নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ দিন হাঁহি–স্ফূর্তি নিষিদ্ধ উত্তৰ কোৰিয়াত, কিন্তু কিয়?

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ  ১১ দিন হাঁহিব নোৱাৰিব উত্তৰ কোৰিয়াৰ জনসাধাৰণে৷ অবিশ্বাস্য যেন লাগিলেও এয়া সত্য৷ দেশখনৰ শীর্ষ নেতা কিম জং–উনে হাঁহিৰ ক্ষেত্রত আৰোপ কৰিছে নিষেধাজ্ঞা৷ দেশখনৰ সংবাদ মাধ্যম ৰেডি’ ফ্রী এছিয়াৰ প্রতিবেদন অনুসৰি ১১ দিন দেশবাসীয়ে প্রকাশ কৰিব নোৱাৰিব আনন্দ–উল্লাহ৷ কাৰণ এই সময়ছোৱাত দেশৰ প্রাক্তন সাংসদ তথা কিম জং–উনৰ পিতৃ কিম জং–ইলৰ মৃত্যুবার্ষিকীৰ শোক দিৱস পালন কৰিব চৰকাৰে৷ শাসকীয় ৱর্কার্ছ পার্টীৰ তৰফৰ পৰা হাঁহিত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি এই সময়ছোৱাত কোনো লোকে সুৰাপানো কৰিব নোৱাৰিব৷ কিম জং–ইলৰ প্রতি এই ১১টা দিন শোক প্রকাশ কৰি থাকিব লাগিব দেশবাসীয়ে৷ অকল হাঁহিৰ ক্ষেত্রতেই নহয়, ইয়াৰ পূর্বে পোছাক, চুলিৰ ষ্ট্রাইল আদিৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছিল কিম জং–উনে৷ নিজৰ ইচ্ছা অনুসৰি দেশখনৰ কোনো লোকে চুলি বিশৃংখল ধৰণে কাটিব নোৱাৰে৷ নাইবা নিজ ইচ্ছানুসৰি কোনো লোকে টাইট–ফিট জীনছ পৰিধান কৰিবও নোৱাৰে৷ যিসকলে এই নিষেধাজ্ঞা উলংঘা কৰিছে তেওঁলোক ইতিমধ্যে ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে৷ অবিবাহিত যুৱতীসকলৰ ক্ষেত্রত নিষেধাজ্ঞাৰ তালিকাখন আৰু দীঘলীয়া৷ নাক ফুটাই অলংকাৰ পৰিধান কৰা দণ্ডনীয় দেশখনত৷ অবিবাহিত মহিলাই চুলি দীঘলকৈ ৰাখিব নোৱাৰে৷ একনায়ক কিম এতিয়া এনে কার্যৰ জৰিয়তেই বিশ্বৰ সংবাদ শিৰোনামত উঠিছে৷

You might also like