নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰে মিত্রতা মানে আপোচ নহয় ৰাজনৈতিক কৌশলহে

কৃষি–সম চুক্তি ৰূপায়ণ মন্ত্রী অগপৰ সভাপতি

সদ্যসমাপ্ত বিধানসভা উপ–নির্বাচনৰ পিছৰে পৰা ৰাজ্যৰ ৰাজনীতিত যথেষ্ট উত্থান–পতন ঘটিছে৷ উপ–নির্বাচনক লৈ আকৌ এবাৰ ৰাজনৈতিক দলসমূহে সাংগঠনিকভাৱে নিজকে শক্তিশালী কৰাৰ চেষ্টা চলালে৷ ইয়াৰ বিপৰীতে কিন্তু অগপ আছিল সম্পূর্ণ নীৰৱ৷ দলৰ কোনো তৎপৰতা নাছিল৷ উপ–নির্বাচনৰ পৰা অগপ কিয় আঁতৰি থাকিল?
ৰাষ্ট্রীয় দল বিজেপিৰ সৈতে ২০১৬ চনৰ বিধানসভা নির্বাচনৰ পূর্বে আমি মিত্রতাত আবদ্ধ হৈছিলোঁ৷ একেই ধৰণে ২০২১তো আমি মিত্রতাৰে নির্বাচনত অৱতীর্ণ হৈছিলোঁ৷ যিহেতু আমি মিত্রতাত আছোঁ, সেয়েহে কিছু এৰাধৰা কৰিব লাগে৷ এয়া অস্বাভাৱিক নহয়৷ অগপই বিভিন্ন দিশত দলীয় মঞ্চত মিত্রতা আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহ বিস্তৃতভাৱে আলোচনা কৰিছে আৰু সেই আলোচনাৰ পিছতেই আমি উপ–নির্বাচনত মিত্রদল বিজেপি আৰু ইউপিপিএলক সহায় কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ বিগত ২০২১ চনৰ বিধানসভা নির্বাচনত অগপ ৯খন আসনত জয়যুক্ত হৈছিল৷ বর্তমান আমি চৰকাৰৰ অংশীদাৰ৷ শেহতীয়াকৈ যি উপ–নির্বাচন হ’ল, তাত অগপই অংশগ্রহণ নকৰাৰ কাৰণ এইটো নহয় যে অগপ সাংগঠনিকভাৱে শক্তিশালী তথা সাজু নহয়৷ যিকেইটা সমষ্টিত উপ–নির্বাচন হ’ল, সেই সমষ্টিকেইটাত অগপৰ সাংগঠনিক ভেটি টনকিয়াল৷ যাৰ বাবেই মিত্রদল বিজেপিয়ে বিশাল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ ভৱানীপুৰ, থাওৰা আৰু মৰিয়নিত অগপ স্তিমিত হৈ যোৱা নাই৷ কিন্তু আমি মিত্রজোঁটত আছোঁ আৰু মিত্রতাৰ ধর্ম পালন কৰি আমি বিজেপিক সহায় কৰিছোঁ৷ মিত্রতা মানে আপোচ নহয়৷ মিত্রতাই এইটো নুবুজায় যে আমি চিৰদিনৰ বাবে সমষ্টিসমূহ এৰি দিছোঁ৷ এয়া ৰাজনৈতিক কৌশল৷ আমাৰ মূল লক্ষ্য আছিল কংগ্রেছ–এআইইউডিএফক্ ক্ষমতাৰ পৰা আঁতৰাই ৰখা৷ সেই লক্ষ্যৰে বিজেপিয়ে এৰাধৰা কৰিছে, আমিও এৰাধৰা কৰিছোঁ৷ মৰিয়নি, থাওৰা আৰু ভৱানীপুৰত নির্বাচিত বিধায়ককেইজনে বিজেপিত যোগদান কৰা হেতুকে সেই সমষ্টিসমূহত বিজেপিয়ে প্রার্থিত্ব দিছে৷ আনহাতে, গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টি দুটাত আমি প্রতিদ্বন্দ্বিতা কৰাৰ কোনো প্রশ্ণই নাহে৷ এই সমষ্টি দুটা পূর্বেই আমি ইউপিপিএলক এৰি দিছোঁ৷ মিত্রতাৰ সেই অংকটোত গোসাঁইগাঁও আৰু তামুলপুৰত ইউপিপিএলে প্রতিদ্বন্দ্বিতা কৰিছে৷ আনহাতে, আপুনি উল্লেখ কৰাৰ দৰে উপ–নির্বাচনক লৈ অন্য ৰাজনৈতিক দলসমূহে যি সাংগঠনিক দিশত তৎপৰতা চলালে, সেই তৎপৰতা অগপতো চলিছিল আৰু চলি আছে৷ আঞ্চলিক দল হিচাপে অগপই নির্দিষ্ট কিছু কার্যপন্থাৰ জৰিয়তে, আমাৰ সাংগঠনিক শক্তিশালী স্থিতিৰে সমষ্টিসমূহত দলীয় কর্মীক লৈ আমি বিভিন্ন কাম–কাজ কৰি আছোঁ৷ দলীয় সতীর্থসকলক সংঘবদ্ধ কৰা আৰু মানসিকভাৱে শক্তিশালী কৰাৰ দিশত অগপই কাম–কাজ কৰি আছে৷ উপ–নির্বাচনৰ সময়তো আমি উজনি অসম আৰু নামনি অসমত কেইবাটাও সমষ্টিত সাংগঠনিক কাম–কাজ কৰিছোঁ৷ আমাৰ দলীয় নেতা–বিধায়কসকলে নিজ নিজ সমষ্টিত আজিৰ তাৰিখতো দলীয় কর্মীক লৈ দলৰ বাবে কাম–কাজ চলাই আছে৷ দৰাচলতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চলি থকা এই চৰকাৰখনে যোৱা ছমাহত দেখুওৱা বিভিন্ন উন্নয়নমূলক কাম–কাজত ৰাজ্যবাসী আশ্বস্ত হৈছে৷ এনে উন্নয়নমূলক কাম–কাজৰ বাবে ৰাজ্যবাসীয়ে উপ–নির্বাচনত মিত্রদলক পূর্ণ সমর্থন দিছে৷ ইয়াৰ অর্থ হ’ল যে বিজেপি, অগপ আৰু ইউপিপিএল– এই মিত্রজোঁটক অসমৰ ৰাইজে আঁকোৱালি লৈছে আৰু সহযোগিতা কৰিছে৷ বিভিন্ন সময়ত দলত এৰাধৰাৰ কথা তথা মিত্রদলৰ সৈতে বুজাবুজিৰ বিভিন্ন দিশ সন্দর্ভত অগপই মুখ্যমন্ত্রী, ৰাজ্যিক বিজেপিৰ সৈতে আলোচনাত বহি সিদ্ধান্ত লৈছোঁ৷ মিত্রতাৰ ধর্ম আৰু নিষ্ঠাৰে পালন কৰিছোঁ আৰু আমি আশা কৰোঁ বিজেপিয়ে মিত্রতাৰ ধর্ম পালন কৰি আগন্তুক সময়ত অগপৰ দাবীক সন্মান জনাব৷
 আপুনি মিত্রতাৰ ধর্মৰ কথা উল্লেখ কৰিছে৷ ২০২১ চনৰ নির্বাচনত মিত্রজোঁটৰ অংশ হিচাপে ভৱানীপুৰত অগপই প্রতিদ্বন্দ্বিতা কৰিছিল৷ যথেষ্ট শক্তিশালী প্রতিদ্বন্দ্বিতা আগবঢ়ায় আঞ্চলিক দলটোৱে৷ ভৱানীপুৰৰ লগত অগপৰ আৱেগো জড়িত হৈ আছে৷ তেনেস্থলত উপ–নির্বাচনত সমষ্টিটোত অগপইহে প্রতিদ্বন্দ্বিতা কৰিব লাগিছিল, কিন্তু বিজেপিক এৰি দিলে কিয়? অগপৰ সাংগঠনিক দিশত বিৰূপ প্রভাৱ নপৰিবনে?
