নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰত সুৰাৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত পথ অৱৰোধ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ জননেতা শৰৎ চন্দ্র সিংহৰ দৰে ভাৰতৰ এগৰাকী আদৰ্শবান ৰাজনৈতিক নেতাক চূড়ান্ত অপমান কৰি বিজেপি চৰকাৰে ধুবুৰী জিলাৰ চাপৰত বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিবলৈ ওলোৱাৰ তীব্র বিৰোধিতাৰে বুধবাৰে সন্ধিয়া চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে চাপৰৰ বিভিন্ন সংগঠনে। উল্লেখ্য যে শেহতীয়া ভাৱে চাপৰৰ দৰে এক শিক্ষিত তথা আদৰ্শবান চহৰত বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰোধিতাৰে জননেতা শৰৎ চন্দ্র সিংহই ১৯৮৯ চনতে এক দাবী জনাইছিল আৰু তেওঁৰ প্ৰতি সন্মান জনাই কোনো এখন চৰকাৰে চাপৰৰ পৌৰ সভাৰ এলেকাত বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ দিবলৈ সাহস কৰা নাছিল যদিও বিজেপি চৰকাৰে ৰাইজে নিবিচৰা কাম কৰিবলৈ ওলোৱাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে আপত্তি নথকাৰ প্ৰমাণপত্ৰ দিবলৈ সাজু হোৱা চাপৰ পৌৰ সভাত কাৰ্যবাহী বিষয়া শান্তনু গগৈ ক আজি চাপৰৰ কেইবাটাও সংগঠনৰ নেতৃত্ব বৃন্দ তথা চাপৰ প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে কোনোপধ্যেই চাপৰত সুৰাৰ অনুজ্ঞাপত্ৰ নিদিবলৈ অনুৰোধ জনায় যদিও লক্ষনীয় ভাবে চাপৰ ৰাজহ চক্রৰ চক্র বিষয়া তথা চাপৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া গৰাকীয়ে সমগ্র বিষয়টো উৰ্ধতম কৰ্তৃপক্ষলৈ ঠেলি দিয়ে।

উল্লেখ্য যে বুধবাৰে চাপৰৰ আছু, আক্ৰাছু, আছা, আমছু, লেখিকা সমাৰোহ সমিতি, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, চাপৰ প্ৰেছ ক্লাৱকে আদি কৰি বিভিন্ন সংগঠনে চাপৰৰ ৰাজপথ অৱৰোধ কৰাত তীব্র যানজটৰ সৃষ্টি হয়। অৱশেষত ৰাইজৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই চাপৰ ৰাজহ চক্রৰ চক্র বিষয়া তথা চাপৰ পৌৰ সভাৰ কাৰ্যবাহী বিষয়া শান্তনু গগৈয়ে প্ৰতিবাদস্হলীত আহি চাপৰ পৌৰ সভাৰ পৰা আপত্তি নথকাৰ প্ৰমাণপত্ৰ দিয়া নহব বুলি প্ৰতিশ্ৰুতি দিয়াত অৱৰোধ কাৰ্যসূচী সাময়িক ভাবে প্ৰত্যাহাৰ কৰে।

উল্লেখ্য যে, চাৰকাৰে সিদ্ধান্ত লোৱা বিলাতী সুৰাৰ বিপণীৰ বিজ্ঞাপন অতিশীঘ্রে বাতিল কৰি জননেতা গৰাকীৰ আদৰ্শক সন্মান প্ৰদৰ্শন কৰাৰ লগতে ৰাইজৰ আবেগ অনুভূতিক আঘাত হানি ভৱিষ্যতে যদি চাপৰ পৌৰ সভাৰ এলেকাত বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ দিয়ে তেন্তে চাপৰ বাসী ৰাইজে বিভিন্ন দল সংগঠনৰ সহযোগত ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি কঠোৰ ভাবে সকীয়াই দিয়ে।

You might also like