নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত দিন দুপৰতে ধন লুটৰ ঘটনা, দুৰ্বৃত্ত‌ই কাঢ়ি নিলে ৫ লাখ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ: ৰঙিয়াত আজি দিন দুপৰতে ধন লুটৰ ঘটনা সংঘটিত হয়। অভিনৱ কৌশলেৰে এজন লোকৰ পৰা ৫ লাখ টকা লুটি নিয়ে দুৰ্বৃত্ত‌ই । বেংকৰ পৰা ধন উলিয়াই ঘৰলৈ গৈ থকা অৱস্থাত ৰঙিয়াৰ গড়ভিতৰৰ শৰৎ দাস নামৰ লোকজনৰ পৰা ৫ লাখ টকা লুটি নিয়ে । ডকাইতিৰ ঘটনাটোকলৈ ৰঙিয়া নগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । পালচাৰ বাইকত অহা দুই ডকাইতে ধন লুট কৰি নিৰ্বিঘ্নে উধাও হয় । লোকজনে ৰঙিয়া এমজি ৰোডস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা ধনখিনি উলিয়াই বাইকেৰে তিনিআলি অভিমুখে গৈ আছিল। এনে সময়তে তিনিআলি ৰেলগেটৰ সমীপত হঠাতে বাইক এখনে তেওঁক পিছফালৰ পৰা খুন্দিয়ায় । লগে লগে লোকজনে বাইকৰ পৰা বাগৰি পৰে । দুৰ্ঘটনাটোত লোকজন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় । তৎমুহূৰ্ততে বাইকত থকা দুজন যুৱকৰ এজনে লোকজনৰ পৰা ধনৰ বেগটো কাঢ়ি লৈ উধাও হয় । লগে লগে লোকজনে চিঞৰ-বাখৰ কৰে যদিও ইতিমধ্যে দুৰ্বৃত্ত দুজনে তীব্ৰ বেগেৰে বাইকেৰে নিৰ্বিঘ্নে পলাবলৈ সক্ষম হয় । ঘটনাটোকলৈ সমগ্ৰ ৰঙিয়া নগৰতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । বিশেষকৈ ৰঙিয়া নগৰত দিন দুপৰতে ডকাইতিৰ দৰে ঘটনা সংঘটিত হোৱাত নগৰখনৰ নিৰাপত্তাকলৈ প্ৰশ্নৰ উদয় হৈছে ।

প্ৰেৰকঃ ফাৰুক হুছেইন , ৰঙিয়া

You might also like