সাঙীত চিকিৎসালয়লৈ যাত্রা প্রসূতিৰ
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ: মাজুলী – লখিমপুৰৰ সীমামূৰীয়া অঞ্চলৰ বাসিন্দাই আজিও দেখা নাই উন্নয়নৰ মুখ৷ বিধস্ত বাট পথৰ বাবে দেশে স্বাধীনতা লাভ কৰাৰ ৭০ দশকৰ পিছতো যমৰ যাতনা ভোগ কৰিছে এই অঞ্চলৰ বাসিন্দাই ৷ অনুন্নত পথৰ বাবেই চিকিৎসা , শিক্ষা আদি দিশত হাৰাশাস্তিৰ সন্মুখিন হৈছে এই বাসিন্দাসকল ৷ শেহতীয়াকৈ মাজুলী জিলাৰ লগত সংলগ্ন হোৱা লখিমপুৰৰ লুইত খাবলু পঞ্চায়তৰ যোগীবাৰীৰ যাতায়াত-যোগাযোগ বিহীন গাঁওখনলৈ কোনো গাড়ী অথবা এম্বুলেন্স যাব নোৱাৰাৰ বাবে প্ৰায় চাৰিকিলোমিটাৰ পথ এগৰাকী গৰ্ভাৱতী সাঙীৰে কালি বিয়লি আনিব লগা হয় মাজুলী সদৰ চিকিৎসালয়লৈ ৷
দ্বীপেন পেগুৰ পত্নী ভনী পেগু নামৰ মহিলাগৰাকীক গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈ জৰুৰীকালীন অৱস্থাত অনোতে পাথৰিচুকলৈকে প্ৰায় ৪ কিলোমিটাৰ বাট ৰাইজৰ সহযোগত সাঙীৰে দাঙি অতি কষ্টসাধ্যভাৱে কঢ়িয়াই অনা কৰুণ দৃশ্যই কালি চকু কপালত তুলিছে সকলোৰে ৷ যাতায়ত যোগাযোগ বিহিন এই অঞ্চলৰ গাঁওসমূহৰ বিধস্ত পথসমূহত বাৰিষাৰ দিনকেইটাত বাৰুকৈয়ে সমস্যাৰ সন্মুখিন হৈ আহিছে গাঁওবাসী ৷ এই পঞ্চায়তৰ বাসিন্দাসকলে গাঁওসমূহৰ পথসমূহ পকীকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৷
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড