বিশ্বকাপত হিটমেন ৰোহিতৰ হাতলৈ সুবৰ্ণ সুযোগ

বিশেষ বাৰ্তা, ৩ অক্টোবৰ : ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। ৮ অক্টোবৰত চেন্নাইত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত। একে সময়তে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বিশেষ তালিকাত স্থান দখল কৰাৰ সুযোগ পাব। আচলতে ৰোহিত শৰ্মাই বিশ্বকাপৰ খেলত ৬টা ছিক্সাৰ মাৰিলেই শ্ৰেষ্ছ ছিক্স হিট কৰা তালিকাৰ পঞ্চ স্থানলৈ উন্নীত হব। এতিয়ালৈকে ৰোহিত শৰ্মাই বিশ্বকাপৰ ১৬খন খেল খেলিছে। বিশ্বকাপৰ এই ১৬খন খেলত ৰোহিত শৰ্মাই ২৩টা ছয় মাৰিছে। একে সময়তে এই তালিকাত শীৰ্ষত আছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন খেলুৱৈ ক্ৰিছ গেইল। বিশ্বকাপৰ ৩৫খন মেচত ক্ৰিছ গেইলে ৪৯টা ছয় সংগ্ৰহ কৰে। দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি এ বি ডি ভিলিয়াৰ্ছ। এইগৰাকী খেলুৱৈয়ে বিশ্বকাপৰ ২৩খন খেলত ৩৭টা ছয় কৰে। আনহাতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং তিনি নম্বৰত আছে। বিশ্বকাপৰ ৪৬খন মেচত ৩১টা ছয় অৰ্জন কৰিছে ৰিকি পণ্টিঙে। ইয়াৰ পিছতে এই তালিকাৰ চতুৰ্থ স্থানত আছে নিউজিলেণ্ডৰ প্ৰাক্তন কিংবদন্তি ব্ৰেণ্ডন মেককালাম। বিশ্বকাপৰ ৩৪খন মেচত ব্ৰেণ্ডন মেককালামে ২৯টা ছয় সংগ্ৰহ কৰে। একে সময়তে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন কিংবদন্তি হাৰ্ছেল গিবছ পাঁচ নম্বৰত আছে। বিশ্বকাপৰ ২৫খন মেচত হাৰ্চেল গিবছে ২৮টা ছয় সংগ্ৰহ কৰে। অৱশ্যে বিশ্বকাপত ৰোহিত শৰ্মাই ২৩টা ছয় কৰিছে। কিন্তু সৰ্বাধিক ছয় মৰা খেলুৱৈৰ তালিকাত তেওঁ ১২ নম্বৰত আছে। মাত্ৰ ৫টা ছয় কৰাৰ পাছত ৰোহিত শৰ্মাই সৰ্বাধিক ছয় মৰা শীৰ্ষ ৫ খেলুৱৈৰ তালিকাত যোগদান কৰিব।

Featured