সম্প্রীতিৰ অপূর্ব নিদর্শনঃ বিশ্বনাথৰ ৰাসত নন্দ যশোদাৰ ৰূপত মুছলমান শিল্পী
নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ ৰাজ্যৰ চাৰিওদিশে কেৱল গৰুখুঁটি উচ্ছেদকেন্দ্রিক সাম্প্রদায়িক বিষবাষ্প৷ মুছলমানবিদ্বেষ আৰু ঘৃণাৰে ৰাজ্যৰ সামগ্রিক পৰিৱেশ উত্তালৰ কুটিল চক্রান্ত৷ কথাইপতি সাম্প্রদায়িকতাৰ ৰহণ চৰাবলৈ তৎপৰ প্রতিক্রিয়াশীল চক্রটোক প্রত্যাহ্বান জনাই এইবাৰ গণতন্ত্রৰ সুস্থ পৰম্পৰা ৰক্ষাৰে সমন্বয়ৰ যথার্থতা প্রতিপন্ন কৰিছে বিশ্বনাথৰ ৰাস মহোৎসৱে৷ ভগৱান শ্রীকৃষ্ণৰ ‘কামজয় কেলি’ ৰূপে চিহ্ণিত ৰাসলীলা কেৱল হিন্দু ধর্মাৱলম্বীৰ বাবেই সীমাবদ্ধ নহয়, বৰঞ্চ কৃষ্ণ সংস্কৃতিত যে ইছলামধর্মী অভিনেতা–ভিনেত্রীৰ বাবেও এখন উন্মুক্ত দ্বাৰ আছে, সেয়া কালি প্রত্যক্ষ হ’ল বিশ্বনাথৰ আঢ়্যৱন্ত সংস্কৃতিৰ আধাৰস্বৰূপ উত্তৰ চাৰিআলি সার্বজনীন ৰাস মহোৎসৱত৷
কিয়নো ৰাজ্যত চৰ–চাপৰিৰ উচ্ছেদৰ বিৰুদ্ধে পৰিকল্পিত সাম্প্রদায়িক বাতাৱৰণৰ মাজতে বিশ্বনাথৰ আমিৰ খান আৰু জোনমণি বেগন নামৰ দম্পতীয়ে উত্তৰ চাৰিআলি ৰাস মহোৎসৱৰ ‘নন্দোৎসৱ’ নাটিকাত নন্দৰজা আৰু যশোদাৰ ভাওত অৱতীর্ণ হৈছে৷ ইতিমধ্যে ৰাজ্যত সততে সাম্প্রদায়িক বাতাৱৰণ সৃষ্টি হোৱা বুলি অভিযোগ কৰাসকলৰ বাবে আমিৰ দম্পতীৰ এই অভিনয়ে প্রকৃতার্থত এই কথাই নির্ণয় কৰে যে অভিযোগ উঠিলেও অসমৰ একতাৰ এনাজৰীডাল দলিয়াই পেলোৱাটো সহজ নহয়৷
ইতিমধ্যে ৰসময় হৈ উঠা ৰাসৰ নন্দ–যশোদাৰ প্রাণস্পর্শী অভিনয় আৰু কোলাত শিশু শ্রীকৃষ্ণক তুলি লৈ আমিৰ–জোনমণিৰ নৃত্য–গীতৰ পৰিৱেশে কল্পিত ব্রজধামত আনন্দৰ জোৱাৰ তোলে৷ সাতামপুৰুষীয়া সম্প্রীতিৰ স্বাক্ষৰ বহন কৰি সাম্প্রদায়িক বিষবাষ্পৰ মাজতো আমিৰ–জোনমণিৰ দৰে উত্তৰ চাৰিআলি সার্বজনীন ৰাস সমিতিয়েও এনে অশ্রুতপূর্ব পদক্ষেপেৰে সাহসৰ পৰিচয় দিবলৈ সক্ষম হয়৷
ইতিমধ্যে নন্দ আৰু যশোদাৰ ভাৱত অৱতীর্ণ হৈ নিজকে সুখী বুলি মন্তব্য কৰিছে আমিৰ দম্পতীয়ে৷ পেছাত সাংবাদিক আমিৰে ধর্মীয় অসহিষ্ণুতাৰ মাজতো যে সাম্প্রদায়িক সদ্ভাৱ আৰু ভাতৃত্ববোধ অটুট আছে, সেয়া ৰাসৰ অভিনয় আৰু সমিতিৰ উদাৰতাই প্রতিপন্ন কৰিছে বুলি অভিহিত কৰিছে৷ কেৱল আমিৰেই নহয়, হামিদা খাতুল নামৰ শিল্পীগৰাকীৰ কৃষ্ণ বন্দনা, গুৰু বন্দনা অথবা অন্যান্য গীত এতিয়া জনপ্রিয়৷ ৰাসৰ অনুপম সংস্কৃতিৰে একাত্ম হোৱা এইসকল শিল্পীক নিজা সমাজেও উৎসাহিত কৰে বুলি হামিদা খাতুনে প্রকাশ কৰিছে৷
উল্লেখ্য যে হামিদা খাতুনৰ ৰাসৰ গীত উত্তৰ অসমত জনপ্রিয় আৰু প্রায় কুৰি বছৰ ধৰি এনে গীতৰ সাধনা কৰি আহিছে৷ আজিও এই ৰাস মহোৎসৱত মাণিক গোৱালা আদিৰ দৰে আদিবাসী যুৱকে অৱতীর্ণ হ’ব৷ সমন্বয় কেৱল চর্বিত–চর্বনৰ বিষয় নহয়, এয়া যে সম্প্রীতিৰ পূর্ণ নিদর্শন, সেয়া প্রতিফলিত হৈছে উত্তৰ চাৰিআলি ৰাস মহোৎসৱত৷ বিশ্বনাথৰ দৰে এখন নগৰৰ পৰা দেশপ্রাণ লক্ষ্মীধৰৰ ‘চিৰাজ’ৰ দৰে অনুপম গল্পৰ পটভূমিৰ যেন পুনৰ সৃষ্টি হৈছে একেখন ঠাইতে৷ সেয়া ইতিমধ্যে সমগ্র ৰাজ্যতে বিয়পি পৰিছে৷