লোক্ৰাত গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন

নিয়মীয়া বাৰ্তা, ৮ জুনঃ শোণিতপুৰৰ লোক্ৰাত আজি এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । লোক্ৰাৰ দুৰ্গা মল্ল চ’কত লোক্ৰা জনশক্তি নামৰ সংগঠনটোৰ উদ্যোগত প্ৰকৃতি সংৰক্ষণ আৰু সজাগতা বৃদ্ধিৰ লক্ষ্য আগত ৰাখি ৰূপায়ণ কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভালেসংখ্যক মূল্যৱান গছপুলি ৰোপণ কৰা হয় । কাৰ্যসূচীটোত লোক্ৰা জনশক্তিৰ পৰামৰ্শদাতা দিল বাহাদুৰ লিম্বু, পৰামৰ্শ সমিতিৰ সদস্যা শৰ্মিলা থাপা, লোক্ৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী দেৱী বালা বড়ো ৰাই, আঞ্চলিক সদস্যা প্ৰতিভা দেৱী, শিক্ষক সমাজকৰ্মী দুলেন কোচ, শিক্ষক পদ্মলাল শৰ্মা, শিক্ষক ভীষ্ম অধিকাৰী, প্ৰতিষ্ঠিত ব্যৱসায়ী কমল সোনাৰ, ব্যৱসায়ী সঞ্জয় থাপা, সমাজসেৱক সুৰজ ছেত্ৰী, ক্ষেমৰাজ ভট্টৰাই, ৰেৱতী মোহন দাহাল, ঘনশ্যাম চুবেদী, তৰ্পণ গুৰুং, মমতা ছেত্ৰী, দীপ্তি মিশ্ৰ, বাবুল মেছ, বীৰেন ছেত্ৰী, দুৰ্গা ছেত্ৰীৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল । তুলসী উপাধ্যায়ে পৰিচালনা কৰা অনুষ্ঠানটোত শিক্ষক পদ্মলাল শৰ্মা, ভীষ্ম অধিকাৰীয়ে পৰিৱেশ সজাগতা বিষয়ত সাৰুৱা ভাষণ আগবঢ়ায় ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured