নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ৩০খন বিছনাযুক্ত ক’ভিড আই চি ইউ, ৩০খন বিছনাযুক্ত শিশু আই চি ইউ, চিকিৎসকসকলৰ বাবে ২৪টা আৱাস উদ্বোধন কৰে৷ মুখ্যমন্ত্রীগৰাকী হেলিকপ্টাৰ যোগে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হোৱাৰ পাছতে তেওঁক ঢ়োল–খোলৰ লগতে বিহু নৃত্য, ঝুমুৰ নৃত্য, বাগৰুম্বা নৃত্যৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে উষ্ম আদৰণি জনায়৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন উন্নয়নমূলক কামৰ উন্মোচনী অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জনায় যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আজি ৩০খন বিছনাযুক্ত ক’ভিড আই চি ইউ, ৩০খন বিছনাযুক্ত শিশু আই চি ইউ আৰু আৱাস নথকা বাবে চিকিৎসকসকলে যি সমস্যাৰ সন্মুখীন হৈ আহিছিল, সেই সমস্যা দূৰ কৰিবৰ বাবে অতিৰিক্ত ২৪টা আৱাসৰ শুভ উদ্বোধন কৰা হয়৷ তেওঁ লগতে কয় যে ইয়াৰ সমান্তৰালভাৱে চিকিৎসা মহাবিদ্যালয়খনত এটা ছাত্রাৱাসৰ কাম আৰম্ভ হৈছে৷
তাত প্রথমে দুমহলীয়া আছিল, বর্তমান তৃতীয় মহলা নির্মাণ কৰা হ’ল৷ ইয়াৰ পাছত এটা ছাত্রী নিৱাসৰ কাম আৰম্ভ কৰা হৈছে, সেইটো তৃতীয় মহলালৈ ৰূপান্তৰিত কৰা হ’ল৷ চিকিৎসালয়খনত এটা জৰুৰীকালীন ব্লক সুকীয়াকৈ নির্মাণ হ’ব বুলি কৈ জাইকাৰ লগত এই সন্দর্ভত কথা পাতি থকা হৈছে বুলি কোৱাৰ লগতে কেইদিনমানৰ ভিতৰত ইয়াত ছুপাৰ স্পেচিয়েলিটী ব্লক নির্মাণ কৰা হ’ব আৰু এটা অডিটৰিয়ামৰ নির্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি কয়৷ তেওঁ লগতে কয় যে চাওঁতে চাওঁতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়া ১৭৫টা আই চি ইউৰ সুবিধা বৃদ্ধি হ’ল, যিটো কেইদিনমান আগলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো নাছিল বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ চিকিৎসা মহাবিদ্যালয়খনত বর্ধিত সুবিধাখিনিৰ পৰা চিকিৎসকসকলে নিজা দায়িত্ব আৰু কর্তব্য সুচাৰুৰূপে পালন কৰিব বুলি কৈ ইয়াৰ জৰিয়তে তেজপুৰ আৰু শোণিতপুৰৰ দাঁতি–কাষৰীয়া জিলাৰ ৰাইজে এই আঁচনিৰ পৰা উপকৃত হ’ব বুলি তেওঁ মন্তব্য কৰে৷