নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লজ্জানত অষ্ট্রেলিয়া

অষ্ট্রেলিয়াৰ সংসদত সুৰক্ষিত নহয় নাৰী৷ দেশখনৰ ৰাজনীতিত এই সম্পর্কীয় এক প্রতিবেদনে শেহতীয়াকৈ সৃষ্টি কৰিছে ধুমুহা৷ প্রতিবেদন অনুসৰি অষ্ট্রেলিয়াৰ সংসদত প্রতি তিনিগৰাকী মহিলাৰ এগৰাকীয়েই যৌন নির্যাতনৰ বলি হ’বলগীয়া হয়৷ শেহতীয়া এক প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে৷ তদন্তত প্রকাশ পোৱা অনুসৰি সংসদৰ বিভিন্ন কাম–কাজত জড়িত ৩৩ শতাংশ মহিলা যৌন নির্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে৷ লগে লগে তীব্র চাপৰ মুখত পৰিছে প্রধানমন্ত্রী স্কট মৰিছনৰ চৰকাৰ৷ অহা বছৰ অষ্ট্রেলিয়াত অনুষ্ঠিত হ’ব সাধাৰণ নির্বাচন৷ এই নির্বাচনৰ পূর্বে প্রকাশ পোৱা এনে চাঞ্চল্যকৰ প্রতিবেদনে চৰকাৰক তীব্র সংকটত পেলাইছে৷ লক্ষণীয়ভাৱে বিভিন্ন সময়ত অষ্ট্রেলিয়াত নাৰী সুৰক্ষিত নহয় বুলি প্রতিবাদ সংগঠিত কৰি আহিছে সামাজিক সংগঠনসমূহে৷ নাৰীৰ সমাধিকাৰৰ বিষয়টোক দেশখনৰ ৰাজনীতিকসকলে সকলো ক্ষেত্রতে অগ্রাধিকাৰ দিয়া বুলি ঘোষণা কৰি আহিছে যদিও খোদ সংসদতে নাৰী হ’বলগীয়া হৈছে যৌন আতিশয্যৰ বলি৷ লক্ষণীয়ভাৱে কর্মক্ষেত্রত লিংগ বৈষম্যৰ অভিযোগ সঘনে উত্থাপন হয় অষ্ট্রেলিয়াত৷ যোৱা বছৰ দেশখনৰ সংসদৰ এগৰাকী প্রাক্তন কর্মীয়ে মন্ত্রীৰ বলাৎকাৰৰ বলি হোৱা বুলি অভিযোগ অনাৰ পাছতে বহু মহিলা আগবাঢ়ি আহিছে তেওঁলোকৰ বিৰুদ্ধে সংঘটিত আতিশয্য সন্দর্ভত মুকলিকৈ প্রকাশ কৰিবলৈ৷ ইয়াৰ পাছতে এক স্বতন্ত্র সংস্থাই আৰম্ভ কৰে সংসদত নাৰীৰ ওপৰত চলা যৌন আতিশয্যৰ ঘটনা সন্দর্ভত তদন্ত৷ এই তদন্তৰ প্রতিবেদন কালি প্রকাশ পোৱাৰ লগে লগে দেশখনৰ সংসদত নাৰীৰ বিৰুদ্ধে অকল্পনীয় যৌন আতিশয্য চলি থকা বিষয়টো পোহৰলৈ আহে৷ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে আলোড়ন৷ অষ্ট্রেলিয়াৰ দৰে উন্নত দেশ এখনত নাৰীৰ ওপৰত এনে নির্যাতন মধ্যযুগীয় পাশৱিকতাতকৈও ঘৃণনীয় বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে সমালোচনা আগবঢ়াইছে৷
