নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহকাৰী অধ্যাপক–লাইব্রেৰীয়ান্ সাক্ষাৎকাৰ পিছুৱালে এপিএছচিয়ে

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয়সমূহৰ্ কাৰিকৰী আৰু অকাৰিকৰী সহকাৰী অধ্যাপক আৰু লাইব্রেৰীয়ান পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰিবলগীয়া সাক্ষাৎকাৰ পিছুৱাই দিছে অসম লোকসভা আয়োগে৷ আয়োগৰ উপ–সচিবে প্রকাশ কৰা এখন নির্দেশনা অনুসৰি পৰৱর্তী সময়ত নির্ধাৰণ কৰা হ’ব এই পদসমূহৰ সাক্ষাৎকাৰৰ দিন৷

আজিৰে পৰা ২৬ নৱেম্বৰলৈ এই পদসমূহৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ ২০১৭ চনৰ ২৫ মে’তে এই পদসমূহৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ শেহতীয়াকৈ এই পদসমূহক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হোৱাৰ পৰিপ্রেক্ষিতত এই পদসমূহৰ সাক্ষাৎকাৰৰ দিন পিছুৱাই দিয়া হৈছে৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিবলগীয়া এই পদসমূহত নিযুক্তি প্রদান কৰিব উচ্চ শিক্ষা বিভাগে৷ সঘনাই বিতর্কৰ আৱর্তত সোমাই পৰা আয়োগে পুনৰ সাক্ষাৎকাৰ পিছুৱাই দিয়া কার্যত আশাহত হৈ পৰিছে একাংশ প্রার্থী৷

You might also like