বান–খহনীয়াৰ বাবে অসমক মাত্র ৫১.৫৩ কোটি
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ: প্রাকৃতিক দুর্যোগত বিধ্বস্ত দেশৰ ৬খন ৰাজ্যৰ বাবে কেন্দ্রীয় চৰকাৰে কালি ৰাষ্ট্রীয় দুর্যোগ প্রশমন পুঁজিৰ (এন ডি আৰ এফ) অধীনত ৩,০৬৩.২১ কোটি টকাৰ অনুমোদন দিয়ে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ নেতৃত্বাধীন উচ্চ পর্যায়ৰ কমিটীয়ে কালি এই বুজন পৰিমাণৰ সাহায্য পুঁজিৰ মঞ্জুৰি প্রদান কৰে৷ পিছে ইয়াৰ ভিতৰত ২০২০–২১ বর্ষৰ বানপানী আৰু গৰাখহনীয়াৰ বাবে অসমক সর্বনিম্ন ৫১.৫৩ কোটি টকাহে অনুমোদন জনোৱা হৈছে৷
কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ প্রেছ বিজ্ঞপ্তি অনুসৰি চলিত বছৰৰ দক্ষিণ–পশ্চিম মৌচুমী বায়ুৰ প্রভাৱত উৎপত্তি হোৱা বানপানী আৰু খহনীয়াৰ বাবে অসমক এন ডি আৰ এফ শিতানত উক্ত ধনৰাশি আগবঢ়োৱা হৈছে৷ হয়াৰ বিপৰীতে চলিত বছৰত টৌকতে চাহক্লনত বিধ্বস্ত গুজৰাটৰ বাবে কালি ১,১৩৩.৩৫ কোটি টকা অনুমোদন জনোৱা হয়৷ য়াছ চাইক্লনত বিধ্বস্ত পশ্চিমবংগৰ বাবে অনুমোদন জনোৱা হয় ৫৮৬.৫৯ কোটি টকা৷
আনহাতে অসমৰ নিচিনা বানপানীত বিধ্বস্ত কর্ণাটক, মধ্য প্রদেশ আৰু উত্তৰাখণ্ডৰ বাবে অনুমোদন জনোৱা হয় ক্রমে ৫০৪.০৬ কোটি, ৬০০.৫০ কোটি আৰু ১৮৭.১৮ কোটি টকা৷ বিভাগীয় প্রেছ বিজ্ঞপ্তিত কোৱা হৈছে যে প্রাকৃতিক দুর্যোগত বিধ্বস্ত এই ছয়খন ৰাজ্যৰ লোকসকলক সকাহ দিয়াৰ সংকল্পৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