বিগত ফেব্রুৱাৰী মাহৰ পৰা অষ্ট্রেলিয়াৰ সংসদত যৌন আতিশয্যৰ বিষয়টোক লৈ দেশখনত সঘনে সৃষ্টি হৈছিল বিক্ষোভ৷ এই বিষয়টো সন্দর্ভত প্রধানমন্ত্রী স্কট মৰিছনে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে তেওঁ এনে আশ্চর্যজনক অভিযোগ শুনাৰ পাছত বিস্মিত আৰু স্তম্ভিত হৈ পৰিছে৷ শেহতীয়া প্রতিবেদন প্রকাশ পোৱাৰ পাছতে মৰিছনে উল্লেখ কৰিছে যে সংসদত এনে ধৰণৰ ঘটনাই প্রতিগৰাকী সদস্য তথা কর্মীৰ কামৰ ওপৰত প্রতিকূল প্রভাৱ পেলাব৷ ইয়াৰ ফলত সংসদৰ কাম–কাজ ক্ষতি হোৱাৰ আশংকা আছে বুলিও প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰে৷ ইফালে প্রতিবেদন প্রকাশ পোৱাৰ পাছত বিৰোধী ৰাজনীতিকসকলে সংসদৰ কর্মসংস্কৃতি সন্দর্ভত প্রধানমন্ত্রী মৰিছনক বক্তব্য আগবঢ়াবলৈ আহ্বান জনাইছে৷ লগে লগে মৰিছনৰ কনজাৰভেটিভ দলৰ নেতৃত্বাধীন মর্চা চৰকাৰৰ ওপৰত তীব্র চাপ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে প্রতিবেদনত সংসদৰ কর্মসংস্কৃতি উন্নয়নৰ ক্ষেত্রত ২৮টা প্রস্তাৱো আগবঢ়োৱা হৈছে৷ যাৰ ভিতৰত কর্মক্ষেত্রত লিংগ সমতা অক্ষত ৰখা, সুৰাপানৰ নতুন নীতি বলৱৎ কৰা আৰু মানৱ সম্পদ উন্নয়ন বিভাগৰ সংস্কাৰৰ কথা কোৱা হৈছে৷ মূল প্রশ্ণটো হৈছে অষ্ট্রেলিয়াত বিভিন্ন সময়ত ৰাজনৈতিক ক্ষেত্রত নাৰীক সমাধিকাৰ প্রদান কৰি অহা বুলি দলসমূহে দাবী কৰি আহিছে যদিও কিয় সঘনে সতীর্থ ৰাজনীতিকৰ যৌন আতিশয্যৰ বলি হ’ব লগা হৈছে মহিলা৷ এই সন্দর্ভত প্রধানমন্ত্রী মৰিছনে দেশৰ বৌদ্ধিক মহলৰ বিভিন্ন প্রশ্ণ এৰাই চলা দেখা গৈছে৷ আনফালে যৌন আতিশয্যত অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে অষ্ট্রেলিয়াই বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই৷ সংসদত বহু মহিলা আতিশয্যৰ সন্মুখীন হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতো অষ্ট্রেলিয়া চৰকাৰে অভিযুক্ত লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা নাই৷ ফেব্রুৱাৰী মাহত হিগিন্ছ নামৰ মহিলাগৰাকীয়ে মন্ত্রীৰ বলাৎকাৰৰ সন্মুখীন হোৱা বুলি অভিযোগ অনাৰ পাছত সমগ্র দেশখনত ক্ষোভৰ উদ্গীৰণ ঘটিছিল৷ কিন্তু অভিযুক্ত ৰাজনীতিকগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে চৰকাৰে৷ পৰিণতিত অষ্ট্রেলিয়াৰ সংসদত নাৰীৰ বিৰুদ্ধে ভয়াৱহ আতিশয্য সংঘটিত কৰিও অপৰাধী সাৰি গৈছে৷ এই প্রক্রিয়া অব্যাহত আছে বিষয়টো সন্দর্ভত চৰকাৰৰ শিথিল নীতিৰ বাবে৷ ইয়াৰ পৰিত্রাণ পাবলৈ হ’লে অষ্ট্রেলিয়াই যৌন আতিশয্য চলোৱা লোকক কঠোৰ শাস্তি প্রদানৰ আইন প্রণয়ন কৰিব লাগিব৷ নহ’লে দেশখন বাৰে বাৰে লজ্জানত হ’ব লাগিব আন্তর্জাতিক মহলত৷

You might also like