নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত শিক্ষার্থীৰ থাকিব একাডেমিক বেংক একাউণ্ট

চাৰি বিভাগে পৰিচালনা কৰিব অংগনৱাড়ী কেন্দ্রঃ কর্মী-সহায়িকাক দিয়া হ’ব প্রশিক্ষণ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ আগন্তুক বর্ষৰ পৰাই ৰাজ্যত নতুন শিক্ষা নীতি প্রৱর্তনৰ বাবে ৰাজ্য চৰকাৰে চলাই থকা প্রস্তুতিক লৈ শনিবাৰে বিধানসভাত তথ্য দাঙি ধৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ অধ্যক্ষৰ উদ্যোগত নতুন শিক্ষা নীতিক লৈ হোৱা আলোচনাৰ উত্তৰ দি বিধানসভাত শিক্ষামন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে নতুন শিক্ষা নীতিক প্রাক্ প্রাথমিক শিক্ষাৰ মূল স্থান অংগনৱাড়ী কেন্দ্রসমূহ পৰিচালিত হ’ব চৰকাৰৰ চাৰিটা বিভাগৰ দ্বাৰা৷ সমাজ কল্যাণ, স্বাস্থ্য, জনজাতি উন্নয়ন আৰু শিক্ষা– এই চাৰিটা বিভাগৰ দ্বাৰা পৰিচালিত হ’ব লগা অংগনৱাড়ী কেন্দ্রত পুষ্টি বৃদ্ধিৰ লগতে বৌদ্ধিক বিকাশত সর্বাধিক গুৰুত্ব দিয়া হ’ব৷ অংগনৱাড়ী কর্মী আৰু সহায়িকাৰ বাবে প্রশিক্ষণৰ ৰূপৰেখাও ইতিমধ্যে প্রস্তুত হোৱা বুলি শিক্ষামন্ত্রীগৰাকীয়ে সদনক কালি জানিবলৈ দিয়ে৷

আনহাতে, নতুন শিক্ষা নীতিত বিদ্যালয় পাঠ্যক্রমত ছাত্র–ছাত্রীৰ ওপৰত বোজা হ্রাস কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– পূর্বৰ সকলো পাঠ্যক্রমো সলনি কৰা হ’ব৷ এন চি আৰ টিয়ে সাজু কৰা আর্হিৰ আধাৰত এছ চি ই আৰ টিয়ে প্রস্তুত কৰিব এই পাঠ্যক্রম৷ ইফালে নতুন শিক্ষা নীতিত একাডেমিক বেংক একাউণ্ট থাকিব বুলি উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– এই ব্যৱস্থাৰ জৰিয়তে কোনো ছাত্র বা ছাত্রীয়ে অধ্যয়ন কৰি থকা এখন বিশ্ববিদ্যালয়ৰ পৰা আন এখন বিশ্ববিদ্যালয়ত নির্দিষ্ট এটা পাঠ্যক্রমত অধ্যয়ন কৰিব পাৰিব৷ অর্থাৎ পিতৃ বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰি গৈ অন্য বিশ্ববিদ্যালয়ত পাঠ্যক্রম শেষ কৰি পুনৰ পূর্বৰ বিশ্ববিদ্যালয়খনলৈ ঘূৰি আহি এৰি থৈ যোৱা পাঠ্যক্রম সম্পূর্ণ কৰিব পাৰিব৷ একেদৰে নতুন শিক্ষা নীতিত স্নাতক পর্যায়ত প্রতিটো বর্ষৰ বাবে প্রদান কৰা হ’ব একোখন প্রমাণ–পত্র৷

আনহাতে, স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ প্রসংগ উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে স্বায়ত্তশাসিত এই মহাবিদ্যালয়সমূহ কোনো বিশ্ববিদ্যালয়ৰ অন্তর্গত নহ’ব৷ তেওঁলোকে নিজাববীয়াকৈ প্রদান কৰিব পাৰিব ডিগ্রী৷ ইয়াৰ পূর্বে নতুন শিক্ষা নীতিৰ ওপৰত বিভিন্ন প্রসংগ উত্থাপন কৰি ৰাজ্য চৰকাৰক পৰামর্শ প্রদান কৰে শাসক–বিৰোধীৰ কেইবাগৰাকীও বিধায়কে৷ বিধায়কসকলে দিয়া পৰামর্শ তথা বিভিন্ন দাবীৰ উত্তৰ প্রদান কৰি শিক্ষামন্ত্রীগৰাকীয়ে কালি ইয়াকো স্পষ্ট কৰে যে বর্তমান চলি থকা বি–এড ডিগ্রীৰ ঠাইত সংহত বি–এড ডিগ্রী প্রচলিত হ’ব৷ ২০৩০লৈহে এই সংহত বি–এড ডিগ্রী প্রযোজ্য হৈ থাকিব৷ প্রতিগৰাকী শিক্ষকে ৫০ ঘণ্টীয়া এক বিশেষ প্রশিক্ষণ বাধ্যতামূলকভাৱে ল’ব লাগিব বুলিও কালি শিক্ষামন্ত্রীগৰাকীয়ে সদনক জানিবলৈ দিয়ে৷

ভাষাৰ প্রসংগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ মন্তব্য– শিক্ষাৰ বাবেহে হ’ব ভাষা, ভাষাৰ বাবে শিক্ষা নহয়৷ এই নীতিত চলিব নতুন শিক্ষা নীতি৷ পাঠ্যক্রম প্রসংগত অহা ২৮ জুনত ৰাজ্যৰ সকলো বিশ্ববিদ্যালয়ৰ আচার্য–উপাচার্যসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হ’ব বুলিও আজি শিক্ষামন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷

You might also like