নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত আজি টি–২০ বিশ্বকাপৰ মহাৰণ

প্রথমবাৰলৈ খিতাপ জয়ৰ লক্ষ্য অষ্ট্রেলিয়া–নিউজিলেণ্ড

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ উৎকণ্ঠাৰ অৱসান ঘটাই আজি ডুবাইত অনুষ্ঠিত হ’ব টি–২০ বিশ্বকাপৰ বহু প্রত্যাশিত মহাৰণ৷ শক্তিশালী অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই বিশ্বজয়ৰ মহাৰণক লৈ ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক উৎকণ্ঠা বিৰাজ কৰা দেখা গৈছে৷ বিশেষকৈ দুয়োখন ছেমিফাইনেলৰে ৰোমাঞ্চকৰ সামৰণিৰ পিছত আজি ফাইনেল মেচখনো উত্তেজনাপূর্ণ আৰু শ্বাসৰুদ্ধকৰ হৈ উঠাৰ আশা কৰা হৈছে৷ উল্লেখ্য যে অষ্ট্রেলিয়াই এদিনীয়া বিশ্বকাপত অভিলেখসংখ্যক পাঁচবাৰ খিতাপ জয় কৰিছে যদিও টি–২০ বিশ্বকাপত এতিয়াও চেম্পিয়ন হ’ব পৰা নাই৷ একেদৰে কেন উইলিয়ামছনৰ নেতৃত্বত শেহতীয়াকৈ নিউজিলেণ্ডে আই চি চি ইভেণ্টত ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰিছে যদিও টি–২০ বিশ্বকাপত দলটোৱে প্রথমবাৰৰ বাবে ফাইনেল খেলিব৷

২০১৯ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰ হাতত নাটকীয়ভাৱে পৰাজয়ৰ সন্মুখীন হোৱা নিউজিলেণ্ডে শেহতীয়াকৈ আই চি চি টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰি ইতিহাস ৰচিছে৷ আই চি চি ইভেণ্টত দলটোৰ এই সফলতাৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে উইলিয়ামছন বাহিনী কাইলৈ খেলপথাৰত নামিব৷ ইয়াৰ পূর্বে ২০১৬ত ভাৰতত অনুষ্ঠিত টি–২০ বিশ্বকাপত নিউজিলেণ্ডে অষ্ট্রেলিয়াক পৰাস্ত কৰিছিল৷

অৱশ্যে বিশ্বকাপৰ ফাইনেলত দল দুটা ২০১৫ত অন্তিমবাৰৰ বাবে মুখামুখি হৈছিল৷ এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্রেলিয়াই নিউজিলেণ্ডক হৰুৱাই খিতাপত চুম্বন দিছিল৷ তেতিয়াৰে পৰা কেংগাৰু বাহিনীয়ে আই চি চি ইভেণ্টত কোনো খিতাপ জয় কৰিব পৰা নাই৷ অপ্রতিৰোধ্য পাকিস্তানক ছেমিফাইনেলত স্তব্ধ কৰি আত্মবিশ্বাস ওভতাই পোৱা অষ্ট্রেলিয়াই এইবাৰ টি–২০ বিশ্বকাপৰ দীঘলীয়া ব্যর্থতাৰ অৱসান ঘটোৱাৰ সুবর্ণ সুযোগ লাভ কৰিছে৷ অ’পেনাৰ ডেভিদ ৱার্নাৰ, অলৰাউণ্ডাৰ মার্কাছ ষ্টইনিছ আৰু উইকেটৰক্ষক মেথিউ ৱেডৰ সুন্দৰ ফর্মে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে৷ ট্রেণ্ট বল্ট, টিম ছাউডী আদিৰ দৰে দুর্ধর্ষ বেগী বলাৰক অষ্ট্রেলিয়াই কিদৰে প্রতিহত কৰে, সেয়া লক্ষণীয় হ’ব৷ ইফালে, নিউজিলেণ্ডে অ’পেনাৰ মার্টিন গুপ্ঢিল আৰু ডাৰিল মিচেলৰ পৰা সুন্দৰ আৰম্ভণি আশা কৰিব৷ অধিনায়ক কেন উইলিয়ামছনৰ পৰা দলে দীঘলীয়া ইনিংছ আশা কৰিছে৷ অলৰাউণ্ডাৰ জিমি নিচামে মিডল অর্ডাৰত চমকপ্রদ বেটিঙেৰে নিউজিলেণ্ডক ছেমিফাইনেলত ৰোমাঞ্চকৰ জয়ৰ সোৱাদ দিছিল৷ উল্লেখ্য যে দুয়োটা দলে গ্রুপ পর্যায়ত এখনকৈ মেচত পৰাজয়ৰ সন্মুখীন হৈছে৷

You might also like