নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ৰাজ্যৰ ৰাজনীতি বিৰোধীমুক্ত হোৱাৰ দিশে অগ্রসৰ হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে সমাজৰ সকলো স্তৰৰ লোকক স্পর্শ কৰাকৈ বিভিন্ন উন্নয়নমূলক আঁচনি গ্রহণৰ লগতে স্বাধীনতাৰ দিন ধৰি সমাধান নোহোৱা বহু সমস্যা সমাধানৰ বাবে গ্রহণ কৰা পদক্ষেপৰ বাবেই সম্প্রতি প্রধান বিৰোধী দল কংগ্রেছ আৰু বিৰোধী দল এ আই ইউ ডি এফৰ একাংশ বিধায়কে বিজেপিৰ প্রতি আকৃষ্ট হৈ পৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত ৰাজ্যখনত আৰম্ভ হোৱা অবিৰত উন্নয়ন যাত্রাৰ বাবেই ইতিমধ্যে কংগ্রেছৰ দুই বিধায়ক ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁয়ে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে আৰু উপ–নির্বাচনৰ জৰিয়তে তেওঁলোক বিজেপিৰ বিধায়ক হিচাপে নির্বাচিত হৈ আহে৷ সেইদৰে ৰহা সমষ্টিৰ কংগ্রেছ বিধায়ক শশীকান্ত দাসে ইতিমধ্যে মুখ্যমন্ত্রী ড০ শর্মাক সাক্ষাৎ কৰি নিজ সমষ্টিৰ উন্নয়নৰ স্বার্থত কংগ্রেছৰ বিধায়ক হৈও চৰকাৰ আৰু মুখ্যমন্ত্রীৰ লগত থাকিব বুলি আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷
ইপিনে কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, ভাস্কৰজ্যোতি বৰুৱা, শিৱামণি বৰা, যাদৱ স্বর্গীয়াৰী আদিকে ধৰি একাংশই বিজেপিৰ সৈতে সঘন যোগাযোগত আছে বুলি ব্যাপক চর্চা চলি আছে৷ বিজেপি নেতা শিলাদিত্য দেৱে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই বিজেপিত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখাৰ কথা প্রকাশ কৰিছে৷ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱায়ো বিজেপিৰ লগত মধুৰ সম্পর্ক ৰক্ষা কৰি অহাৰ লগতে বিভিন্ন অনুষ্ঠানত অংশগ্রহণ কৰিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো বিৰোধীৰ বহু বিধায়কে সম্প্রতি বিজেপিত যোগদানৰ বাবে আগ্রহ প্রকাশ কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে৷ আসন্ন পৌৰ নির্বাচনৰ পাছতহে সেই সম্পর্কত দলে সিদ্ধান্ত গ্রহণ কৰিব বুলি সভাপতি কলিতাই প্রকাশ কৰে৷ তেওঁ লগতে সংখ্যালঘু সম্প্রদায়ৰ একাংশ বিধায়কেও সম্প্রতি বিজেপিত যোগদানৰ বাবে আগ্রহ প্রকাশ কৰা বুলি ব্যক্ত কৰে৷
কংগ্রেছৰ বিধায়কে কেৱল বিজেপিতেই নহয়, বিজেপিৰ মিত্রদল অগপতো যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখাৰ খবৰ ওলাইছে৷ এইক্ষেত্রত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বকো সমষ্টিৰ বিধায়ক নন্দিতা দাসৰ নাম চর্চাত আছে৷ মূলতঃ উক্ত সমষ্টি দুটাৰ জনবিন্যাস অনুসৰি বিজেপি দলৰ পৰা নির্বাচনত অৱতীর্ণ হৈ জয়লাভৰ সম্ভাৱনা অধিক প্রত্যাহ্বানমূলক হ’ব পাৰে বুলি ধাৰণা কৰিয়েই তেওঁলোকে মিত্রদল অগপৰ জৰিয়তে শাসকপক্ষৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে৷ অৱশ্যে বিজেপি অথবা অগপত যোগদান কৰিব বুলি চর্চা চলি থকা প্রতিগৰাকীয়েই সংবাদ মাধ্যমৰ আগত সেয়া অস্বীকাৰ কৰি আহিছে৷ কিন্তু পূর্বতে অজন্তা নেওগ, ৰূপজ্যোতি কুর্মী, সুশান্ত বৰগোহাঁই আদিয়েও তেনে চর্চা চলি থকা সময়ত সেই বিষয়টো অস্বীকাৰ কৰি অহালৈ চাই বর্তমানৰ বিধায়কসকলৰ সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য কিমান সঁচা, সেয়া সময়তহে স্পষ্ট হ’ব৷
