষ্ট৷ বিখ্যাত ৰাছিয়ান জীৱ–বিজ্ঞানী লাইছেংকোৰ মতবাদক কেন্দ্র কৰি উঠা তর্ক–বিতর্কৰ ধুমুহাৰ সময়তে ষ্টেলিনৰ দৃষ্টিভংগীৰ প্রতিবাদত হলডেন কমিউনিষ্ট আন্দোলনৰ পৰা আঁতৰি আহে৷ সি এক দীঘলীয়া ইতিহাস৷ ইয়াত বর্ণাবলৈ ঠাইৰ নাটনি৷
অৱশ্যে জ্ঞান–বিজ্ঞানৰ সকলো ক্ষেত্রতে হলডেনৰ অবাধ স্বচ্ছন্দ বিচৰণৰ বিষয়ে দু–আষাৰমান প্রাসংগিক কথা কোৱাটো উচিত হ’ব৷ ১৯৫৯ চনত ছাৰ (এতিয়া লর্ড) চি পি স্নইTwo cultures নামৰ এটা প্রবন্ধ লিখি এটা বিতর্কৰ সূচনা কৰিছিল৷ তেওঁৰ বক্তব্য আছিল এয়েই যে বর্তমান কালত জ্ঞান–চর্চাৰ জগতখন বিজ্ঞান আৰু কলা নামৰ দুটা পানী–নসৰকা কোঠালিত বিভক্ত হৈ পৰিছে৷ বিজ্ঞানৰ সাধকসকলে শিল্পকলা আৰু সাহিত্যৰ বিষয়ে একো নাজানে, ঠিক সেইদৰে কলাৰ ছাত্রসকলো বিজ্ঞানৰ বিষয়ে সম্পূর্ণ অজ্ঞ৷ ইয়াৰ ফলত জ্ঞান খণ্ডিত হৈছে, তাৰ ফলস্বৰূপে মানুহৰ ব্যক্তিত্বও খণ্ডিত হ’বলৈ বাধ্য৷
বেছিভাগ আধুনিক শিক্ষিত মানুহৰ বিষয়েই যে এই কথা প্রযোজ্য, সেই বিষয়ে কোনো সন্দেহ নাই৷ জে বি এছ হলডেনৰ নিচিনা মানুহ তাৰ উজ্জ্বল ব্যতিক্রম৷
ষাঠিৰ দশকৰ আগভাগত জে বি এছ হলডেন ভাৰতলৈ আহিছিল৷ ভ্রমণকাৰী হিচাপে ফুৰিবলৈ নহয়, এই দেশতে স্থায়ীভাৱে বাস কৰি বিজ্ঞানৰ চর্চা আৰু গৱেষণা কৰিবলৈ৷ সেই সময়ত তেওঁ একাধিক ভাৰতীয় আলোচনীত প্রবন্ধ লিখি এই মত ব্যক্ত কৰিছিল যে ভাৰতৰ নিচিনা স্বাধীন চিন্তা–চর্চাৰ সুযোগ আৰু অনুকূল মানসিক বাতাৱৰণ পৃথিৱীৰ আন খুব কম দেশতেই আছে৷ ভাৰতীয় সমাজৰ মানসিক উদাৰতা আৰু পৰ–মত–সহিষ্ণুতাৰ্ তেওঁ ভূয়সী প্রশংসা কৰিছিল৷ তেওঁ ভাৰতলৈ আহি প্রথমে অধ্যাপক প্রশান্ত চন্দ্র মহলানবীশৰ কলিকতাত অৱস্থিত ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট আৰু পিছত কটকৰ ৰাইচ ৰিছার্চ চেণ্টাৰত যোগ দিয়ে৷ ভাৰতত থকা অৱস্থাতে অসম বিজ্ঞান সমাজৰ নিমন্ত্রণত হলডেন এবাৰ গুৱাহাটীলৈ আহিছিল৷
হলডেন বৰ আশাৰে ভাৰতলৈ আহিছিল যদিও ইয়াত তেওঁ বেছিদিন থাকিব নোৱাৰিলে৷ ভাৰতীয় সংস্কৃতিৰ প্রতি তেওঁৰ গভীৰ শ্রদ্ধা আছিল, ভাৰতৰ বৌদ্ধিক বাতাৱৰণে তেওঁক বৰকৈ আকর্ষণ কৰিছিল, কিন্তু ভাৰতৰ চৰকাৰী ৰীতি–নীতি আৰু আমোলাতান্ত্রিক ৰঙাফিতাৰ মেৰপাকৰ লগত তেওঁৰ স্বাধীনচিতীয়া মনে খুব বেছিদিন আপোচ কৰি চলিব নোৱাৰিলে৷ দুবছৰমানৰ ভিতৰতে সংঘাত আৰম্ভ হ’ল৷ অৱশেষত হলডেনে ভাৰত ত্যাগ কৰি পুনৰ স্বদেশলৈ ঘূৰি গ’ল৷
