নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিক সন্মানজনক বৃত্তি হিচাপে গ্ৰহণ কৰাৰ পৰিৱেশ এতিয়া অসমত গঢ়ি উঠিছেঃ কৃষিমন্ত্ৰী অতুল বৰা

খুমটাইৰ বুঢ়ালিকচন কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত কৃষক মেলাঃ ২৭ খন বিপনীত থলুৱা কৃষি সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী

 নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ “কৃষি ৰপ্তানিত অসমে নতুন খোজ লৈছে। ৰাজ্যখনত উৎপাদিত কৃষি সামগ্ৰীয়ে লাহে লাহে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে আগবাঢ়িছে। কৃষিক সন্মানজনক বৃত্তি হিচাপে গ্ৰহণ কৰাৰ পৰিৱেশ এতিয়া ৰাজ্যখনত গঢ়ি উঠিছে। নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল কৃষিখণ্ডৰ প্ৰতি আকৰ্ষিত হোৱাটো শুভ লক্ষণ।”-আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গোলাঘাটৰ বুঢ়ালিকছনস্থিত কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত আয়োজিত “কৃষক মেলা” মুকলি কৰি এক সভাত কৃষক ৰাইজক সম্বোধন কৰি এনেদৰে কয় কৃষি মন্ত্ৰী অতুল বৰাই।

উল্লেখযোগ্য যে কৃষক মেলাত ৰাজ্যখনৰ ২৭ খন বিপনীত বহু কৃষকে থলুৱা উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰে । আনহাতে কৃষক মেলাত উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কৃষকৰ উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰী লগতে কৃষি বিজ্ঞানী সকলে উদ্ভাৱন কৰা যান্ত্ৰিকৰণ পদ্ধতি সমূহ পৰিদৰ্শন কৰাৰ লগতে বিপনী দিয়া থলুৱা কৃষক সকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্য চৰকাৰে কৃষি যান্ত্ৰিকীকৰণত গুৰুত্ব দিয়াত নতুন প্ৰজন্মই কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হৈছে কয় মন্ত্ৰী বৰাই।

উল্লেখ যে বুঢ়ালিকচন কুঁহিয়াৰ গবেষণা কেন্দ্ৰত আঠটা উন্নত প্ৰজাতিৰ কুঁহিয়াৰ জাত আছে আৰু অসমৰ কৃষকে কৰিব পাৰিব বুলি গবেষণা কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড°তুলসী প্ৰসাদ শইকীয়া সদৰি কৰে । ইয়াৰ উপৰিও কেন্দ্ৰটোত পোন প্ৰথমবাৰৰ বাবে কুঁহিয়াৰ উপৰিও ঔষধি আৰু সুগন্ধি উদ্ভিদৰ গৱেষণা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু বৰ্তমান সময়ত কেন্দ্ৰটোত গুৰ প্ৰস্তত কৰাৰ লগতে গুৰৰ চকলেট প্ৰস্তুত কৰা হৈছে বুলিও মুখ্য বিজ্ঞানী শইকীয়াই জানিবলৈ দিয়ে । কৃষক মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য গৱেষণা সঞ্চালক ড⁰ অশোক ভট্টাচাৰ্য্য, কৃষি পৰিচালনা কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ডা⁰ তুলসী প্ৰসাদ শইকীয়া,অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড⁰ বিদ্যুৎ চন্দন ডেকা, প্ৰগতিশীল কৃষক পল্লৱ গগৈ, গোলাঘাট জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা আদিৰ লগতে বহুতো কৃষি বিজ্ঞানী ,আদৰ্শ কৃষক উপস্থিত থকা কৃষক মেলাত অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা “লাৱণ্য” (AAU TTB Dhan 41) শীৰ্ষক পূৰৈবৰণীয়া চাউল বা পাৰ্পল ৰাইচৰ এটি অধিক উৎপাদনক্ষম জাত পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই।

You might also like