নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্লাছগ’ জলবায়ু সন্ধি

আধুনিক বিশ্ব মানৱৰ বাবে সবাতোকৈ প্রত্যাহ্বানমূলক সমস্যা হিচাপে থিয় দিছে জলবায়ু পৰিৱর্তন৷ প্রকৃতিগত বৈশিষ্ট্যক লৈ মানৱসৃষ্ট কাৰকৰ বাবে ক্ষণে ক্ষণে আমি বাস কৰা গ্রহটোৰ পাৰিপার্শ্বিকতালৈ ভাবুকি আহি পৰিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা বৃদ্ধি হৈ আছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতেই জলবায়ু পৰিৱর্তন হৈ থকাৰ পৰিপ্রেক্ষিতত উষ্ণতা বৃদ্ধিৰ কাৰকসমূহ চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ এই কাৰকসমূহৰ ভিতৰত অধিকাংশই মানৱসৃষ্ট৷ পৃথিৱীলৈ নামি অহা জলবায়ু পৰিৱর্তনৰ শংকিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়ে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে জলবায়ু অভিৱর্তনৰ আয়োজন কৰি আহিছে৷ চলিত বর্ষত স্কটলেণ্ডৰ গ্লাছগ’ত ৰাষ্ট্রসংঘৰ ক’প ২৬ জলবায়ু সন্মিলন অনুষ্ঠিত কৰা হৈছে৷ ইতিমধ্যে বিশ্বৰ প্রায় ২০০ দেশে অংশগ্রহণ কৰা ক’প ২৬ জলবায়ু সন্মিলনৰ সামৰণিও পৰিল৷ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা ক’প ২৬ সন্মিলনত বিশ্বৰ দেশসমূহে কি কি পদক্ষেপ গ্রহণ কৰিলে, তাক লৈ চর্চা আৰম্ভ হৈছে৷ গ্লাছগ’ৰ ক’প ২৬ জলবায়ু সন্মিলনৰ সফলতা আৰু বিফলতাক লৈও বিশ্লেষণ আৰম্ভ হৈছে৷ সম্প্রতি চর্চা মতে, গ্লাছগ’ৰ ক’প ২৬ সন্মিলনত সম্পন্ন হোৱা গ্লাছগ’ জলবায়ু সন্ধি চমুকৈ জিচিপি ইতিবাচক হৈছে৷ মন কৰিবলগীয়া যে ৰাষ্ট্রসংঘৰ পেৰিছ জলবায়ু চুক্তি প্রহসনত পৰিণত হোৱা বাবেই গ্লাছগ’ৰ ক’প ২৬ৰ ফলাফলক লৈ বিশ্বৰ প্রকৃতিপ্রেমী–পৰিৱেশ্ মাজত ব্যাপক চর্চা চলিছে৷ গ্লাছগ’ জলবায়ু সন্ধি অনুসৰি প্রথমবাৰৰ বাবে ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলনত জীৱাশ্ম ইন্ধনক গোলকীয় উষ্ণতাৰ মূল চালক হিচাপে চিহ্ণিত কৰিছে৷ অকল চিহ্ণিত কৰাই নহয়, গ্লাছগ’ জলবায়ু সন্ধিত বিশ্বজুৰি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কর্তন কৰাৰ প্রতিজ্ঞা সম্পন্ন হৈছে৷ প্রধানতঃ কয়লাৰ ব্যৱহাৰ হ্রাস কৰাৰ বাবেই গ্লাছগ’ জলবায়ু সন্ধিত বিশ্বৰ প্রায় ২০০খন দেশে প্রতিজ্ঞাত স্বাক্ষৰ কৰে৷ ৰাষ্ট্রসংঘৰ পেৰিছ জলবায়ু চুক্তিক কার্যকৰীকৰণৰ প্রতিবন্ধক হিচাপে থিয় দিয়া আমেৰিকা যুক্তৰাষ্ট্রয়ো গ্লাছগ’ৰ ক’প ২৬ৰ কয়লা ব্যৱহাৰ কর্তনৰ প্রতিজ্ঞাত স্বাক্ষৰ কৰিছে৷
গুৰুত্বপূর্ণ যে কয়লাৰ ব্যৱহাৰ কর্তন কিংবা হ্রাস কৰাৰ বাবে গ্লাছগ’ জলবায়ু সন্ধিৰ প্রতিজ্ঞাত প্রাৰম্ভিক সময়ত কয়লা–নির্ভৰশীল কেইবাখনো দেশ, বিশেষকৈ চীন আৰু ভাৰতে আপত্তি দর্শাইছিল যদিও পিছলৈ সেয়া মানি ল’বলৈ বাধ্য হয় আৰু কার্যতঃ গ্লাছগ’ত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রধান চালক জীৱাশ্ম ইন্ধন, বিশেষকৈ কয়লাৰ ব্যৱহাৰ কর্তনৰ সন্ধিত বিশ্বৰ দেশ ঐক্যবদ্ধ হৈ প্রতিজ্ঞাত স্বাক্ষৰ কৰে৷ গ্লাছগ’ৰ সন্মিলনত পেৰিছ জলবায়ু চুক্তিৰ গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছতকৈ বৃদ্ধি হ’বলৈ নিদিয়া কিংবা ১.৫ ডিগ্রী চেলছিয়াছত নিয়ন্ত্রণ কৰি ৰখা সিদ্ধান্তটো সর্বসন্মতিক্রমে মানি লোৱা হয়৷ কয়লা–নির্ভৰশীল দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰক কয়লাৰ ব্যৱহাৰ হ্রাস কৰাৰ প্রতিজ্ঞাত স্বাক্ষৰ কৰাটো বিশ্বৰ বাবে এক ইতিবাচক খবৰ৷ কয়লা হ্রাসৰ উপৰি গ্লাছগ’ত বনাঞ্চল ধ্বংস ৰোধ আৰু ধ্বংস হোৱা বনাঞ্চল পুনৰুজ্জীৱিত কৰাৰ প্রতিজ্ঞাও স্বাক্ষৰিত হয়৷ অৱশ্যে এই প্রতিজ্ঞাত ভাৰতকে ধৰি কেইবাখনো দেশে স্বাক্ষৰ নকৰাত প্রতিক্রিয়াৰ সৃষ্টি হয়৷ বিশ্বজুৰি এই প্রতিজ্ঞাৰ মাজতে ভাৰতে অৱশ্যে শূন্য কার্বনযুক্ত বিদ্যুৎ উৎপাদনকে ধৰি সেউজ গৃহ গেছ নির্গমন প্রক্রিয়া নিয়ন্ত্রণ কৰাৰ প্রতিশ্রুতি প্রদান কৰিছে৷ পেৰিছৰ পিছত গ্লাছগ’ত জলবায়ু সন্ধিত বিশ্বৰ প্রায়বোৰ দেশেই ঐক্যবদ্ধভাৱে জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে যি প্রতিজ্ঞাত স্বাক্ষৰ কৰিছে, সেয়া ইতিবাচক৷ কিন্তু বিশ্বৰ বাবে ই অধিক ইতিবাচক হ’ব, যেতিয়া গ্লাছগ’ৰ জলবায়ু চুক্তিৰ বিভিন্ন পৰিকল্পনা আৰু প্রতিজ্ঞাসমূহ সঠিকভাৱে ৰূপায়ণ কৰিব পৰা যায়৷ গ্লাছগ’ৰ জলবায়ু সন্ধি সঠিক নীতি, বিনিয়োগ আৰু প্রযুক্তিৰ ব্যৱহাৰৰ জৰিয়তেহে ৰূপায়ণ কৰিব পৰা যাব৷ অন্যথা ই পেৰিছ চুক্তিৰ দৰেই প্রহসনত পৰিণত হোৱাৰ সম্ভাৱনাই অধিক৷ মন কৰিবলগীয়া যে কয়লাৰ ব্যৱহাৰ কর্তন হ্রাস কৰাৰ বাবে উন্নত দেশসমূহে উন্নয়নশীল দেশৰ লগতে বিশ্বৰ দৰিদ্র দেশসমূহক আগবঢ়াবলগীয়া বিত্তীয় অনুদান দিবলৈ প্রস্তুত হ’ব লাগিব৷ উন্নত দেশসমূহে যদি নিজৰ স্বার্থক প্রাধান্য নিদি বিশ্বৰ পৰিৱেশৰ ওপৰত অধিক গুৰুত্ব দিয়ে, তেতিয়াহে জলবায়ু সন্ধিখন সফল হ’ব আৰু পৃথিৱীৰ প্রতি অহা জলবায়ু পৰিৱর্তনৰ ভাবুকিৰ মোকাবিলা কৰিব পাৰিব৷

You might also like