জানুৱাৰীত অনুষ্ঠিত হ’ব চিচিইৰ মূল পৰীক্ষা
নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা (চিচিই)ৰ মূল পৰীক্ষা অহা জানুৱাৰীত অনুষ্ঠিত হ’ব৷ আজি আনুষ্ঠানিকভাৱে এই কথা প্রকাশ কৰিছে অসম লোকসেৱা আয়োগে৷ অৱশ্যে মূল পৰীক্ষাৰ নির্দিষ্ট দিন পৰৱর্তী সময়ত ঘোষণা কৰিব আয়োগে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা কেইবাটাও গোচৰৰ নির্দেশৰ ভিত্তিতহে নির্ধাৰণ কৰা হ’ব মূল পৰীক্ষাৰ দিন৷ প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হৈ মূল পৰীক্ষালৈ যোগ্যতা অর্জন কৰা প্রার্থীসকলে কাইলৈৰ পৰা অনলাইনযোগে প্র–পত্রসমূহ পূৰণ কৰিব পাৰিব৷ অহা এক ডিচেম্বৰলৈ প্রার্থীসকলে পূৰণ কৰিব পাৰিব অনলাইন প্র–পত্র৷ মূল পৰীক্ষা কেৱল গুৱাহাটী পৰীক্ষা কেন্দ্রতহে অনুষ্ঠিত হ’ব বুলি আয়োগে সদৰী কৰিছে৷ আনহাতে, প্রার্থীসকলে পৰীক্ষাৰ মাচুল ইণ্টাৰনেট বেংকিং, ক্রেডিট কার্ড আৰু ডেবিট কার্ডৰ জৰিয়তে প্রদান কৰিব পাৰিব৷ প্রার্থীসকলৰ ৰোল নম্বৰ প্রাৰম্ভিক পৰীক্ষাৰ সৈতে মূল পৰীক্ষাতো একেই হ’ব৷