১০,২৩১টা অংগনৱাড়ী কেন্দ্র চলিছে ভাৰাঘৰত
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অংগনৱাড়ী কেন্দ্র কার্যক্ষম হৈ আছে৷ এই কেন্দ্রসমূহত মুঠ ১৭,১৪,৫৪৮গৰাকী ছাত্র–ছাত্রী আছে৷ বিধানসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ লিখিত উত্তৰ প্রদান কৰি এই তথ্য প্রদান কৰিলে সমাজকল্যাণ মন্ত্রী অজন্তা নেওগে৷ মন্ত্রীগৰাকী প্রকাশ কৰা তথ্য অনুসৰি বর্তমান ৪১,৭৬৩টা অংগনৱাড়ী কেন্দ্র চৰকাৰী গৃহত থকাৰ বিপৰীতে ১০,২৩১টা কেন্দ্র আছে ভাৰাঘৰত৷ তদুপৰি ৮,২৫৮টা কেন্দ্র বিদ্যালয়গৃহত আৰু ১,৫২৭টা কেন্দ্র অন্যান্য ৰাজহুৱা অনুষ্ঠানত চলি আছে৷ মন্ত্রীগৰাকীয়ে আন এক প্রশ্ণৰ উত্তৰত প্রকাশ কৰা তথ্য অনুসৰি ৰাজ্যত বর্তমান ২৩০টা সংহত শিশু বিকাশ প্রকল্প কার্যালয় আছে৷ ইয়াৰে ১৮৬টা সংহত শিশু বিকাশ প্রকল্প বিষয়াৰ কার্যালয় ভাৰাঘৰত চলি থকাৰ বিপৰীতে ৪৪টা কার্যালয় চৰকাৰী গৃহত চলি আছে৷ সংহত শিশু বিকাশ প্রকল্প বিষয়াৰ ভাৰাঘৰত চলি থকা কার্যালয়ৰ বাবদ বছৰি ৩,৩৪,৮০,০০০ টকা আৰু অংগনৱাড়ী কেন্দ্রৰ ভাড়াৰ বাবদ ১,০০৪৭,০০০ টকা ব্যয় হয়৷