নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ সেউজ সংকেতৰ অপেক্ষাত ব’ৰ্ড

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণক, লৈ অনিশ্চয়তা আহি পৰিছে৷ দক্ষিণ আফ্রিকাত ক’ভিড–১৯ৰ অমিক্রন ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰাৰ পিছত টীম ইণ্ডিয়াৰ আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণ বাতিল হোৱাৰ উপক্রম ঘটিছে৷ অহা ৯ ডিচেম্বৰত ভাৰতীয় দলটোৱে দক্ষিণ আফ্রিকা ভ্রমণলৈ ৰাওনা হোৱাৰ কথা যদিও এসপ্তাহ বাকী থকা অৱস্থাত এতিয়ালৈকে ঘোষিত হোৱা নাই ভাৰতীয় দলটো৷ উক্ত শৃংখলাটোৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰাৰ বাবে বি চি চি আইৰ নির্বাচক কমিটী বৈঠকত মিলিত হোৱাৰ কথা আছিল যদিও বর্তমান উক্ত বৈঠক স্থগিত ৰাখিছে৷ টীম ইণ্ডিয়াৰ আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণ সন্দর্ভত চৰকাৰৰ পৰা সেউজ সংকেতৰ অপেক্ষা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ যেতিয়ালৈকে চৰকাৰে টীম ইণ্ডিয়াৰ দক্ষিণ আফ্রিকা ভ্রমণৰ ক্ষেত্রত সেউজ সংকেত নিদিয়ে তেতিয়ালৈকে বি চি চি আয়ে এই শৃখলাটোত অংশগ্রহণ কৰাৰ উদ্দেশ্যে দক্ষিণ আফ্রিকালৈ ৰাওনা হ’ব নোৱাৰে৷

কানপুৰত নিউজিলেণ্ডৰ বিপক্ষে সদ্যসমাপ্ত প্রথমখন টেষ্টৰ পিছতে দক্ষিণ আফ্রিকাৰে খেলিবলগীয়া শৃংখলাটোৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰাৰ উদ্দেশ্যে নির্বাচক কমিটী বৈঠকত মিলিত হোৱাৰ কথা আছিল৷ কিন্তু টীম ইণ্ডিয়াৰ দক্ষিণ আফ্রিকা ভ্রমণৰ ক্ষেত্রত চৰকাৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ সঁহাৰি নোপোৱাত বি চি চি আইৰ মুম্বাইত ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ সময়ছোৱাত নির্বাচক মণ্ডলী বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰেও ভাৰতীয় দলটোৱে দক্ষিণ আফ্রিকা ভ্রমণ কৰা সন্দর্ভত বি চি চি আয়ে চৰকাৰৰ পৰা অনুমতি লোৱাটো উচিত বুলি মন্তব্য কৰিছে৷ আনহাতে, বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণ সন্দর্ভত কয় যে বর্তমান দক্ষিণ আফ্রিকাত ক’ভিডৰ নতুন ভাইৰাছবিধৰ উপস্থিতি সন্দর্ভত তীক্ষ্ণ নজৰ ৰখা হৈছে৷ উক্ত ভ্রমণৰ ক্ষেত্রত সিদ্ধান্ত লোৱাৰ বাবে এতিয়াও সময় আছে বুলি বি চি চি আইৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকা ভ্রমণকালত ভাৰতীয় দলটোৱে তিনিখন টেষ্ট, তিনিখন এদিনীয়া আৰু চাৰিখন টি–২০ মেচত অংশগ্রহণ কৰাৰ কথা৷ সূচী অনুযায়ী দুয়ো দেশৰ প্রথমখন টেষ্ট ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷

You might also like