ইপিনে কংগ্রেছৰ দৰে এ আই ইউ ডি এফৰ একাংশ বিধায়কো সম্প্রতি চৰকাৰৰ কাম–কাজত আকর্ষিত হৈ পৰা দেখা গৈছে৷ দলটোৰ বিধায়ক চিৰাজুদ্দিন আজমল, কৰিমুদ্দিন বৰভূঞাকে ধৰি একাংশই যোৱা দিনসমূহত মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন চৰকাৰৰ বহু কাম–কাজক মুকলিভাৱেই সমর্থন আৰু প্রশংসা কৰি আহিছে৷ শেহতীয়াকৈ দলগাঁও সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক মজিবুৰ ৰহমানে চৰকাৰৰ কাম–কাজত পঞ্চমুখ হৈ পৰা দেখা গৈছে৷ যোৱা সোমবাৰে তেওঁ সমষ্টিটোৰ খাৰুপেটীয়াত এক ৰাজহুৱা অনুষ্ঠানত অতি স্পষ্টভাৱে বর্তমানৰ চৰকাৰে দুখীয়া মানুহৰ বাবে যি কৰিছে, পূর্বৰ কোনো চৰকাৰে কৰা নাছিল বুলি মন্তব্য কৰে৷ ৰাজহুৱা সভাখনত বিধায়ক ৰহমানে চৰকাৰৰ অনাময় আঁচনিয়ে দুখীয়াৰ পৰা অতি দুখীয়া লোকক যথেষ্ট উপকৃত কৰিছে বুলি কয়৷ কৃষকৰ বাবেও বর্তমানৰ চৰকাৰে কাম কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এটা সময়ত কৃষক পৰিয়ালৰ লোকে চৰকাৰৰ ওচৰত কিবা কাম বিচাৰি গ’লে পৰিয়ালত শিক্ষিত লোক আছেনে বুলি প্রশ্ণ কৰি শিক্ষিত লোক নাথাকিলে কেনেকৈ চাকৰি দিব বুলি ওভতাই পঠিয়াইছিল৷ কিন্তু এতিয়া কৃষক পৰিয়ালে প্রধানমন্ত্রীৰ কৃষক সন্মান নিধিৰ অধীনত কৃষিকার্য কৰাৰ বাবে হাজাৰ হাজাৰ টকা লাভ কৰিছে৷ পূর্বতে চৰকাৰে সূতা–কম্বলৰ ৰাজনীতি কৰিছিল, কিন্তু বর্তমানৰ চৰকাৰখনে সূতা–কম্বলৰ ৰাজনীতি কৰা নাই৷ দেশ স্বাধীনতাৰ পাছত বছৰ বছৰ ধৰি মাটিৰ নামজাৰি হোৱা নাছিল, ম্যাদী পট্টা দিয়া হোৱা নাছিল৷
যোৱা ৭০ বছৰত কোনো চৰকাৰে কৰিব নোৱাৰা কাম বর্তমানৰ চৰকাৰে কৰিবলৈ আৰম্ভ কৰিছে৷ ভূমিহীন লোকক চৰকাৰে ৬ বিঘা পর্যন্ত মাটি দিব বুলি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে৷ তেওঁ আৰু কয় যে ধর্মীয় সংখ্যালঘুৰ ভোট লৈ যিসকলে দিছপুৰত চৰকাৰত বহিছিল, তেওঁলোকে কিন্তু এইসকল লোকৰ বাবে একো কাম নকৰিলে৷ মঙলদৈৰ বিজেপি সাংসদ দিলীপ কুমাৰ শইকীয়াকো প্রশংসা কৰি তেওঁ কয় যে সাংসদ শইকীয়াক ৰাইজে বৰ ভাল পায়৷ সেয়ে তেওঁ সাংসদ শইকীয়া আগুৱাই যোৱাটো বিচাৰে৷ এ আই ইউ ডি এফৰ বিধায়ক ৰহমানৰ ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে– ধর্মীয় সংখ্যালঘুসকলো ক্রমাৎ বিজেপি চৰকাৰৰ কাম–কাজত আকৃষ্ট হৈছে৷ সম্ভৱতঃ ধর্মীয় সংখ্যালঘুসকলৰ বিজেপিৰ প্রতি মানসিকতা সলনি হোৱাৰ উমান পায়েই কেইদিনমান পূর্বে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংখ্যালঘু সম্প্রদায়ৰ বিৰোধী বিধায়কেও বিজেপিত যোগদানৰ বাবে আগ্রহী হৈ উঠিছে বুলি মন্তব্য কৰিছিল৷ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হোৱা এই ধাৰা অব্যাহত থাকিলে অসমত বিৰোধী ৰাজনীতি নোহোৱা হোৱাৰেই সম্ভাৱনা প্রকট বুলিব পাৰি৷