ক্যাঁৰ ৰেড কাৰ্পেটত চাদৰ-মেখেলা পৰিধানেৰে খোজ আইমী বৰুৱাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে’ : মমিতা শৰ্মাই প্ৰস্তুত কৰি উলিওৱা গোজ বটা আৰু গামখাৰুৰ দৰে প্ৰাচীন অসমীয়া ডিজাইনেৰে সু-সজ্জিত মুগা ৰেচম মেখেলা চাদৰ পিন্ধি ক্যাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই। মুগা ৰেচমক এক বিলাসিতা হিচাপে গণ্য কৰা আহোম ৰাজবংশৰ সময়ৰ পৰাই সু-পৰিচিত অসমৰ এক প্ৰাচীন শৈলী, গোজ বটা ডিজাইন হৈছে মূলতঃ বৈশিষ্ট্যপূৰ্ণ ফুল আৰু জ্যামিতিক আকৃতিৰ জটিল সংমিশ্ৰণ। যুগমীয়া এই সৃষ্টিশীলতাৰ প্ৰতি মানুহৰ আকৰ্ষণ আজিও কমা নাই। এই ডিজাইন অসমৰ চহকী সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতীক। আনহাতে, গামখাৰু হৈছে জীপাল অসমীয়া সংস্কৃতিৰ বুকুত গভীৰভাৱে শিপাই থকা সমৃদ্ধি আৰু সুৰক্ষাৰ পৰম্পৰাগত প্ৰতীক। ডিজাইনাৰে পাঁচবিধ ভিন্ন সূতা আৰু ৰং ব্যৱহাৰৰ জৰিয়তে এড়ী, কপাহ আৰু গুণা সূতাৰ মিশ্ৰণেৰে জটিল আৰ্হি তৈয়াৰ কৰি মুগা ৰেচমী মেখেলা চাদৰত ঐতিহ্যপূৰ্ণ গোজ বটা ডিজাইন আৰু গাম খাৰু শিল্পক নিপুণভাৱে সংযুক্ত কৰিছে। এই সৃজনশীলতাই অসমৰ হস্ততাঁত উদ্যোগৰ শিল্পকলা আৰু কাৰুকাৰ্য্যক উজলাই তুলিছে।

Featured