নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ প্রত্যাৱর্তনক লৈ দোমোজাত দলীয় মেনেজমেণ্ট

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাটোৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট শুকুৰবাৰৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টডিয়ামত অনুষ্ঠিত হ’ব৷ টেষ্টখনৰ পূর্বে মূল একাদশ গঠনক লৈ দোমোজাত পৰিছে ভাৰতীয় ক্রিকেট দলটো৷ প্রথমখন টেষ্টত বিশ্রাম লোৱা অধিনায়ক বিৰাট কোহলিয়ে মুম্বাই টেষ্টত ভাৰতীয় দলটোক নেতৃত্ব দিব৷ টেষ্টখনত কোহলিৰ প্রত্যাৱর্তনে ভাৰতীয় দলটোক শক্তিশালী কৰি তুলিব যদিও মূল একাদশটোৰ পৰা কোন খেলুৱৈক বাদ দিয়া হ’ব তাক লৈ দোমোজাত পৰিছে দলীয় মেনেজমেণ্ট৷ প্রথমখন টেষ্টত ভাৰতীয় দলটোক নেতৃত্ব দিয়া আজিংক্য ৰাহানেৰ লগতে আগশাৰীৰ বেটছমেন পূজাৰাই কানপুৰ টেষ্টত বিশেষ উন্নত বেটিং প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নাই৷ এই দুয়োগৰাকী আগশাৰীৰ বেটছমেনৰ ব্যর্থতাই ভাৰতীয় দলটোক চিন্তিত কৰি তোলাৰ সময়তে স্থায়ী অধিনায়ক বিৰাট কোহলিৰ প্রত্যাৱর্তনে আন এক সমস্যাত পেলাইছে দলীয় মেনেজমেণ্টক৷ নৱাগত খেলুৱৈ শ্রেয়াছ আয়াৰৰ লগতে শুভমন গিলে কানপুৰ টেষ্টত উন্নত বেটিং প্রদর্শন দাঙি ধৰিছে৷ গতিকে এই দুয়োগৰাকী বেটছমেনে মুম্বাই টেষ্টত ভাৰতীয় দলটোত স্থান লাভ কৰাটো প্রায় নিশ্চিত৷ গতিকে পূজাৰা অথবা ৰাহানেই মুম্বাই টেষ্টত কোহলিক স্থান এৰি দিবলগীয়া হ’ব পাৰে৷

You might also like