সমষ্টি এৰি দিয়া বুলি তেনে কোনো কথা নাই৷ আপুনি লক্ষ্য কৰিব– ভৱানীপুৰ সমষ্টিত এতিয়াও অগপ যথেষ্ট শক্তিশালী৷ সাংগঠনিকভাৱে আমি যথেষ্ট ওপৰত৷ দলীয় কর্মীৰ সৈতে আমাৰ যথেষ্ট ভাল বুজাবুজি আছে৷ বিগত বিধানসভা নির্বাচনত অগপৰ প্রার্থী যথেষ্ট কম ভোটত পৰাজিত হৈছিল৷ সেই স্থিতিত এতিয়াও শক্তিশালী হৈ আছে৷ কিন্তু কথা হ’ল, ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰ জয়যুক্ত হৈছিল আৰু তেওঁ বিজেপিত যোগদান কৰিলে৷ এগৰাকী বিধায়ক হিচাপে পুনৰ তেওঁ সমষ্টিটোত প্রার্থিত্ব পাব লাগে৷ সেই হিচাপে বিজেপিয়ে তেওঁক প্রার্থিত্ব দিছে৷ মিত্রতাত থকা বাবে আমি সমষ্টিটোত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা নাই৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে আগন্তুক সময়ছোৱাতো আমি প্রার্থিত্ব আগ নবঢ়াম৷ আমাৰ হাতৰ পৰা সমষ্টিটো ওলাই গ’ল বুলি তেনে কোনো কথা নাই৷ নির্বাচনৰ সময়ত কিছু ৰণকৌশল সালসলনি হয়৷ আমি আগতেই কৈছোঁ যে কংগ্রেছ–এআইইউডিএফক্ পৰাজিত কৰাৰ লক্ষ্যৰে অগপই বিজেপিৰ সৈতে মিত্রতাত আবদ্ধ হৈ আছে৷ সেই লক্ষ্যত উপনীত হ’বলৈ কিছু এৰাধৰা আগলৈ হ’ব পাৰে৷ একমাত্র অগপই ত্যাগ কৰা নাই বা নকৰে৷ বিজেপিয়েও মিত্রতা আৰু বিৰোধীক প্রতিৰোধ কৰাৰ স্বার্থত এৰাধৰা কৰিছে আৰু ভৱিষ্যতেও কৰিব৷ সেয়া আমাৰ বিশ্বাস৷ দলীয় সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে সভাপতি হিচাপে মই আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই প্রতিটো সমষ্টিতে দলীয় কর্মীৰ সৈতে আলোচনা কৰিছোঁ, তেওঁলোকৰ মনৰ কথাৰ বুজ লৈছোঁ৷ তেনেদৰে আমি দলক তৃণমূল পর্যায়ত শক্তিশালী কৰাৰ প্রক্রিয়া অব্যাহত ৰাখিছোঁ৷ ভৱানীপুৰৰ লগত নিশ্চিতভাৱে অগপৰ আৱেগ জড়িত হৈ আছে৷ ভৱানীপুৰবাসীয়ে মনে–প্রাণে এতিয়াও অগপক সমর্থন জনায়৷ গতিকে বিজেপি প্রার্থীগৰাকীৰ জয়ৰ আঁৰত অগপৰ শক্তিশালী ভূমিকা আছে৷
বিগত নির্বাচনত কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বাবে নামনি অসমত অগপই জয়লাভ কৰিব লগা কেইবাখনো আসন হেৰুৱালে৷ বর্তমান মিত্রজোঁটৰ সংগী হোৱাৰ বাবে নামনিত সংখ্যালঘু ভোটাৰে অগপক বহু সমষ্টিত নস্যাৎ কৰিছে৷ ২০২৬ চনৰ নির্বাচনত এই ৰাজনৈতিক পৰিৱেশে অগপক ক্ষতি নকৰিবনে?
চাওক, আমাৰ মূল শত্রু হৈছে কংগ্রেছ আৰু এআইইউডিএফ৷ মই পূর্বে উল্লেখ কৰিছোঁ যে কংগ্রেছ–এআইইউডিএফক্ প্রতিৰোধ কৰাৰ স্বার্থত আমি বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ সংগী হৈছোঁ৷ প্রতিটো নির্বাচনেই এক বেলেগ ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰে৷ কংগ্রেছ–এআইইউডিএফে মিত্রতাৰে সংখ্যালঘু ভোটাৰক কিছু পৰিমাণে আকৃষ্ট কৰিছিল যদিও সেই পৰিৱেশ এতিয়া সলনি হ’ল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে যোৱা সময়ছোৱাত দেখুওৱা উন্নয়নমূলক কাম–কাজৰ ফলত এতিয়া সংখ্যালঘু ভোটাৰ কংগ্রেছ বা এআইইউডিএফৰ পক্ষত নাই৷ নির্দিষ্ট কেইটামান সমষ্টিত ধর্মীয় মেৰুকৰণৰ বাবে একাংশ সংখ্যালঘু ভোটাৰে হয়তো এআইইউডিএফৰ ওচৰত থাকিব পাৰে৷ ২০২১ চনৰ নির্বাচনত এআইইউডিএফৰ সংগী হৈহে কংগ্রেছে নামনি অসমৰ কিছু সমষ্টিত জয়লাভ কৰিছে৷ একেদৰে এআইইউডিএফেও এনে মিত্রতাৰ জৰিয়তে সমষ্টি ধৰি ৰাখিব পাৰিছে৷ আপুনি কোৱাৰ দৰে ২০২৬ চনৰ বিধানসভা নির্বাচনত এই ৰাজনৈতিক পৰিৱেশ নাথাকিবও পাৰে৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই যে উভয় দলকে ক্ষতি কৰিছে, সেয়াও দল দুটাৰ মাজত হোৱা মিত্রতা ভংগই স্পষ্ট কৰিছে৷ গতিকে মিত্রতা নাথাকিলে অগপই পুনৰ নামনি অসমৰ সংখ্যালঘু ভোটাৰৰ ওচৰ চাপিবলৈ সক্ষম হ’ব৷ আমাৰ সাংগঠনিক কাম–কাজ নামনি অসমত অব্যাহত আছে৷ অগপই ১৯৮৫ চনৰ পৰা ২০২১ চনলৈ নামনি অসমৰ লগতে মধ্য অসমতো বহুকেইটা সংখ্যালঘু অধ্যুষিত সমষ্টি দখললৈ আনিবলৈ সক্ষম হৈছে৷ কিন্তু এতিয়া ৰাজনৈতিক পৰিৱেশ সলনি হৈছে৷ সংখ্যালঘু ৰাইজে চৰকাৰৰ উন্নয়নৰ সংগী হ’ব বিচাৰিছে৷ তেওঁলোকে বুজি পাইছে যে কংগ্রেছ–এআইইউডিএফে ভোটবেংকৰ স্বার্থত তেওঁলোকক ব্যৱহাৰ কৰি আহিছে৷ এই পৰিক্রমাৰ পৰা সংখ্যালঘু ৰাইজ আঁতৰি আহিছে আৰু ২০২৬ চনৰ নির্বাচনত ইয়াৰ এখন ছবি আমি নিশ্চিতভাৱে দেখিবলৈ পাম৷ অগপই এনে ৰাজনৈতিক পৰিৱেশ গঢ়িবলৈও সক্ষম হ’ব বুলি আমি নিশ্চিত৷
সাংগঠনিকভাৱে অগপ এতিয়া কিমান শক্তিশালী? উজনি অসমক বাদ দিলে উত্তৰ অসম, মধ্য অসম আৰু নামনি অসমত অগপৰ এতিয়া শক্তিশালী সাংগঠনিক ভেটি নাই৷ আঞ্চলিক দলটো পূর্বৰ দৰে ৰাইজৰ ওচৰলৈ যাবলৈ সক্ষম হ’বনে? কেনেধৰণে সাংগঠনিক কার্যব্যৱস্থা হাতত লৈছে আপোনালোকে?
