অহা বর্ষৰ পৰা পাঠকৰ ভোটেৰে কৰা হ’ব শ্রেষ্ঠ সাহিত্যিকৰ নির্বাচন
অসম গ্রন্থমেলা মুকলি কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ গ্রন্থপ্রেমীৰ প্রতীক্ষাৰ অন্ত পেলাই মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আৰম্ভ হ’ল অসম গ্রন্থমেলা৷ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থা আৰু অসম প্রকাশন পৰিষদৰ যৌথ উদ্যোগত প্রথমবাৰৰ বাবে আয়োজন কৰা অসম গ্রন্থমেলা আজি মুকলি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ অহা ৯ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গ্রন্থমেলা উদ্বোধন কৰি দিয়া ভাষণত শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্রন্থ আন্দোলনক পুনৰ জনপ্রিয় কৰি তুলিবলৈ আহ্বান জনায়৷ এই প্রসংগতে তেওঁ কয়– ‘কিতাপ পঢ়া মানেই প্রশান্তি৷ আমাৰ মন–মগজুত সৃষ্টি হোৱা অন্তর্দ্বন্দ্বই দিয়া যন্ত্রণাৰ পৰা কিদৰে মুক্তি পাব পাৰি, সেই সন্দর্ভত বহু কিতাপ প্রকাশ পাইছে৷ কোনোবাই যদি যোগাভ্যাসৰ জৰিয়তে এই অন্তর্দ্বন্দ্ব হ্রাস কৰাৰ উপায় দিছে, আন কোনোবাই আকৌ কৈছে যে সংগীতে হ্রাস কৰিব পাৰে অন্তর্দ্বন্দ্ব৷ কিন্তু মনৰ মাজৰ অন্তর্দ্বন্দ্ব প্রশমিত কৰিবলৈ তথা নিজক আৱিষ্কাৰ কৰাৰ একমাত্র উপায় হৈছে গ্রন্থ অধ্যয়ন৷ গ্রন্থৰ মাজত নিজকে বিলীন কৰিব পাৰিলে বৈষয়িক, জাগতিক দ্বন্দ্ব, অশান্তি প্রশমিত কৰি অন্তৰাত্মাক পুনৰ আৱিষ্কাৰ কৰিব পৰা যায়৷ সম্প্রতি মানুহে কিতাপ পঢ়িবলৈ লৈছে৷ ইয়াক আমি সংস্কৃতিলৈ ৰূপান্তৰ কৰিব লাগিব৷’
গ্রন্থৰ সমাদৰ আমাৰ সমাজত এতিয়াও আছে বুলি উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে সৰু সৰু চহৰতো গ্রন্থমেলাসমূহে পাঠকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ ক’ভিড পৰিস্থিতিৰ মাজত গ্রন্থমেলা আয়োজন কৰিবলৈ সক্ষম হোৱাটো এটা আনন্দৰ খবৰ৷ ইফালে ভাষণ প্রসংগতে তেওঁ আগন্তুক সময়ত প্রকাশন পৰিষদে গ্রহণ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপৰ কথা ঘোষণা কৰে৷ সেই অনুসৰি অহা বর্ষৰ পৰা অসম প্রকাশন পৰিষদৰ সাহিত্য বঁটাৰ অংশ হিচাপে শ্রেষ্ঠ লেখক আৰু প্রকাশকক ৫ লাখ টকাকৈ প্রদান কৰা হ’ব৷ তদুপৰি শ্রেষ্ঠ লেখক নির্বাচনৰ বাবে বাছনি কমিটীৰ পৰামর্শৰ উপৰি পাঠকৰ পৰা গ্রহণ কৰা হ’ব ভোট৷ সেইদৰে প্রকাশন পৰিষদে অনুবাদ সাহিত্যৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি