অসমৰ ৰাজনীতিত বিৰোধী
অসমৰ এতিয়া বিৰোধী দলৰ নির্বাচিত ভালেকেইগৰাকী বিধায়কে নির্বাচনৰ দ্বাৰা পুনৰ বিধানসভালৈ নির্বাচিত হৈ আহিছে৷ মুখ্যমন্ত্রীয়ে কেতিয়াবা ভাষণ প্রসংগত কোৱা অথবা কোনোবা সাংবাদিকৰ আগত মত প্রকাশ কৰা সময়ত অসমত বিৰোধীশূন্য ৰাজনীতিৰ সম্ভাৱনাৰ যি কথা কৈছে, তাত মূলতঃ বিৰোধী পক্ষৰ লোকে অসহিষ্ণুভাৱে মত প্রকাশ কৰিছে৷ অসমৰ ৰাজনীতিত দল পৰিৱর্তন পূর্বতেও হৈছে যদিও এইবাৰৰ দৰে এনে ব্যাপক ধৰণে হোৱা নাছিল৷ এই পৰিৱেশটো দলীয় ৰাজনীতিৰ মাজেৰে জীৱন নির্বাহ কৰা ৰাজনৈতিক কর্মীৰ বাবে বিপজ্জনক৷ কাৰণ দলটোৰ ভেটি দুর্বল হৈ গ’লে কর্মীসকলক দলে জীৱন নির্বাহৰ সুবিধা দিব নোৱৰা হৈ পৰিব৷ এই ঘটনালানি চলি থকাৰ মাজতে যেতিয়া শাসকীয় দলৰ লোকৰ মুখৰ পৰা শুনা যায় যে আৰু দুজনমান বিধায়কে দল ত্যাগ কৰি শাসকীয় দলত যোগদান কৰিব, তেতিয়াই এই শংকাময় পৰিৱেশৰ বতাহ অধিক গধুৰ হৈ উঠে৷ এনেদৰে বিৰোধী দলৰ সদস্য কমি যোৱাটো সংসদীয় ৰাজনীতিৰ কাৰণে দুখৰ কাৰণ বুলি কিছুমানে দুখ কৰা দেখা যায়৷ ৰাজনীতিৰ তাত্ত্বিক কথাৰ আলোচকসকলৰ মতে, গণতন্ত্রৰ সফলতা ভালেখিনি নির্ভৰ কৰে বিৰোধী দলসমূহৰ গঠনমূলক ভূমিকাৰ ওপৰত৷ কাৰণ চৰকাৰখনৰ কৰা কাম–কাজবোৰ ৰাইজৰ সপক্ষে হৈছে নে নাই সেই দিশটোৰ ওপৰত চকু দিবলৈ, চৰকাৰখনে প্রণয়ন কৰা আইন আদি ৰাইজৰ ভালৰ কাৰণে হৈছে নে নাই আদি কথা চোৱাৰ বাবে বিৰোধী দলৰ সদস্য বিধানসভাত থকাটো উচিত৷ এই কামটো যথেষ্ট গুৰুত্বপূর্ণ কাম বাবে বিৰোধী দলৰ নেতাজনক বিশেষ মর্যাদা দিয়া হয়, আনকি তেওঁ কেবিনেট মন্ত্রীৰ সমপর্যায়ৰ কিছুমান বিশেষ অধিকাৰ ডপভোগ কৰে৷ কিন্তু আটাইতকৈ প্রয়োজনীয় কথা বিশেষ অধিকাৰ উপভোগ কৰাটো নহয়, তাত্ত্বিকসকলে ভবাৰ দৰে কাম কৰাটোহে৷
কিন্তু আমাৰ অসম কিম্বা ভাৰতত বিৰোধী পক্ষৰ ছবিখন তেনেকুৱা নহয়৷ সংসদত হুলস্থূল কৰা, শাসকীয় দলৰ লোকক কথা কোৱাত বাধা দিয়া, ৰাষ্ট্রপতি অথবা ৰাজ্যপালৰ ভাষণৰ সময়ত ভাষণ নুশুনাকৈয়ে প্রতিবাদ কৰি সভাকক্ষ ত্যাগ কৰা– সাংসদ আৰু বিধায়কসকলে এইখিনি কামকেই নিয়মীয়াভাৱে কৰি অহাহে জনসাধাৰণে দেখি আহিছে৷ গণতন্ত্রত বিৰোধী দলৰ প্রয়োজনৰ কথা আলোচনা কৰা তাত্ত্বিকসকলে এনেকুৱা কামৰ কথা কাহানিও কোৱা নাছিল৷ চৰকাৰক আধিপত্যবাদী হোৱাত বাধা দিবলৈ আৰু সেইমতে কাম কৰিবলৈ বিৰোধী দলবোৰে সাজু হৈ থাকিব লাগে বুলি কোৱা কথাই চৰকাৰখনে নীতি বিগর্হিত কাম কৰিব বুলি প্রথমেই ধাৰণা কৰি লোৱা কথাটো ৰাজনৈতিকদলবোৰৰ বাবে উপযুক্ত ধাৰণা নহয়৷ চৰকাৰখন আধিপত্যবাদী হ’বই বুলি ভবা কাৰণেহে বিৰোধী দলৰ প্রয়োজন হ’ল, চৰকাৰখন ভাল হ’ব বুলি ধৰিলেই বিৰোধী দলৰ প্রয়োজন নাই বুলিয়েই সিদ্ধান্ত কৰিবলগীয়া হ’ব৷ আৰু বিৰোধী দলৰ হ’লেই যে সদস্যজন ঋষি–মুনি হ’ব বা ‘আধিপত্যবাদী’ চৰকাৰৰ লগত মিলামিচা কৰি নিজৰ বাবে সুবিধা আদায় নকৰিব, সেই কথা কোনে ক’ব পাৰে৷ বিৰোধী দল মানেই যে সন্ত–মহন্তৰ দল, সেই অতিমাত্রা কল্পনাপূর্ণ ধাৰণা এতিয়া কিছুমান স্বপ্ণবিলাসী ৰাজনৈতিক ভাষ্যকাৰৰ বাহিৰে আন সকলোৱে নাকচ কৰি দিছে৷ স্বাধীনতা আন্দোলনৰ সময়ৰ দেশপ্রেমৰ দ্বাৰা পৰিচালিত ৰাজনীতি আজিৰ সময়ত অচল৷ আজিৰ ৰাজনীতি একধৰণৰ জীৱিকা আৰু ই পৰিচালিত হয় প্রধানতঃ কর্প’ৰেট পৰিচালনা পদ্ধতিৰে৷ বিধায়কৰ দল সলনি কামটো ভ্রাম্যমাণ থিয়েটাৰৰ অভিনেতাই দল সলোৱা বা কর্প’ৰেট বিষয়াই কোম্পানী সলোৱাৰ দৰে কথা৷ দক্ষ অভিনেতা বা বিষয়া এগৰাকীয়ে দল বা কোম্পানী সলালেই যে তেওঁ দক্ষতাহীন হৈ পৰিব বা ভালদৰে কাম নকৰিব, সেই কথা কোনেও মানি নলয়৷ বিশেষকৈ দল সলনি কৰাজনৰ দায়িত্ব অধিক হৈ পৰে৷ কাৰণ, এখন সম্পূর্ণ নতুন জগতত তেওঁ নিজকে প্রতিপন্ন কৰাৰ প্রত্যাহ্বান আহি পৰে৷ এটা কথা ঠিক যে ভোটদাতা ৰাইজৰ সমর্থন অবিহনে বিধায়ক বা সাংসদ এজনৰ ভৱিষ্যৎ অন্ধকাৰ৷ দল সলনি কৰা বিধায়ক এজনে যদি বিৰোধী দললৈ গৈও ভোটদাতা ৰাইজৰ সমর্থন লাভ কৰে, বুজিব লাগিব– ৰাইজে তেওঁক দক্ষ বুলি ভাবিয়েই নেতা নির্বাচন কৰিছে৷ এই কথা ৰাজনৈতিক দলসমূহে বুজি পাইছে, কিন্তু মানৱ সম্পদ পৰিচালনাৰ আধুনিক কথাবোৰ গ্রহণ কৰিব পৰা–নোৱাৰাৰ ভাব এটাহে প্রকট হৈ আছে৷