লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ ১, আৰক্ষীৰ শূণ্যলৈ গুলীচালনা
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত ধাৰাবাহিকভাৱে অব্যাহত আছে বৰবিহ ড্ৰাগছ বিৰুদ্ধে অভিযান ।যোৱা নিশা এক গোপন খবৰৰভিত্তিত লাহৰীঘাটৰ গৰৈমাৰী অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মফিদুল ইছলাম নামৰ এটা সৰবৰাহকাৰীকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।আৰক্ষীৰ অভিযানত ড্ৰাগছ মাফিয়া মফিদুল ইছলাম পলায়ন কৰিব বিচৰাত আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিব লগা হয় । ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৬০ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।