নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিণীতি চোপ্রাক বিয়াৰ পূর্বে বাংলো এৰাৰ নির্দেশ ৰাঘৱ চাদ্ধাক

🔷 মর্যাদাতকৈ উচ্চমানৰ চৰকাৰী বাসগৃহ

বিশেষ বাৰ্তা, ৮ জুনঃ প্রথমবাৰৰ সাংসদ হিচাপে যি মর্যাদা, তাৰ তুলনাত উচ্চমানৰ বাংলো অর্থাৎ চৰকাৰী আৱাসগৃহ লাভ কৰিছিল আম আদমী পার্টী (আপ)ৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাই ৷ আজি ৰাজ্যসভা সচিবালয়ে মধ্য দিল্লীৰ পাণ্ডাৰা ৰোডস্থিত এই বাংলো খালী কৰাৰ নির্দেশ দিছে ৰাঘৱ চাদ্ধাক ৷ বলীউডৰ অভিনেত্রী পৰিণীতি চোপ্রাৰ সৈতে বাগদান পর্বৰ পাছতেই ‘গৃহহীন’ হ’বলগীয়া হৈছে ৩৫ বছৰীয়া ৰাঘৱ চাদ্ধা ৷ অৱশ্যে ৰাজ্যসভা হাউছ কমিটীৰ এই জাননীক প্রত্যাহ্বান জনাই দিল্লীৰ পাটিয়ালা হাউছ আদালতৰ দ্বাৰস্থ হৈছে ৰাঘৱ চাদ্ধা ৷ শনিবাৰে এই গোচৰটোৰ পৰৱর্তী শুনানি হ’ব ৷ দীর্ঘদিন ধৰি চৰকাৰী বাংলো দখল কৰা প্রাক্তন সাংসদক প্রায়েই উচ্ছেদৰ জাননী প্রদান কৰা হয় ৷ কিন্তু সাংসদ হৈ থকা সময়তে চাদ্ধাক এই জাননী দিয়া বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া ৷

You might also like