নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃপুৰুষৰ অৱদানক শ্রদ্ধা সন্মান জনোৱাটো অসমীয়া পৰম্পৰা

পদ্মশ্রী সূর্য হাজৰিকাক টেঙাই মহন পণ্ডিত বঁটা প্রদান অনুষ্ঠানত সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ জাতিৰ একোজন পুণ্যত্মা তথা সুযোগ্য পিতৃপুৰুষৰ মহৎ অৱদানক সুঁৱৰি পিছৰ প্রজন্মই যথোচিত সন্মান আৰু শ্রদ্ধা জনোৱাৰ সংস্কৃতি অসমীয়া জনজীৱনৰ পৰম্পৰা হিচাপে প্রতিফলিত হৈ আহিছে৷ চুকাফা ফাউণ্ডেচন, অসমৰ উদ্যোগত বকতা ন–পাম বৈৰাগীবৰত শনিবাৰে অনুষ্ঠিত হোৱা ডামচাও টেঙাই মহন পণ্ডিত বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীয়ে ভাষণ প্রসংগত এইদৰে কয়৷ পুৱা চাউলুং চুকাফা আৰু টেঙাই মহন পণ্ডিতৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা বঁটা প্রদান অনুষ্ঠানটোত অনুষ্ঠিত হোৱা মুকলি সভাৰ সভাপতিত্ব কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈয়ে আৰু সভাৰ উপ–সভাপতি অতুল ফুকনে৷

তাই আহোম বুৰঞ্জীবিদ ডামচাও টেঙাই মহনে তাই ভাষাৰ বুৰঞ্জী, বিভিন্ন ধর্মীয় তথা মাংগলিক অনুষ্ঠানৰ বিধি–বিধান পূজা–সেৱাৰ ৰীতি–নীতি আদি ৪৫খনৰো অধিক পুথি ৰচনা কৰাৰ জৰিয়তে তাই ভাষা–সংস্কৃতিৰ প্রতি অতুলনীয় অৱদান আগবঢ়াই থৈ যোৱাৰ উপৰি ১৭৯৫ চনতে তাই ভাষাৰ অমূল্য সম্পদ বৰ অম্র বা হ ম্যুং পুথি ৰচনা কৰি তাই অসমীয়া ভাষাৰ অভিধান প্রণয়নৰ বাটকটীয়া হিচাপে অক্ষয় কৃতি আৰু বিচক্ষণ পাণ্ডিত্যৰ চানেকি ৰাখি থৈ গৈছে৷ আদৰণি অভিভাষণত তাই পণ্ডিতজনৰ বিষয়ে এনেদৰে মন্তব্য কৰি চুকাফা ফাউণ্ডেচনৰ সভাপতি বিৰিঞ্চী গোহাঁয়ে উপস্থিত সকলো বিশিষ্ট অতিথি আৰু ৰাইজক আদৰণি জনায়৷ গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত ডামচাও টেঙাই মহন পণ্ডিত বঁটা অসমৰ বিশিষ্ট সাহিত্যিক, গ্রন্থ প্রকাশ, গৱেষক পদ্মশ্রী সূর্য হাজৰিকাক প্রদান কৰা হয়৷ চুকাফা ফাউণ্ডেচনে প্রথমবাৰৰ বাবে প্রদান কৰা শৰাই, জাপি, পাটৰ চেলেং, মুগাৰ গামোচা, ফুলৰ থোপা, কিতাপৰ টোপোলা, প্রশস্তি পত্র, স্মাৰক আৰু ডাঙৰীয়া পাগ সমৃদ্ধ উক্ত বঁটা অসম সাহিত্য সভাৰ উপ–সভাপতি তথা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মাতৃৰ হাতেৰে প্রদান কৰা হয়৷ অসমৰ সাহিত্যৰ ইতিহাসত টেঙাই মহন এটি প্রাতঃস্মৰণীয় নাম বুলি উল্লেখ কৰি বঁটাপ্রাপক ড০ সূর্য হাজৰিকাই তাই পণ্ডিতজনৰ জীৱন আৰু কৃতি সম্পর্কে বক্তব্য প্রদান কৰে৷

পণ্ডিতজনৰ সৃষ্টি, বৈশিষ্ট্য, প্রস্তুতি কৌশল, ১৭৭৫ চনতে টেঙাই মহন পণ্ডিতৰ ইংলেণ্ড যাত্রা আদি সম্পর্কত এক বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ সভাত বিশিষ্ট আৰু নিমন্ত্রিত অতিথি হিচাপে মহন দেওধাই–বাইলুং সন্মিলনৰ সভাপতি ৰোহিনী মহন, সাহিত্য একাডেমী বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মা, অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয়ৰ সম্পাদক ৰমানন্দ বৰা, সাহিত্য সভাৰ জাতীয় আদর্শ শিক্ষা সংসদৰ সচিব ৰাণা বৈশিষ্ট্য, সাংস্কৃতিক কর্মী স্বপ্ণা নেওগ, গীতাঞ্জলি কলিতা, টেঙাই মহনৰ পৰিনাতিনী অঞ্জলি চেতিয়া উপস্থিত থাকে৷ একেখন মঞ্চতে টেঙাই মহন পৰিনাতিনী অঞ্জলি চেতিয়াই প্রকাশ কৰি উলিওৱা বিহুৰ শিপাৰ সন্ধানত তৰাছিঙা বিহু নামৰ পুথিখন উন্মোচন কৰে গৱেষক, সাহিত্য অকাডেমি বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই৷

You might also like