নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কথাশিল্পীৰ ওপজা দিনঃ আজি ৰাজ্য চৰকাৰে প্রদান কৰিব সাহিত্যিক পেন্সন

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ জাতীয় জীৱনৰ মহীৰূহ আছিল হোমেন বৰগোহাঞি৷ এইগৰাকী সাহিত্যিকৰ মৃত্যু অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি৷ জাতীয় জীৱনৰ নক্ষত্র হৈও নিজৰ জন্মস্থানৰ প্রতি আছিল তেওঁৰ দুর্বাৰ আকর্ষণ৷ যাৰ বাবে ঢ়কুৱাখনাৰ বিকাশৰ বাবে তেওঁ সকলোকে প্রেৰণা যোগাই গৈছে৷– কথাশিল্পীৰ ৯০সংখ্যক ওপজা দিনটোত তেওঁৰ নামেৰে এটি পথ মুকলি কৰি  এইদৰে মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ৰাষ্ট্রীয় ঘাইপথ–৩ৰ নাৰেংগীৰ পৰা ভকতগাঁৱলৈ ৫০.৮৬ কিলোমিটাৰ অংশ হোমেন বৰগোহাঞি পথ নামেৰে নামকৰণ কৰি সোমবাৰে সমগ্র পথছোৱা জনসাধাৰণৰ বাবে উৎসর্গা কৰিলে মুখ্যমন্ত্রীয়ে৷ এই উপলক্ষে বীৰকুছিত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয়– জ্ঞান আৰু প্রজ্ঞাৰ সাধক, সমাজদ্রষ্টা, সাহিত্য আৰু সংবাদ সেৱাৰ পুৰোধা ব্যক্তি হোমেন বৰগোহাঞিৰ ওপজা দিনৰ প্রাক্ক্ষণত উন্মোচন কৰা বিশ্ব বেংক আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে নির্মাণ কৰি উলিওৱা এই পথছোৱাই যোগাযোগৰ ক্ষেত্রত এক নতুন মাত্রা সংযোজন কৰিব৷ কথাশিল্পীগৰাকীক সুঁৱৰি মুখ্যমন্ত্রীয়ে কয় ১৯৬৩ চনৰ পৰা মৃত্যুৰ ক্ষণলৈ জাতীয় জীৱনলৈ তেওঁ অভূতপূর্ব বৰঙণি যোগাই গৈছে৷ তেওঁৰ জীৱনৰ বৌদ্ধিক চিন্তা–চর্চাৰ ফচল নীলাচল কাকতৰ জৰিয়তে উন্মেষিত হৈছিল৷ গোটেই জীৱন তেওঁ আদর্শৰ পৰা বিচ্যুত হোৱা নাছিল৷ স্পষ্টবাদিতা আছিল তেওঁৰ অলংকাৰ৷ তাত্ত্বিক গ্রন্থৰ লগতে শিশু আৰু সমাজ জীৱনক উদ্বুদ্ধ কৰিব পৰাকৈ অসংখ্য গ্রন্থ তেওঁ ৰচনা কৰি গৈছে৷ তেওঁৰ জীৱনগাথা গ্রন্থৰ মাজেৰে লিপিবদ্ধ কৰি গৈছে৷ সোঁতৰ বিপৰীতে গৈও জাতীয় চেতনাক তেওঁ যিদৰে প্রাণৱন্ত কৰি গৈছে, সেই কথা জাতিয়ে সদায় স্মৰণ কৰিব৷

উল্লেখ্য যে কথাশিল্পী–সাংবাদিক হোমেন বৰগোহাঞিৰ আজি অর্থাৎ ৭ ডিচেম্বৰত ৯০সংখ্যক ওপজা দিন৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ ওপজা দিনটো ৰাজ্য চৰকাৰে এইবাৰ ব্যতিক্রম ধৰণে পালন কৰিব৷ আজি দিনজোৰা কেইবাটাও কার্যসূচীৰে মুখ্যমন্ত্রীৰ উদ্যোগত উদযাপিত হ’ব সাহিত্যিকগৰাকীৰ ওপজা দিনটো৷ আজি কটন বিশ্ববিদ্যালয়ৰ নৱনির্মিত হোমেন বৰগোহাঞি সভাকক্ষ আৰু গ্রন্থাগাৰৰ হোমেন বৰগোহাঞি অধ্যয়ন পীঠৰ শুভ উদ্বোধন কৰা হ’ব৷ পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰি এই সকলো অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ জৰুৰী বৈঠকৰ বাবে আজি পুৱাই মুখ্যমন্ত্রী নতুন দিল্লীলৈ ৰাওনা হ’ব৷

ইতিমধ্যে কটন বিশ্ববিদ্যালয় কর্তৃপক্ষক উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মা উপস্থিত থাকিব নোৱাৰিব বুলি মুখ্যমন্ত্রীৰ কার্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে৷ আনহাতে পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰিয়ে মুখ্যমন্ত্রীয়ে বিশিষ্ট সাহিত্যিকগৰাকীৰ ৯০সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি আজি কলাক্ষেত্রত সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা ২৩গৰাকী সাহিত্যিকক পেন্সন প্রদান কৰাৰ কথা আছিল যদিও দিল্লী বৈঠকৰ পৰিপ্রেক্ষিতত উক্ত অনুষ্ঠানত সাহিত্যিক পেন্সন প্রদান কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

You might also like