সাংগঠনিক দিশত আমি যথেষ্ট কাম কৰি আহিছোঁ৷ আপোনাক মই জনাওঁ যে বিভিন্ন নির্বাচনত অগপৰ দখললৈ অহা ৮৫টা সমষ্টিত এতিয়াও অগপৰ শক্তিশালী ভেটি আছে আৰু আমি সেই সাংগঠনিক ভেটি লৈয়ে কাম কৰি আছোঁ৷ আপুনি লক্ষ্য কৰিব– ২০১৪ চনত লোকসভা নির্বাচনৰ পূর্বে বহু বিধানসভা সমষ্টিত আমি জয়লাভ কৰিব পৰা নাছিলোঁ৷ কিন্তু ২০১৪ চনৰ পিছত আমাৰ সাংগঠনিক দিশ অধিক শক্তিশালী হ’ল৷ সঠিক সময়ত আমি সঠিক সিদ্ধান্ত লোৱা বাবে উজনিত আমাৰ ভেটি যথেষ্ট মজবুত হৈছে৷ দলটোক এটা গতি দিয়াৰ বাবে আমি ইতিমধ্যে দুৱাৰ খুলি ৰাখিছোঁ৷ বহু যুৱ নেতা তথা নতুন প্রজন্মৰ নেতাৰ আমাৰ দললৈ আগমন ঘটিছে৷ ২০১৯ চনত আমি ছাত্র পৰিষদৰ জন্ম দিলোঁ৷ এই ছাত্র পৰিষদে এতিয়া শক্তিশালীভাৱে সাংগঠনিক কাম–কাজত ব্রতী হৈ আছে৷ ৰাজ্যৰ বহু মহাবিদ্যালয়–বিশ্বব্ নির্বাচনত ছাত্র পৰিষদৰ নেতৃত্বত প্রার্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ দৰাচলতে অগপক দুর্বল কৰিবলৈ জন্মলগ্ণৰে পৰা কেইবাটাও চক্রই চেষ্টা চলাই আছে৷ শেহতীয়াকৈ অসমৰ শক্তিশালী আঞ্চলিক দলটোক থানবান কৰাৰ দৰে কংগ্রেছৰ ঔৰসত জন্ম হৈছে আন কেইবাটাও আঞ্চলিক দলৰ৷ কিন্তু এনে আঞ্চলিক দলক ৰাইজে নস্যাৎ কৰিছে৷ অগপৰ যি ভুল–ত্রুটি আছিল, তাক শুধৰোৱা হৈছে৷ কিন্তু এতিয়াও আমাক একাংশই ভুল সমালোচনাৰে দুর্বল কৰাৰ চেষ্টা চলাই আছে৷ উত্তৰ আৰু নামনি অসমত আমি নিজকে শক্তিশালী কৰাৰ বাবে পুৰণি কর্মীক ঐক্যবদ্ধ কৰিছোঁ আৰু নতুন সদস্যক দললৈ আদৰি আনিছোঁ৷ ন–পুৰণিৰ সন্মিলিত প্রচেষ্টাতে আগন্তুক সময়ছোৱাত দল শক্তিশালী হ’ব৷ আমি ভুকুতে কলটো পকাব বিচৰা নাই৷ বিগত সময়ছোৱাৰ ৰাজনৈতিক পৰিৱেশে আমাক যথেষ্ট শিক্ষা দিছে৷ প্রগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু আমি সফল হ’ম৷
অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব আপোনাক অর্পণ কৰা হৈছে৷ কেনেদৰে আগবাঢ়িছে চুক্তি ৰূপায়ণ প্রক্রিয়া৷ অসমবাসীক আশ্বস্ত কৰিব পাৰিবনে?
