নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ফাঁচীবজাৰৰ মহাবীৰ ষ্টলত স্বেচ্ছাসেৱী সংস্থা ৰেইছডে চলাই থকা টিকাকৰণ অভিযানটোৱে এক নতুন অভিলেখ গঢ়িছে৷ এই অভিযানত এনজি’ ৰেইছডৰ পৃষ্ঠপোষক ৰূপে আছিল দিগম্বৰ জৈন পঞ্চায়ত, আন্তঃৰাষ্ট্রীয় মানৱ অধিকাৰ পৰিষদ কামৰূপ মেড্র’, গুৱাহাটী ছেনিটাৰী এণ্ড হার্ডৱেৰ মার্চেণ্ট এছ’চিয়েচন আৰু শ্রীহনুমান জয়ন্তী মহোৎসৱ সমিতি৷ যিয়ে যোৱা ৭ মাহত এতিয়ালৈকে ১,১১,০০০ লোকক যুটীয়াভাৱে ভেকচিন প্রদান কৰিছে৷ মহাবীৰ ষ্টলত চলি থকা সর্ববৃহৎ টিকাকৰণ অভিযানটোৰ মুখ্য সমন্বয়ক প্রমোদ হৰলালকাই (লালা) কয়– মুখ্য আহ্বায়ক হৰলালকাই জানিবলৈ দিয়ে যে কেৱল মহাবীৰ ষ্টলতে নহয়, আমি দুখীয়া লোকসকলৰ বাবে প্রশাসনৰ দাবী অনুসৰি বিভিন্ন স্থানত কেইবাটাও সৰু টিকাকৰণ শিবিৰৰ আয়োজন কৰিছোঁ৷ ইয়াৰ উপৰি বৃদ্ধ আৰু শাৰীৰিকভাৱে সক্ষম লোকসকলক ঘৰে ঘৰে হৈ টিকাকৰণ কৰা হৈছে৷ তেওঁ জনায় যে গৌৰৱ চিটিয়া, ৰাকেশ চৌধুৰী, ৰমেশ পাৰেক, সৌৰভ জৈন, অশোক শ্বেদা, প্রভাদ শর্মা, বিকাশ জৈন, আদর্শ শর্মা (বাবলি), আদর্শ কাশলীৱাল, অংশুল জৈন, অশোক চাংগোথিয়া, গোপাল তিৱাৰী, বিজয় শর্মা, দিলীপ জালান, শংকৰ সিং, ধনঞ্জয় ৰয় আৰু আন সদস্যৰ সমর্থন অবিহনে আমি যোৱা সাত মাহ ধৰি শিবিৰ চলাব নোৱাৰিলোঁহেঁতেন৷ একে সময়তে, যোৱা ২০০ দিন ধৰি চলিত শিবিৰত টিকাকৰণৰ মুখ্য কাম কৰি থকা চিকিৎসক আৰু নার্ছিং কর্মচাৰীসকলে তেওঁলোকৰ মূল্যৱান সমর্থন আগবঢ়াইছে, যাৰ ফলত মহামাৰীৰ মাজত ১,১১,০০০ লোকক ক’ভিড টিকাকৰণৰ প্রথম আৰু দ্বিতীয় পালি প্রদান কৰা হৈছে৷ এই শিবিৰটো অব্যাহত ৰখাৰ বাবে ভেকচিন প্রদান কৰাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷’