অসম আৰক্ষীৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে এক দীঘলীয়া আলোচনাত অংশগ্ৰহণ কৰে। অসম আৰক্ষীক অধিক দক্ষ তথা স্মাৰ্ট আৰক্ষী বাহিনীলৈ বিকশিত কৰাৰ মূল উদ্দেশ্যৰে এই বৈঠকৰ আয়োজন কৰা হয়।
আৰক্ষী বাহিনীৰ আধুনিকীকৰণ, ক্ষিপ্ৰ কেছ নিষ্পত্তি, সমীচীন ৰাজহুৱা সেৱা প্ৰদান, দক্ষ চোৰাংচোৱা ব্যৱস্থা আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় এই কাৰ্যসূচীৰ জৰিয়তে পর্যায়ক্রমে আলোচনাৰ মাজেৰে সামৰি লোৱা হয়। অনুষ্ঠানটোত মুখ্যমন্ত্রীয়ে চাইবাৰ সুৰক্ষা বিষয়ক এখন হাতপুথিও উন্মোচন কৰে।