নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূব ভাৰতৰ কেইবাখনো ৰাজ্যত প্রচণ্ড শীত প্রবাহ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ প্রচণ্ড শীত প্রবাহৰ কবলত পৰিছে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য৷ শেহতীয়াকৈ পাৰাস্তম্ভ অভাৱনীয় হাৰত নিম্নগামী হৈছে৷ পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্রদেশৰ বিভিন্ন অঞ্চলৰ লগতে মধ্য প্রদেশত আৰম্ভ হৈছে শীতপ্রবাহ৷ ২১ ডিচেম্বৰ পর্যন্ত এই পৰিস্থিতি অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ উত্তৰ–পশ্চিম, মধ্য আৰু পূব ভাৰতত ২১ ডিচেম্বৰলৈকে তাপমাত্রা ২–৩ চেণ্টিগ্রেডলৈ হ্রাস পাব৷ ইফালে, জম্মু–কাশ্মীৰ, হিমাচল প্রদেশ, লাডাখ, উত্তৰাখণ্ড আদি ৰাজ্যতো অব্যাহত থাকিব শীত প্রবাহ৷ আজিৰ দিনটোত দেশৰ ৰাজধানী দিল্লীত চলিত বর্ষৰ আটাইতকৈ জাৰৰ দিন হিচাপে চিহ্ণিত হৈছে৷ দিল্লীত তাপমাত্রা ৪.৬ ডিগ্রী চেলছিয়াছৰ পৰা ৩.৩ ডিগ্রী চেলছিয়াছ পর্যন্ত হ্রাস পায়৷ লক্ষণীয়ভাৱে দেশৰ অন্যান্য ৰাজ্যসমূহলৈও নামি আহিছে শীত৷ উত্তৰ–পূব ভাৰতৰ বিভিন্ন ৰাজ্যতো আৰম্ভ হৈছে শীতপ্রবাহ৷ অৱশ্যে উত্তৰ–পূব ভাৰতৰ আটাইবোৰ ৰাজ্যত শীতপ্রবাহ সমানেই পৰা নাই বুলি সদৰী কৰিছে বতৰ বিজ্ঞান বিভাগে৷

You might also like