ভাৰতত ভৰি দিয়েই হলডেনে প্রথমে যিটো কাম কৰিছিল, সেইটো হ’ল চাহাবী পোছাক ত্যাগ কৰি পাঞ্জাবী আৰু পায়জামা পিন্ধা৷ ভাৰতত ভৰি দিয়েই তেওঁ ঘোষণা কৰিলে যে একমাত্র ভাৰতীয় পোছাকেই ভাৰতৰ নিচিনা গৰম দেশৰ কাৰণে উপযোগী এই দেশত ইউৰোপীয়সকলৰ দৰে পোছাক পিন্ধাটো বান্দৰামিৰ বাহিৰে আন একো নহয়৷
ভাৰতবর্ষত কৃষি, উদ্ভিদ–বিজ্ঞান আৰু প্রাণীতত্ত্বৰ গৱেষণাৰ কাৰণে বিশাল ক্ষেত্র পৰি থাকোঁতেও ভাৰতীয় বিজ্ঞানীসকল সেইবোৰ বিষয়ৰ গৱেষণাৰ কাৰণে আগবাঢ়ি নহাৰ কাৰণে তেওঁ অতিশয় বিস্মিত আৰু দুঃখিত হৈছিল৷ তেওঁ লক্ষ্য কৰিছিল যে ভাৰতীয় বিজ্ঞানীসকলে অতিশয় ব্যয়বহুল আধুনিক যন্ত্রপাতি নাপালে গৱেষণা কৰিব নোখোজে বা সেইবোৰৰ অভাৱকে গৱেষণাৰ পথত প্রধান অন্তৰায় বুলি গণ্য কৰে৷ কিন্তু হলডেনে হাতে–কামে এই কথা প্রমাণ কৰি দেখুৱাইছিল যে মাত্র দহ টকামানৰ সঁজুলিৰেই বহুতো গুৰুত্বপূর্ণ গৱেষণা কৰিব পাৰি৷ তেওঁ যি ধৰণৰ গৱেষণাৰ কাৰণে তৰুণ ভাৰতীয় বিজ্ঞানীসকলক উৎসাহিত কৰিব খুজিছিল, তেনেধৰণৰ গৱেষণাৰ কাৰণে লাগে এডাল স্কেল, এডাল কাঠ পেঞ্চিল আৰু কেইখিলামান কাগজ৷ অৱশ্যে নক’লেও নিশ্চয় হ’ব যে প্রথম আৰু প্রধান সঁজুলিটো হ’ল গৱেষকৰ নিজৰ মগজটো৷ ভাৰতীয় শিক্ষকসকলৰ কাণ্ড–কাৰখানা দেখি তেওঁ বোধহয় খুব সন্তুষ্ট হ’ব পৰা নাছিল৷ সেই দেখি তেওঁ কৈছিল যে এজন আদর্শ শিক্ষকে কেতিয়াও নিজকে পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ ৰখাটো উচিত নহয়৷ আধুনিক জগতত জ্ঞান–বিজ্ঞানৰ দ্রুত উন্নতি ঘটিছে৷ যোৱাকালিৰ আৱিষৃকত তথ্য আৰু সত্যবোধ আজি অচল হৈ পৰিছে কোনো পাঠ্যপুথিৰ পক্ষেই দ্রুত পৰিৱর্তনশীল আৰু বিকাশমান জ্ঞান–বিজ্ঞানৰ লগত সমানে তাল ৰাখি চলাটো সম্ভৱ নহয়৷ সেই কাৰণে এজন কর্তব্যপৰায়ণ আদর্শ শিক্ষকে সদায় পাঠ্যপুথিতকৈ কমপক্ষেও পাঁচ বছৰ আগবাঢ়ি থাকিবলৈ চেষ্টা কৰিব লাগিব, অর্থাৎ ছাত্রতকৈ তেওঁ এশ গুণ বেছি পঢ়া–শুনা কৰিব লাগিব৷ কেৱল তেতিয়াহে তেওঁ ছাত্রৰ প্রতি সুবিচাৰ কৰিব পাৰিব৷