নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ নৱেম্বৰত যোৰহাট–মাজুলী দলঙৰ পাইলিং

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ  ‘অহা ৩০ নৱেম্বৰত মই মাজুলীলৈ আহিম৷ সেই দিনা পুৱাই যোৰহাট–মাজুলী সংযোগী দলঙৰ প্রথমটো পাইলৰ কামৰ মাংগলিক অনুষ্ঠানত উপস্থিত থাকিম৷ যদিহে ক’ভিড বা কোনো প্রাকৃতিক কাৰণ নাথাকে, তেন্তে অহা চাৰি বছৰৰ ভিতৰত অর্থাৎ অহা ২০২৬ৰ নির্বাচনৰ পূর্বে মই যি ধৰণে ৰাইজক প্রতিশ্রুতি দিছিলোঁ, তেনেদৰে দলঙৰ নির্মাণ আমি সম্পূর্ণ কৰিম৷’ – শুকুৰবাৰে এছ অ’ পি ডি আঁচনিৰ অধীনত জলসম্পদ বিভাগে মাজুলীত ৰূপায়ণ কৰিবলগীয়া বিভিন্ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এনেদৰে কয়৷

দুদিনীয়া ভ্রমণসূচীৰে মাজুলীলৈ যোৱা মুখ্যমন্ত্রীয়ে কালি মাজুলীৰ বিভিন্ন সত্রৰ ৰাসোৎসৱৰ লগতে চৰকাৰী কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰি নিশাটো মাজুলীৰ বালি জকাইবোৱা মিচিং গাঁৱতে কটাই কালি পুৱাই বালি জকাইবোৱাতে জলসম্পদৰ বিভিন্ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰি কয়– মাজুলী জিলা চিকিৎসালয়খনক আমি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগী হাস্পতাল হিচাপে গঢ়ি তুলি চিকিৎসালয়খনত জি এন এম নার্ছিং স্কুল স্থাপন কৰাৰ প্রচেষ্টা গ্রহণ কৰিম৷ ইফালে নিমাতী ফেৰী দুর্ঘটনাত সর্বস্ব হেৰুৱাব লগা হোৱা যাত্রীসকলে আজি পর্যন্ত কোনো ক্ষতিপূৰণ নোপোৱা সন্দর্ভত মুখ্যমন্ত্রীয়ে পর্যায়ক্রমে তেওঁলোককো ক্ষতিপূৰণ দিয়াৰ কথা চিন্তা কৰি থকা হৈছে বুলি কয়৷ মুখ্যমন্ত্রীয়ে মাজুলীৰ গৰাখহনীয়া, স্বাস্থ্য আৰু যাতায়াতৰ সমস্যা সমাধানৰ বাবে বদ্ধপৰিকৰ বুলি উল্লেখ কৰে৷ আজি প্রায় ৩০ কোটি টকাৰ এছ অ’ পি ডি আঁচনিৰ অধীনত জলসম্পদ বিভাগে গ্রহণ কৰা মূলতঃ খহনীয়া ৰোধৰ আঁচনিসমূহে নদীদ্বীপটোক বান আৰু খহনীয়া ৰোধেৰে জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰি তুলিব বুলি তেওঁ কয়৷ আজি মুখ্যমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰা জলসম্পদ বিভাগৰ আঁচনিসমূহ ক্রমে মিছামৰা অঞ্চলৰ সোৱণশিৰি নৈৰ বাঁওপাৰৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে ১০ কোটি টকা, বালি জকাইবোৱাত খেৰকটীয়া নৈৰ বাঁওপাৰৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে ২ কোটি ৬০ লাখ, লুইতঘাট অঞ্চলৰ খেৰকটীয়া নৈৰ বাঁওপাৰৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে ২ কোটি ৩০ লাখ, এছ ডি আৰ এফ আঁচনিৰ পৰা জেংৰাইমুখ–পকাজৰা থকা খেৰকটীয়া নৈৰ বাঁওপাৰৰ মথাউৰিৰ ২২শ মিটাৰ সবলীকৰণৰ বাবে ২ কোটি ৫০ লাখ, ব্রহ্মপুত্রৰ মথাউৰি বনগাঁৱত ৩,৫০০ মিটাৰ সবলীকৰণৰ বাবে ২ কোটি ৫০ লাখ, ব্রহ্মপুত্রৰ মথাউৰি জাৱৰচুকত থকা চেকবান্ধৰ মেৰামতিৰ বাবে ২ কোটি ২০ লাখ, দক্ষিণ আঁহতগুৰি অঞ্চলত নমাটিৰ গৰাখহনীয়া নিয়ন্ত্রণত ৩ কোটি ৯৯ লাখ, ব্রহ্মপুত্রৰ মথাউৰি কেংমিলি অঞ্চলত জি বেগ ১ কোটি ৬৫ লাখ, মলয়া চাপৰি অঞ্চলৰ সোৱণশিৰি নৈৰ গৰাখহনীয়া নিয়ন্ত্রণৰ বাবে ৮৮ লাখ, ব্রহ্মপুত্র মথাউৰি চেনিমৰাজান শ্লুইটছ গেটৰ আগমন–নির্গমনৰ নলী নিষ্কাশনৰ বাবে ৬৭ লাখ৷ এই লৈ মুঠ ৩০ কোটি টকাৰ জলসম্পদৰ আঁচনি মুখ্যমন্ত্রীয়ে আজি শুভাৰম্ভ কৰে৷ পৰৱর্তী সময়ত মাজুলীৰ বাবে আৰু ৩০ কোটিৰ সুৰক্ষা আঁচনিৰ মঞ্জুৰি দিয়াৰ কথা মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷

আনহাতে, ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে নামনি জকাইবোৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ সৌৰ পাইপযুক্ত পানী যোগান আঁচনিখন পৰিদর্শন কৰি আঁচনিখনৰ বুজ লয়৷ পাইপযোগে উন্নতমানৰ পানী যোগানেৰে এটা বৃহৎ এলেকাত বসবাস কৰি থকা বহু পৰিয়ালক আঁচনিখনে নিশ্চিতভাৱে উপকৃত কৰিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্রীৰ লগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, সাংসদ প্রদান বৰুৱা, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, মাজুলীৰ উপায়ুক্ত পুলক মহন্ত উপস্থিত থাকে৷

You might also like