চিনামৰাত ‘স্বচ্ছতা হি সেৱা’ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা,  ২ অক্টোবৰ : সমগ্ৰ ভাৰতৰ লগতে চিনামৰা মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আচঁনি গোট আৰু কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ উদ্যোগত বৃহত্তৰ চিনামৰা তিনিআলি, চিনামৰা মহাবিদ্যালয় প্ৰাংগণ, চিনামৰা সাপ্তাহিক বজাৰ এলেকাত স্বচ্ছতা অথাৎ আৱৰ্জনা পৰিষ্কাৰ কাৰ্যসূচী সমাপন কৰা হয়। মহাবিদ্যালয় যুৱ টুৰিজিম ক্লাবে সহযোগ কৰা স্বচ্ছতা আৰু স্বচ্ছতাৰ জাগ্ৰতা কাৰ্যসূচীত CISFৰ ৪০ জনীয়া গোট, মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ ৪০ জনীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৫৫নং কৰঙা পঞ্চায়তৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ অধিনায়ক চেন্দ্ৰীউ নাঙখ্ৰূঙ, উপ-অধিনায়ক ক্ৰমে এম এলেন, স্মৃতি ভূমিকাই অংশগ্ৰহণ কৰে । ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন শইকীয়া, মহাবিদ্যালয় যুৱ টুৰিজিম ক্লাবৰ সমন্বয়ক অধ্যাপক অমল জ্যোতি চিৰিং, অধ্যাপক তৰুণ শইকীয়া, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, ৫৫নং কৰঙা পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰাই অংশগ্ৰহণ কৰা স্বচ্ছতা অভিযানৰ কাৰ্যসূচীত দুই শতাধিক স্বেচ্ছাসেৱীয়ে অংশ লয়। স্বচ্ছতা অভিযানৰ অংশ স্বৰূপে মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ কাৰ্যক্ৰম বিষয়া অধ্যাপক পদ্মেশ্বৰ কাটনীৰ তত্ত্বাৱধানত মহাবিদ্যালয়ৰ‌ ছাত্ৰ-ছাত্ৰীসকলে আজি গান্ধী জয়ন্তীৰ দিনা মহাবিদ্যালয় প্ৰাংগণত বৃক্ষৰোপণেৰে কাৰ্যসূচীৰ অন্ত পেলাব।

প্ৰেৰক নৱজ্যোতি তামুলী

Featured