সৰিয়হ খেতিৰে মাজুলীৰ কৃষিখণ্ডলৈ আহিছে আমূল পৰিৱৰ্তনঃ মন্ত্ৰী অতুল বৰা
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ আজি মাজুলীৰ নতুন বকৰা গাঁৱত উপস্থিত হৈ APART ৰ আৰ্থিক সাহায্যৰে ৬৫ খন গাঁও সামৰি লোৱা “মাজুলী ৰিভাৰ বেংক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড”য়ে আৰম্ভ কৰা সৰিয়হ খেতি পৰিদৰ্শন কৰে কৃষিমন্ত্ৰী অতুল বৰাই। ইয়াৰ পাছতে এখন সভাতো অংশ লয় মন্ত্ৰীগৰাকীয়ে।
সভাত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে সৰিয়হ খেতিৰে মাজুলীৰ কৃষিখণ্ডলৈ আমূল পৰিৱৰ্তন আহিছে। পূৰ্বতে ৭০ হাজাৰ কুইন্টল সৰিয়হ উৎপাদন হোৱা মাজুলীত “PM 28” নামৰ এক উন্নতমানৰ নতুন বীজেৰে এতিয়া কৃষকসকলে সৰিয়হ খেতি আৰম্ভ কৰি অধিক উৎপাদনমুখী হ’বলৈ সক্ষম হৈছে। এই বীজবিধৰ উৎপাদন ক্ষমতা পৰম্পৰাগত আন বীজৰ তুলনাত দুগুণ। অনাগত দিনত মাজুলীয়ে সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত এক নতুন বিপ্লৱ সৃষ্টি কৰাৰ লগতে কৃষি খণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ইপিনে কৃষি খণ্ডৰ সৈতে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকল আগবাঢ়ি অহাতো শুভ লক্ষণ বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই তেওঁলোকৰ কৃষি উৎপাদনৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাক শলাগ লয়।
ভাষণপ্ৰসংগত মন্ত্ৰী অতুল বৰাই পুনৰ কয়, “নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষকৰ বিকাশৰ বাবে কৃষি খণ্ডত যথেষ্ট পৰিমাণে বিনিয়োগ কৰাৰ লগতে বিভিন্ন কল্যাণকামী আঁচনিও গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত আমাৰ চৰকাৰেও কৃষকৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণৰ বাবে “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা”ৰ অধীনত প্ৰতিখন ৰাজহ গাঁৱক ট্ৰেক্টৰ প্ৰদান, সৌৰ বিদ্যুৎ, জলসিঞ্চন আদিৰ ব্যৱস্থাকে ধৰি বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।”
উল্লেখ্য যে আজিৰ সভাত মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্ত, মহকুমা কৃষি বিষয়া ঈৰ্শাদ আলী, কৃষি পৰামৰ্শদাতা ড° ইমৰান হুছেইন, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, “মাজুলী ৰিভাৰ বেংক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড”ৰ কৰ্মকৰ্তাসকল, কৃষকসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
The agriculture sector in the sacred river island district Majuli is undergoing rapid transformation.
Glad to visit the mustard field of Majuli River Bank Farmer Producer Company Ltd at Natun Bokora Gaon, which has covered 65 villages with financial assistance of APART. pic.twitter.com/kiyET4NccD
— Atul Bora (@ATULBORA2) December 15, 2021