শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাঃ পৰিয়ালক ৫০ লাখ টকাৰ চেক প্ৰদান
নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ আজি সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে মণিপুৰত শনিবাৰে উগ্রপন্থীৰ আক্রমণত নিহত হৈছিল অসম সন্তান অসম ৰাইফলছৰ ৪৬নং বেটেলিয়নৰ জোৱান সুমন স্বর্গীয়াৰী৷
লগতে শ্বহীদৰ মহান ত্যাগক সন্মান জনাই সকলো সময়তে সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে বিনম্ৰতাৰে পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহয্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী গৰাকীয়ে স্থানীয় লোকৰ অনুৰোধৰ প্ৰতি সন্মান জনাই থেকেৰাকুছি কাঁহিবাৰী গাঁৱৰ পথছোৱা শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত উৎসৰ্গা কৰা হ’ব। লগতে শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
আজি মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী শ্ৰী ইউ জি ব্ৰহ্ম, বিধায়কসকল ক্ৰমে শ্ৰীজয়ন্ত মল্ল বৰুৱা, শ্ৰীভূপেন বড়ো, শ্ৰীলৰেন্স ইছলাৰী আৰু শ্ৰীজিৰণ বসুমতাৰীয়ে।