নিশ্চিতভাৱে অসমবাসী ৰাইজক আশ্বস্ত কৰিব পৰাকৈ আমি কার্যব্যৱস্থা হাতত লৈ আছোঁ৷ অসম চুক্তিয়ে ৩৭ বছৰ অতিক্রম কৰিলে৷ চুক্তিৰ পিছতেই সদৌ অসম ছাত্র সন্থা (আছু)ৰ নেতৃত্ব লাভ কৰিছিলোঁ, সেই সময়ছোৱাতো মই নিজে চুক্তি ৰূপায়ণৰ ক্ষেত্রত সকলো ধৰণৰ চেষ্টা চলাইছিলোঁ৷ পৃথকে পৃথকে বহুকেইখন বৈঠক অনুষ্ঠিত কৰাৰ লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে আছুৰ নেতৃত্ব বহন কৰি চুক্তি ৰূপায়ণৰ আলোচনা কৰিছিলোঁ৷ কেন্দ্রলৈ অহা প্রতিখন চৰকাৰৰ লগত অসম চুক্তি ৰূপায়ণৰ বাবে কৰা আলোচনাৰে আমি অভিজ্ঞতাপুষ্ট৷ কিন্তু বিভিন্ন ৰাজনৈতিক কাৰণত এই চুক্তিৰ বহু দফা ৰূপায়ণ নহ’ল৷ কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত যথেষ্ট ৰাজনৈতিক সদিচ্ছা দেখুৱাইছে৷ এই ৰাজনৈতিক সদিচ্ছাক লৈয়ে মুখ্যমন্ত্রীয়ে মোক দায়িত্ব অর্পণ কৰিছে৷ ইতিমধ্যে চুক্তি ৰূপায়ণক লৈ এখন শক্তিশালী কমিটী গঠন কৰা হৈছে৷ এই কমিটীত মন্ত্রী অজন্তা নেওগ, পীয়ূষ হাজৰিকাও আছে৷ শেহতীয়াকৈ আছুৰ নেতৃত্বৰ সৈতে অনুষ্ঠিত দ্বিতীয়খন বৈঠকত আমি চুক্তিৰ প্রতিটো দফা ৰূপায়ণৰ ক্ষেত্রত সহমত পোষণ কৰাৰ লগতে কেইবাটাও জটিল বিষয়ৰ ক্ষেত্রত ঐকমত্যত উপনীত হৈছোঁ৷ বিশেষকৈ এনআৰচিৰ পুনৰীক্ষণৰ ক্ষেত্রত আছু আৰু ৰাজ্য চৰকাৰে ঐকমত্য পোষণ কৰিছে৷ এইক্ষেত্রত আগন্তুক সময়ত চৰকাৰে প্রয়োজনীয় পদক্ষেপ ল’ব৷ তিনি মাহৰ ভিতৰত আমি এই আলোচনা সন্দর্ভত এক প্রতিবেদন দাখিল কৰিম৷ নিশ্চিতভাৱে কিছু সমস্যা থাকিব পাৰে যদিও কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনাৰ মাজেৰে এই বিষয়টো আগবঢ়াই নিব লাগিব৷ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ কর্মসংস্থাপনৰ বাবে ইতিমধ্যে পদক্ষেপ লোৱা হৈছে৷ চৰকাৰে শ্বহীদৰ স্মৃতিত স্মাৰক উদ্যানৰ নির্মাণ চলাই আছে৷ উন্নয়নৰ লগত জড়িত চুক্তিৰ দিশবোৰ ৰূপায়ণৰ চেষ্টা চলাই থকা হৈছে৷ আমাৰ কাম–কাজ দেখি ৰাজ্যবাসী নিশ্চিতভাৱে আশ্বস্ত হ’ব বুলি ধাৰণা কৰিছোঁ৷ অসম চুক্তিৰ লগতে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত আলোচনা চলি আছে৷ ইতিমধ্যে মেঘালয়ৰ সৈতে বিবদমান অঞ্চল পৰিভ্রমণ কৰি স্থানীয় ৰাইজৰ সৈতে আলাপ–আলোচনা কৰা হৈছে৷ নাগালেণ্ড চৰকাৰৰ সৈতেও সীমা সমস্যাক লৈ বৈঠক চলি আছে৷ গতিকে অচিৰেই অসম চুক্তি আৰু সীমা সমস্যাক লৈ আশ্বস্ত ফল দেখিবলৈ পাব৷

সাক্ষাৎগ্রহণঃ গুণজিৎ ভট্টাচার্য
সাক্ষাৎগ্রহণকাৰীৰ ফোনঃ ৯৮৬৪০–২১১৬৭

You might also like