খৈৰাবাৰীত বিপিএফত মেগা যোগদান সমাৰোহ

🔹 প্ৰমোদ বড়োৱে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই : ৰিহণ দৈমাৰী

🔹 এবছুৱেহে চলাই আছে বিটিচি : হাগ্ৰামা

নিয়মীয়া বাৰ্তা,  ১ অক্টোবৰ : বি পি এফৰ খৈৰাবাৰী ব্লক কমিটীৰ উদ্যোগত খৈৰাবাৰীত আজি এক মেগা যোগদান সমাৰোহৰ কাৰ্যসূচী অনুষ্ঠিত হয় । খৈৰাবাৰীৰ মহিৰংগ ফাওথিনাশালীত অনুষ্ঠিত এই যোগদান সমাৰোহত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী তথা বি পি এফৰ শীৰ্ষ পৰ্যায়ৰ নেতা ৰিহণ দৈমাৰীয়ে প্ৰমোদ বড়োক চোকা ভাষাৰে সমালোচনা কৰি কয় যে ৰাইজক দিয়া প্ৰতিশ্ৰুতি প্ৰমোদ বড়োৱে ৰক্ষা কৰিব পৰা নাই । ৰাইজেও এতিয়া এই কথা উপলব্ধি কৰিব পাৰিছে । প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি চি চৰকাৰখনে জনসাধাৰণৰ আস্থা-বিশ্বাস হেৰুৱাই পেলাইছে । এই চৰকাৰখনৰ ভৱিষ্যত নাই বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে সংবিধানে দিয়া ষষ্ঠ অনুসূচীৰ ক্ষমতাও প্ৰমোদ বড়োৱে ব্যৱহাৰ কৰিব পৰা নাই । এনে নেতাৰ পৰা কি আশা কৰিব পাৰি বুলিও কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । প্ৰাক্তন বি টি চিপ্ৰধান তথা বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে যোগদান কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি বৰ্তমানৰ বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লয়। নিজৰ বড়ো জাতিটোকে ঠগ-প্ৰৱঞ্চনা কৰি অহা প্ৰমোদ বড়োৱে আন জাতি-জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব বুলি মন্তব্য কৰি মহিলাৰীয়ে কয় যে এতিয়া প্ৰমোদ বড়োৱে নহয়, এবছুইহে চলাই আছে বি টি চি । বি টি চিত তেওঁৰ বি পি এফৰ চৰকাৰ আহিলে সকলো জনগোষ্ঠীৰ লোককে ভূমিৰ পট্টা দিব বুলিও তেওঁ ৰাইজক আশ্বাস দিয়ে । বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীৰ সঞ্চালনাত অনুষ্ঠিত এই যোগদান সমাৰোহত প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মহেশ্বৰ বড়ো, বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, বি পি এফৰ উপ-সভাপতি তথা প্ৰাক্তন এন ডি এফ বি নেতা ধীৰেন বড়ো, এম চি এল এ ফ্ৰেছ মুছাহাৰী, বি পি এফৰ কেন্দ্ৰীয় সম্পাদিকা আখতাৰা বেগম, কোচ ৰাজবংশী কোষৰ সভাপতি দীপাংকৰ ৰাজবংশী, যুৱ বি পি এফৰ শীৰ্ষ নেতা শৰৎ দাস, কাষ্টম বসুমতাৰী, বি টি চিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো, বি পি এফৰ কেন্দ্ৰীয় নেতা ৰবীনচন মছাহাৰী সমন্বিতে আদিবাসী, বেংগলী, গোৰ্খা, সংখ্যালঘু, নাথ যোগীকে ধৰি বিভিন্ন কোষৰ বিষয়ববীয়াসকল উপস্থিত থাকে । দুই সহস্ৰাধিক লোকৰ সমাৱেশ ঘটা এই বিশাল যোগদান সমাৰোহত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত পোন্ধৰশৰো অধিক লোকে আজি আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰে ।

প্ৰেৰক ধীৰেন মহলীয়া

Featured