প্রত্যেকেই জীৱনৰ অন্তর্নিহিত শক্তিক চিনি পাবলৈ যত্নপৰ হ’ব লাগে
কে চি দাস কমার্চ কলেজত বত্তৃণতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ যোৱা ২৮ ডিচেম্বৰত গুৱাহাটীৰ কে. চি. দাস কমার্চ কলেজৰ ‘ভেল্যু এডেড এডুকেচন’ বিভাগৰ উদ্যোগত আজি এক বিশেষ বত্তৃণতানুষ্ঠান অনুষ্ঠিত হয়৷ বত্তৃণতাৰ বিষয় আছিল ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’৷ এই অনুষ্ঠানৰ সমল ব্যক্তি আছিল শ্রী ৰামকৃষ্ণ বিবেকানন্দ শ্রীৰবিন্দ অনুৰাগী দিগন্ত বিশ্ব শর্মা৷ অনুষ্ঠানত তিনিশৰো অধিক ছাত্র–ছাত্রী আৰু অধ্যাপক–অধ্যাপিকা উপস্থিত থাকে৷ বন্তি প্রজ্বলনেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ হূষীকেশ বৰুৱাই আদৰণী ভাষণত কয় যে বর্তমানৰ সামাজিক পৰিৱেশত ছাত্র–ছাত্রীৰ মানসিক স্বাস্থ্য সম্পর্কীয় দিশটোৰ প্রতি লক্ষ্য ৰাখি এই বত্তৃণতাৰ আয়োজন কৰা হৈছে৷
দিগন্ত বিশ্ব শর্মাই ভাষণ প্রসংগত কয় যে ছাত্র–ছাত্রীসকলৰ জীৱনৰ লক্ষ্য কেৱল জীৱিকা আহৰণৰ পথ গঢ়ি লোৱাটোৱেই হোৱা অনুচিত৷ প্রত্যেকগৰাকী ব্যক্তিয়েই নিজৰ অন্তর্নিহিত শক্তিক চিনি পাবলৈ যত্নপৰ হ’ব লাগে৷ সেই শক্তিৰ উপযুক্ত ব্যৱহাৰ কৰাৰ শিক্ষা আহৰণ কৰিব লাগে৷ মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ বিভাগীয় প্রধান ড০ স্বপ্ণা স্মৃতি মহন্তই আঁত ধৰা অনুষ্ঠানটোত ড০ অনন্ত পেগু আৰু টনী বায়নে কাৰিকৰী দিশত সহযোগিতা আগবঢ়ায়৷ অনুষ্ঠানৰ সমাপ্তিত মহাবিদ্যলয়ৰ উপাধ্যক্ষ ড০ ভৱভূতি শর্মাই শলাগৰ শৰাই আগবঢ়ায়৷