মত পোষণ কৰি তেওঁ কয় যে কেৱল ইংৰাজী ভাষাৰ কিতাপ অসমীয়া ভাষালৈ অনূদিত কৰাৰ ক্ষেত্রতে পদক্ষেপ লোৱা হোৱা নাই৷ বৰঞ্চ অসমীয়া ভাষাৰ কিতাপো ইংৰাজী ভাষালৈ অনূদিত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ তদুপৰি জনগোষ্ঠীয় ভাষাসমূহলৈও প্রকাশন পৰিষদে অনূদিত কৰা গ্রন্থ আগন্তুক সময়ত প্রকাশ কৰিব৷
ইপিনে উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই অসম চৰকাৰক গুৱাহাটীত এটা জাতীয় পুথিভঁৰাল স্থাপন কৰিবলৈ আহ্বান জনায়৷ এই প্রসংগত তেওঁ কয়– গুৱাহাটীত আমাক এটা জাতীয় পুথিভঁৰাল লাগে৷ সকলো ভাষাৰ কিতাপ থকা এনে এটা জাতীয় পুথিভঁৰাল থাকিলে কিমান ভাল লাগিব, সেয়া এবাৰ ভাবকচোন৷ য’ত কেইবাটাও ভাগ থাকিব৷ কার্বি, ৰাভা, বড়ো আদিকে ধৰি বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু অসমীয়া ভাষাৰ গ্রন্থ ভাগ ভাগকৈ এই জাতীয় পুথিভঁৰালত উপলব্ধ হ’ব আৰু যিকোনো এজন গৱেষকে একে ঠাইতে বহি সকলো ধৰণৰ সাহিত্যৰ সমল ল’ব পাৰিব৷ ভাষণ প্রসংগত সভাপতিগৰাকীয়ে অসম সাহিত্য সভাই অসমীয়া ভাষা–সংস্কৃতিৰ উত্তৰণৰ বাবে গ্রহণ কৰা কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে কিতাপ নপঢ়ে বুলি কেৱল নৱপ্রজন্মক দোষাৰোপ কৰিলেই নহ’ব৷ ছপা আকাৰৰ লগতে তেওঁলোকক ম’বাইলতো আমি সকলো ধৰণৰ অসমীয়া গ্রন্থ উপলব্ধ কৰাব পাৰিব লাগিব৷ যাৰ বাবে অসম সাহিত্য সভাই এটা নতুন প্রকল্প গ্রহণ কৰিছে৷ যাৰ জৰিয়তে বিভিন্ন গ্রন্থৰ ডিজিটাইজেচন কৰা হৈছে৷ যুগৰ লগত অসমৰ ভাষা–সংস্কৃতিও একেলগে আগবাঢ়ি যাব লাগিব৷ ইতিমধ্যে বিভিন্ন বিদেশী ৰাষ্ট্রৰ লগতে আহমেদাবাদ, মুম্বাইকে ধৰি বিভিন্ন স্থানত বাস কৰা অসমীয়া লোকসকলৰ সন্তানক অসমীয়া ভাষা শিকোৱাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি ড০ কুলধৰ শইকীয়াই কয় যে ইতিমধ্যে আই আই টি, গুৱাহাটীতো অসমীয়া ভাষাৰ এটা পাঠ্যক্রম আৰম্ভ কৰা হৈছে, য’ত শিক্ষক–শিক্ষার্থীসক নামভর্তি কৰিবলৈ আগ্রহ প্রকাশ কৰিছে৷ তদুপৰি ভাল বিষয়ৰ ওপৰত লিখা কিতাপ পাঠকে সদায় আদৰি ল’ব বুলি মন্তব্য কৰি তেওঁ বর্তমান সময়ত বিশ্বত আধিপত্য বিস্তাৰ কৰা ক্রিপ্ঢ’ কাৰেঞ্চী, জলবায়ু পৰিৱর্তন আদিকে ধৰি বিভিন্ন নতুন বিষয়ৰ ওপৰতো গ্রন্থ ৰচনা কৰিবলৈ আহ্বান জনায়৷
