ধুবুৰীত কংগ্ৰেছক তীব্ৰ কটাক্ষ আজমলৰ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ “এক আল্লাহ বিদায় দিব পাৰে; বাকী কোনো বিদায় দিব নোৱাৰে।” ২৪ৰ লোকসভা নিৰ্বাচনত ধুুবুৰীৰ পৰা বিদায় দিয়াৰ কংগ্ৰেছৰ দাৱীক আজি এইদৰে প্ৰত্যাহ্বান জনালে স্থানীয় সাংসদ তথা এআইইউডিএফপ্ৰধান বদৰুদ্দিন আজমলে। আজি সন্ধিয়া ধুবুৰীত একাংশ সাংবাদিকৰে হোৱা কথা-বতৰাত আল্লাহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি দোহাৰে তেওঁ। কংগ্ৰেছৰ বিৰোধী জোটত চামিল হোৱাৰ সম্ভাৱনা ক্ৰমশঃ নোহোৱা হৈ পৰিবলৈ লোৱাক কেন্দ্ৰ কৰি ভিতৰি ভিতৰি আশাহত হৈ পৰাৰ বিষয়টো উন্মোচিত কৰি সাংসদগৰাকীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, “ইউডিএফ ইউডিএফ আৰু অইন সকলোৱে এফালে: আৰু ইউডিএফ অইনফালে।” আনহাতে কংগ্ৰেছে সততে “মামা-চাচা”ৰ কৈ তেওঁৰ ওপৰত চলাই অহা আক্ৰমণৰ প্ৰত্যুত্বৰ ৰূপে আজমলৰ ওলোটা কটাক্ষ, ” চাওক তেওঁলোকৰ অইন কোনো ইছ্যু নাই নহয়! অসমৰ আৰু কোনো ইছ্যু নাই? মূল্যবৃদ্ধি কোনফালে গৈ আছে; বিজেপি কোনফালে লৈ গৈ আছে – এইবোৰ কোনো ইছ্যু নাই। আজি সৰ্ব ভাৰতীয় পৰ্য্যায়ত কি হৈ আছে, মোদীজি কি কৰি আছে; চৰকাৰে কি কৰি আছে – সেইবোৰ লৈ ইছ্যু নাই। তেওঁলোকৰ কেৱল এটাই ইছ্যু মামা আৰু মিতিৰালি।”

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured