গুজৰাটত ৭৭ কেজি ড্রাগছসহ জব্দ পাকিস্তানী নাও
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ পুনৰ পাকিস্তানে ভাৰতলৈ ড্রাগ্ছৰ সৰবৰাহ আৰম্ভ কৰিছে৷ গুজৰাটৰ উপকূলত চাৰিশ কোটি টকাৰ হেৰ’ইনসহ ধৰা পৰিছে এখন পাকিস্তানী নাও৷ নাওখনত ৬জন পাকিস্তানী নাগৰিকো আছিল বুলি সদৰী কৰিছে প্রতিৰক্ষা মন্ত্রালয়ে৷ মন্ত্রালয়ৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি উপকূলৰক্ষী বাহিনী আৰু গুজৰাট আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাৰ যৌথ অভিযানত উপকূলৰ পৰা আল হুছেইনি নামৰ পাকিস্তানী নাওখন জব্দ কৰা হয়৷ নাওখনে আন্তর্জাতিক জলসীমা অতিক্রম কৰি ভাৰতীয় জলসীমাৰ অভ্যন্তৰত প্রৱেশ কৰিছিল৷ নাওখনৰ পৰা জব্দ কৰা হৈছিল ৭৭ কিলোগ্রাম হেৰ’ইন৷ জব্দ হোৱা এই হেৰ’ইনৰ মূল্য আন্তর্জাতিক বজাত ৪০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ প্রতিৰক্ষা মন্ত্রালয়ে এই কথাও উল্লেখ কৰে যে নাওখন বর্তমান গুজৰাট সীমান্তলৈ আহি আছিল৷ কি উদ্দেশ্যেৰে এই বিপুল পৰিমাণৰ ড্রাগ্ছ ভাৰতৰ ফালে অনা হৈছিল তাক লৈ চলাই থকা হৈছে অনুসন্ধান৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ছেপ্ঢেম্বৰ মাহত আদানি গোষ্ঠীৰ মুদ্রা বন্দৰত এখন জাহাজৰ পৰা দুটা কণ্টেইনাৰভর্তি ৩০০০ হাজাৰ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছিল৷ এই হেৰ’ইনৰ মূল্য আন্তর্জাতিক বজাৰত প্রায় ২০ হাজাৰ কোটি হ’ব বুলি ইতিমধ্যে নাক’র্টিক বিশেষজ্ঞসকলে ঘোষণা কৰে৷ লক্ষণীয়ভাৱে ভাৰতে পাকিস্তানৰ এই ড্রাগ্ছ সৰবৰাহ কার্যক ড্রাগছ জেহাদ বুলি অভিহিত কৰিছে৷