নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইকচালক–আৰোহীয়ে হেলমেট পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ দুর্ঘটনা ৰোধ কৰাৰ বাবে আন এক নতুন নির্দেশনা জাৰি কৰিছে কামৰূপ জিলা পৰিবহণ বিভাগে৷ এতিয়াৰে পৰা মহানগৰীত দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে পৰিধান কৰিব লাগিব হেলমেট৷ অন্যথা তেনে বাহনৰ গৰাকীয়ে ভৰিব লাগিব ১ হাজাৰ টকাৰ জৰিমনা৷ লগতে যি সকলে এই নতুন নির্দেশনা অমান্য কৰে সেইসকলৰ বিৰুদ্ধে কামৰূপ জিলা পৰিবহণ বিভাগে ৰুজু কৰিব গোচৰ৷ গণেশগুৰিত আজি এক সজাগতামূলক অনুষ্ঠানত অংশগ্রহণ কৰি এই সকীয়নি প্রদান কৰে কামৰূপ জিলা পৰিবহণ বিষয়া (এনফ’চমেণ্ট) হিমাংশু দাসে৷ মহানগৰবাসীৰ মাজত সজাগতা অনাৰ উদ্দেশ্যেৰে আজিৰে পৰা ৩০ নৱেম্বৰলৈ পৰিবহণ বিভাগে চলাব সজাগতামূলক কার্যসূচী৷ ইয়াৰ পিছত অর্থাৎ পহিলা ডিচেম্বৰৰ পৰা যিসকল বাইকচালক–আৰোহীয়ে হেলমেট পৰিধান নকৰে, তেওঁলোকৰ বিৰুদ্ধে জৰিমনা বিহিব পৰিবহণ বিভাগে৷ অর্থাৎ দুচকীয়া বাহনত মহিলা আৰোহী থাকিলেও তেওঁলোকে বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগিব হেলমেট৷ সমান্তৰালভাৱে দুর্ঘটনা প্রতিৰোধৰ বাবে চাৰিচকীয়া বাহনৰ চালকেও বাধ্যতামূলকভাৱে লগাব লাগিব ছীট বেল্ট৷ অন্যথা তেনে বাহনৰ গৰাকীয়ে ভৰিব লাগিব ১ হাজাৰ টকাৰ জৰিমনা৷ মুঠতে পথ দুর্ঘটনা হ্রাস কৰাৰ উদ্দেশ্যেৰে কঠোৰ হৈছে কামৰূপ জিলা পৰিবহণ বিভাগ৷

You might also like