নকছাৰীত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকী ট্ৰেংকুলাইজড
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ মৰিয়নি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত আৰু মৰঙীয়াল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন নকছাৰীৰ বিভিন্ন এলেকাত বিগত প্ৰায় কুৰি দিনে সন্ত্ৰাস চলাই বহুকেইজন লোকক আহত কৰা নাহৰফুটুকীটো অৱশেষত জালত পৰে । কালি বুধবৰীয়া অঞ্চলত সাত জনকৈ লোকক আক্ৰমণ কৰি আহত কৰাৰ পিছত আজি বন বিভাগে নাহৰফুটুকীটো ট্ৰেংকুলাইজ কৰাৰ ব্যৱস্থা কৰে । সেইমতে কাজিৰঙাৰ বন্যজীৱৰ পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা অহা চিকিৎসকৰ এটা দলে আজি দুপৰীয়া নাহৰফুটুকীটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় ।
মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতাৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে বুধবৰীয়া মিৰিজান গাঁৱত নাহৰফুটুকীটোৰ সন্ধান লাভ কৰে । মুখৰ লগতে ভৰিত আঘাতপ্ৰাপ্ত নাহৰফুটুকীটো কিছু সময় একে স্থানতে থকা প্ৰত্যক্ষ কৰি সেই স্থানতে ট্ৰেংকুলাইজ কৰে বন বিভাগৰ দলটোৱে । পিছত অচেতন নাহৰফুটুকীটোক উদ্ধাৰ কৰি নাহৰফুটুকীটোক কাজিৰঙাৰ বন্যজীৱৰ চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যোৱা হয় । চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিলে নাহৰফুটুকীটোক কাজিৰঙাত মুকলি কৰি দিয়া হ’ব বুলিও বন বিভাগৰ সূত্ৰত প্ৰকাশ । ধৃত নাহৰফুটুকীটো মতা আছিল । বন বিভাগৰ সূত্ৰৰ মতে কালি বুধবৰীয়াত ৭ জনকৈ মানুহক আক্ৰমণ কৰাৰ সময়ত ৰাইজৰ আক্ৰমণত নাহৰফুটুকীটোও কিছু আঘাত প্ৰাপ্ত হৈছিল । উল্লেখযোগ্য যে, নকছাৰীৰ তিৰুৱাল, এৰা গাঁও, মৰাণ গাঁও, বুধবৰীয়া, কাকজান চাহ বাগিচা, বলিমৰা, দহোটীয়া, নগাডেৰা আদি বৃহৎ অঞ্চলত নাহৰফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল । পোন্ধৰ জনৰো অধিক লোকক আক্ৰমণ কৰি আহত কৰাৰ লগতে বহুসংখ্যক পশুধনও বধ কৰি ভক্ষণ কৰিছিল । ৰাতি বাদেই নাহৰফুটুকীৰ সন্ত্ৰাসত দিনৰ ভাগতেই ওলাব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছিল । বন বিভাগে পিঞ্জৰা পাতিছিল যদিও কৰায়ত্ত কৰিব পৰা নাছিল । কিন্তু অৱশেষত আজি সন্ত্ৰাস সৃষ্টিকাৰী নাহৰফুটুকীটোক ধৰিবলৈ সক্ষম হয় । ফলত এক বৃহৎ এলেকাৰ জনসাধাৰণে স্বস্তিৰ নিশ্বাস পেলাইছে । বন বিভাগৰ সূত্ৰৰ মতে একেটা নাহৰফুটুকীয়েই এই অঞ্চলসমূহত সন্ত্ৰাস চলাইছিল । কিন্তু একাংশ ৰাইজৰ মতে কমেও দুটা নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছে । এটা নাহৰফুটুকী কৰায়ত্ত হোৱাৰ লগে লগে সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজে মতপোষন কৰিছে ।