বীৰ লাচিত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্রাক্তন ছাত্র–ছাত্রী সমাৰোহ উদযাপন
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ শিৱসাগৰ জিলাৰ বীৰ লাচিত মহাবিদ্যালয়ত যোৱা ২৯ ডিচেম্বৰত অসমীয়া বিভাগৰ উদ্যোগত প্রাক্তন ছাত্র–ছাত্রীৰ সমাৰোহখনি সাফল্যমণ্ডিতভাৱে উদ্যাপন কৰা হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষা দিপালী নেওগে মহাবিদ্যালয়ৰ ফালৰ পৰা উদ্বোধনী ভাষণ ৰখাৰ লগতে অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা মঞ্জুমালা শর্মাই আদৰণি ভাষণ আগবঢ়াই৷ বিভাগীয় মুৰববী অধ্যাপিকা অঞ্জুমণি চিৰিং ফুকনে ছাত্র–ছাত্রীক উদ্দেশি ভাষণ প্রশংসগত বহুতো পুৰণি কথা দোহাৰি অতীত ৰোমন্থন কৰে৷ ইয়াৰ পিছতে সহঃধ্যাপিকা পিংকী দাসে পার্বতী প্রসাদৰ এটি গীত পৰিৱেশন কৰি অনুষ্ঠানটি গাম্ভির্যপূর্ণ কৰি তোলে৷ সমাজতত্ব বিভাগৰ ড০ সীমান্ত বৰুৱাৰ চমু ভাষণৰে সকলোকে মন্ত্রমুগ্ধ কৰি তোলে৷ সভাৰ আৰম্ভণিতে সহঃ অধ্যাপক ধ্রুৱজ্যোতি বৰঠাকুৰে সভাখনি আঁত ধৰে৷ পৰৱর্তী সময়ত প্রাক্তন ছাত্র–ছাত্রীক আঁত ধৰিবলৈ দিয়ে ৷ সেই অনুসৰি মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র নিৰৱ বাইলুং আহোমে অনুষ্ঠানটিৰ আঁত ধৰে৷ প্রাক্তন ছাত্র–ছাত্রীৰ অন্তৰংগ আলাপ হোৱাৰ লগতে নৃত্য, গীত, কবিতা আবৃত্তি, অভিনয় আদিৰে অনুষ্ঠানটি জীপাল কৰি তোলে৷ প্রাক্তন ছাত্র নিৰৱ বাইলুং আহোমে আঁত ধৰা সমাৰোহত ছাত্র–ছাত্রীসকলৰ অনুভৱক সৰব কৰি তোলাৰ উপৰিও এই অনুষ্ঠানতে পৃষ্টপোষক দিপালী নেওগ, উপদেষ্টা মঞ্জুমালা শর্মা, পিংকী দাস, অঞ্জুমণি চিৰিং ফুকন, ধ্রুৱজ্যোতি বৰঠাকুৰ, সভাপতি ৰণদ্বীপ বৰুৱা, উপ সভাপতি মুনমী গগৈ, বিতু গগৈ, ডিম্বেশ্বৰ দাস, সম্পাদক নিৰৱ বাইলুং আহোম, সহঃ সম্পাদক ৰিতামণি গগৈ, চিত্রালী বৰগোঁই, সাংসৃক্তিক সম্পাদক অনিমাই মিলিকে লৈ বিভিন্ন বিভাগত মুঠ ৩৩ জনীয়া এখনি প্রাক্তন ছাত্র–ছাত্রীৰ সমিতি গঠন কৰা হয়৷