নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান গেমছত অব্যাহত ভাৰতীয় এথলীটৰ চমক

বিশেষ বাৰ্তা, ৩ অক্টোবৰঃ এছিয়ান গেমছত ভাৰতে লাভ কৰিছে আন এটা স্বৰ্ণ পদক। আচলতে মধ্য দূৰত্বৰ দৌৰবিদ পাৰুল চৌধাৰীয়ে স্বৰ্ণ পদক লাভ কৰিছে। পাৰুল চৌধাৰীয়ে ৫০০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে ৫০০০ মিটাৰ দৌৰত ১৫ মিনিট ১৪:৭৫ ছেকেণ্ডৰ সময়েৰে প্ৰথম স্থান দখল কৰে। আজি ভাৰতৰ বাবে এয়া প্ৰথম স্বৰ্ণ পদক। একে সময়তে আজিৰ বাতৰি লিখাৰ সময়লৈকে ভাৰতীয় খেলুৱৈয়ে ৫টা পদক লাভ কৰিছে। মহিলাৰ জেভলিন নিক্ষেপত স্বৰ্ণ পদক অৰ্জন কৰে অনুৰাণীয়ে। আন্নু ৰাণীয়ে ৬২.৯২ থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰে। এইদৰে ভাৰতে দিনটোৰ দ্বিতীয়টো স্বৰ্ণ পদক লাভ কৰে। ব্ৰঞ্জৰ পদক লাভ কৰে প্ৰবীণ চিত্ৰভেলে। আনহাতে ইয়াৰ বাহিৰেও মহম্মদ আফছালে ৮০০ মিটাৰ দৌৰত ৰূপৰ পদক দখল কৰে। তেজস্বীন শংকৰে ৰূপৰ পদক লাভ কৰিছে। ডেকাথলন পুৰুষৰ ৰাষ্ট্ৰীয় অভিলেখো ভংগ কৰিছে। একে সময়তে ভাৰতে প্ৰায় ৪৯ বছৰৰ অন্তত এছিয়ান গেমছৰ ডেকাথলন পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ভাৰতে শেষবাৰৰ বাবে এছিয়ান গেমছত পদক লাভ কৰিছিল ১৯৭৪ চনত। এতিয়ালৈকে এছিয়ান গেমছৰ দশম দিনত ভাৰতীয় খেলুৱৈয়ে ৪টা পদক লাভ কৰিছে। য’ত ১টা স্বৰ্ণ পদকৰ উপৰি ৩টা ব্ৰঞ্জৰ পদক অন্তৰ্ভুক্ত কৰা হৈছে। একে সময়তে এতিয়ালৈকে ভাৰতীয় খেলুৱৈয়ে ৬৪টা পদক লাভ কৰিছে। য’ত আছে ১৫টা স্বৰ্ণ পদক। ইয়াৰ উপৰি ভাৰতীয় খেলুৱৈসকলে ২৪টা ৰূপৰ পদক আৰু ২৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। পদকৰ সংখ্যাত চতুৰ্থ স্থানত আছে ভাৰত। আনহাতে আয়োজক চীন এক নম্বৰত আছে। ইয়াৰ বাহিৰেও দ্বিতীয় স্থানত আছে জাপান। চীন আৰু জাপানৰ পিছতে চতুৰ্থ স্থানত আছে দক্ষিণ কোৰিয়া।

You might also like