ইফালে উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই কয় যে ইণ্টাৰনেটৰ যুগতো কিতাপৰ সমাদৰ ম্লান পৰা নাই৷ কেৱল সাহিত্যৰেই নহয়, জ্ঞানকেন্দ্রিক বিষয়ৰ গ্রন্থৰ প্রয়োজনীয়তা সন্দর্ভত তাৎপর্যপূর্ণ মন্তব্য কৰি ড০ মহন্তই কয়– ‘উপন্যাস, গল্প, কবিতাৰ আধাৰতে সমাজ জীৱনৰ আকাংক্ষিত উত্তৰণ নঘটে৷ এইক্ষেত্রত সৃষ্টিশীল সাহিত্যৰ লগতে গৱেষণামূলক জ্ঞানকেন্দ্রিক গ্রন্থৰ ভূমিকা আছে৷ অনাগত সময়ত জ্ঞানকেন্দ্রিক গ্রন্থ পঢ়ুৱৈৰ মাজত সমাদৰ লাভ কৰিলেহে সমাজ ব্যৱস্থা সন্তুলিত হ’ব৷ প্রজ্ঞাৰ বাট মুকলি কৰাৰ বাবে এনে গ্রন্থৰ প্রয়োজন৷’ ভক্তি আন্দোলৰ সৈতে সাহিত্যৰ সংযোগ ঘটাই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমীয়া সমাজ নির্মাণ কৰিছিল বুলিও তেওঁ কয়৷ শৰৎ ৰাগে পৰিৱেশন কৰা গুৰু বন্দনাৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্রদান কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই৷
এই অনুষ্ঠানত অসম প্রকাশন পৰিষদে নতুনকৈ প্রকাশ কৰা ৮খন গ্রন্থ উন্মোচন কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ এই গ্রন্থকেইখন হৈছে ৰক্তিম পাটৰৰ ‘মহাৰাজা পৃথু’, ড০ প্রাঞ্জল শর্মা বশিষ্ঠ সম্পাদিত ‘আসাম বিলাসিনী’, ড০ প্রাণজিৎ বৰা সম্পাদিত ‘নৱকান্ত বৰুৱা ৰচনাৱলী’, ড০ অঞ্জলি শর্মা সম্পাদিত ‘নলিনীবালা দেৱীৰ ৰচনাৱলী’, ড০ দীপক কুমাৰ শর্মাই অনুবাদ কৰা ‘শংকৰাচার্যৰ বিবেক চূড়ামণি’, ড০ অমিয়া ৰাজবংশী অনূদিত ডাৰউইনৰ দ্য অৰিজিন অৱ স্পেচিছৰ অসমীয়া অনুবাদ প্রজাতিৰ উৎপত্তি, ড০ দীপ্তি ফুকন পাটগিৰী অনূদিত ‘শৰদিন্দু বন্দোপাধ্যায়ৰ তুংগাভদ্রাৰ পাৰত’ আৰু ড০ ভূপেন ৰায় চৌধুৰী অনূদিত ‘ভাৰতীয় সংস্কৃতিৰ বিশ্ব জিলিঙনি’৷ উদ্বোধনী অনুষ্ঠানতে চলিত বর্ষৰ প্রকাশন পৰিষদ সাহিত্য বঁটা ‘বঙল বহু দূৰ’ শীর্ষক উপন্যাসৰ বাবে ডাঃ নন্দিতা দেৱী আৰু প্রকাশক নগেন শর্মাক প্রদান কৰা হয়৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্রদান কৰা এই বঁটাত আছে মানপত্র, গ্রন্থৰ টোপোলা আৰু দুই লাখ টকাৰ চেক৷ অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত সচিব প্রীতম শইকীয়া, পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰান আহমেদকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত৷ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে যুৱ কল্যাণ আৰু ক্রীড়া উন্নয়ন বিভাগৰ সদস্য সচিব পৱিত্র মার্ঘেৰিটাই৷ গ্রন্থমেলাৰ প্রথম দিনটোতে গ্রন্থপ্রেমীয়ে ভিৰ কৰা পৰিলক্ষিত হয়৷