নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিঃত অঘটনঃ হোষ্টেলত চিপ লোৱা ছাত্রীৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্রী শুকুৰবাৰে শিক্ষানুষ্ঠানখনৰ চৌহদস্থিত ছাত্রী নিৱাসৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে৷ ঘটনা সন্দর্ভত প্রাপ্ত বিৱৰণী অনুসৰি ডিব্রুগড়ৰ আৰ কে বি পথৰ নিৱাসী শ্রৱণ কুমাৰ শ্ব’ৰ কন্যা অদিতি শ্ব’ (২১) তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সপ্তম ষাণ্মাসিকৰ ছাত্রী হিচাপে শিক্ষানুষ্ঠানখনত অধ্যয়নৰত আছিল৷ শিক্ষানুষ্ঠানত কালি অনুষ্ঠিত পৰীক্ষাগৃহত ছাত্রীগৰাকী উপস্থিত নোহোৱাত একাংশ সতীর্থৰ মাজত সন্দেহৰ সৃষ্টি হয়৷ সেই অনুসৰি শিক্ষানুষ্ঠানখনৰ কপিলী ছাত্রী নিৱাসৰ ২৩৩নং কোঠাত থাকিবলৈ লোৱা অদিতিক বিচাৰি বিশ্ববিদ্যালয়ৰ কর্মচাৰীৰ লগতে একাংশ উপস্থিত হয়৷ ভিতৰৰ পৰা দুৱাৰৰ খিলি মাৰি অৱস্থাত থোৱা কোঠাটোৰ সন্মুখত লোকসকলে চিঞৰি মতাৰ পাছতো কোনো সঁহাৰি নোপোৱাত দুৱাৰখন ভাঙি প্রৱেশ কৰি চিলিং ফেনত বিছনা চাদৰেৰে চিপ লৈ থকা অৱস্থাত ছাত্রীগৰাকীক প্রত্যক্ষ কৰে৷ ইয়াৰ পাছতে ঘটনাস্থলীত কার্যবাহী দণ্ডাধীশৰ উপস্থিতিত বৰঘাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ ইতিমধ্যে ছাত্রীগৰাকীৰ পিতৃ–মাতৃ তেজপুৰত আহি উপস্থিত হৈছে৷ ইতিমধ্যে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰা আৰক্ষীয়ে সবিশেষ তথ্যসহ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতহে ছাত্রীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি ব্যক্ত কৰিছে৷

You might also like