এআইআইবি–স্মার্ট মিটাৰ প্রকল্পৰ চুক্তিপত্র বিতৰণ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে ৰাজ্যৰ শক্তিখণ্ডৰ সংবর্ধনৰ জৰিয়তে জনসাধাৰণলৈ উন্নত বিদ্যুৎ সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে গুৱাহাটীৰ কইনাধৰাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক অনুষ্ঠানত এছিয়ান ইনফাষ্ট্রাকচাৰ ইনভেষ্টমেণ্ট বেংক (এ আই আই বি) আৰু স্মার্ট মিটাৰ প্রকল্পৰ বাবে আনুষ্ঠানিক চুক্তিপত্র বিতৰণ কৰে৷ অসমৰ শক্তিখণ্ডৰ বিদ্যুৎ বিতৰণ প্রণালীৰ সম্প্রসাৰণ তথা লোকচান হ্রাসৰ লক্ষ্যৰে ৩২৮৪.০৪ কোটি টকা প্রকল্প ব্যয়ৰে হাতত লোৱা এই এ আই আই বি অনুদানপ্রাপ্ত প্রকল্পৰ জৰিয়তে ৰাজ্যখনৰ বিদ্যুৎ খণ্ডৰ উপসংবহন তথা বিতৰণ নেটৱর্ক শক্তিশালীকৰণ, উন্নত ভল্টেজৰ ব্যৱস্থাপনা, নেটৱর্কৰ উচ্চ প্রাবল্য আৰু নিম্ন প্রাবল্যৰ অনুপাতৰ উন্নয়ন আদি বিভিন্ন পদক্ষেপ গ্রহণ কৰা হ’ব৷ আনহাতে ৫৬৬.৩৩ কোটি টকা প্রকল্প ব্যয়ৰে হাতত লোৱা ডিবিফুট ভিত্তিত প্রিপেইড স্মার্ট মিটাৰিং প্রকল্পৰ জৰিয়তে অসমৰ নগৰীয়া এলেকাত প্রিপেইড মিটাৰ সংস্থাপন কৰা হ’ব৷
এই প্রকল্পৰ জৰিয়তে বিদ্যুৎ খণ্ডৰ বাণিজ্যিক লোকচান হ্রাস পোৱাৰ লগতে বিদ্যুৎ উপভোক্তাসকলে স্মার্ট ফোনৰ মাধ্যমেৰে তেওঁলোকৰ বিদ্যুতৰ ব্যৱহাৰ আৰু খৰচ নিৰীক্ষণ কৰিবলৈ সমর্থ হ’ব৷ তদুপৰি লোকচানৰ সন্মুখীন হোৱা অঞ্চলসমূহৰ বিদ্যুতৰ হিচাপ নিৰীক্ষণৰ ক্ষেত্রতো এই প্রকল্পই এ পি ডি চি এলক সহায় কৰিব৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ শক্তি খণ্ডৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ জনসাধাৰণে যাতে উন্নত মানসম্পন্ন বিদ্যুৎসেৱা লাভ কৰিব পাৰে সেই উদ্দেশ্যেই এই প্রকল্প হাতত লোৱা হৈছে৷ এই দুয়োটা প্রকল্পই নির্ধাৰিত সময়ত সম্পূর্ণ কৰি তোলাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই প্রকল্প ৰূপায়ণৰ লগত জড়িত সংশ্লিষ্ট সকলোকে ইয়াক এক প্রত্যাহ্বান হিচাপে গ্রহণ কৰিবলৈ কয়৷ প্রকল্প ৰূপায়ণৰ অগ্রগতিৰ সন্দর্ভত নিয়মীয়াকৈ পর্যালোচনা কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ আজিৰ এই অনুষ্ঠানত শক্তিমন্ত্রী বিমল বৰা, ৰাজ্যৰ মুখ্য সচিব তথা শক্তি বিভাগৰ তিনিওটা প্রতিষ্ঠানৰ অধ্যক্ষ জিষ্ণু বৰুৱা, শক্তি বিভাগৰ প্রধান সচিব নিৰজ বার্মা আৰু এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে৷