নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সমাৰোহ

বিশেষ বাৰ্তা, ১৯ মে’ : মৰিয়নি বিধানসভা সমষ্টিৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ অভিভাৱক গোটৰ উদ্যোগত প্ৰথম বাৰ্ষিক ‘অভিভাৱক সমাৰোহ’ অনুষ্ঠিত হয়। মূলতঃ অভিভাৱকসকলৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যেৰেই এই সমাৰোহৰ আয়োজন কৰা হয়। বিশেষকৈ শিক্ষাগুৰু, অভিভাৱকৰ লগতে স্থানীয় সচেতন ৰাইজৰ সহযোগিতাত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰ এক অংশস্বৰূপেই এই সমাৰোহৰ আয়োজন কৰা হয়। এই উপলক্ষ্যে পুৱা পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্য্যসূচী মুকলি কৰে বিদ্যালয়খনৰ অধ্যক্ষ তোলন গগৈয়ে। আনহাতে, স্মৃতি তৰ্পন কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জগত মোহন গগৈয়ে। ইয়াৰ পিছতেই অভিভাৱিকা মিনাক্ষী ৰাজকুমাৰীয়ে আঁ‌ত ধৰা সাংস্কৃতিক কাৰ্য্যসূচীত অভিভাৱকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিদ্যালয় গীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত অভিভাৱকসকলে বৰগীত, লোকগীত, দিহানাম, জিকিৰ, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত আদি পৰিৱেশন কৰাৰ লগতে কেবাজনো অভিভাৱকে কবিতাও আবৃত্তি কৰে। তাৰ লগতে কৌতুক অভিনয়, একক অভিনয়, বাতৰি পৰিৱেশন আদিও কৰা হয়। তাৰোপৰি অভিভাৱিকাসকলদ জেং বিহুও প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ লাভ কৰে। আনহাতে, দুপৰীয়া এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ‘শিশুৰ শাৰীৰিক আৰু বৌদ্ধিক বিকাশত অভিভাৱক আৰু শিক্ষকৰ দায়বদ্ধতা’ শীৰ্ষক এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° কুমুদ ঘোষে। তেওঁ ছাত্ৰ ছাত্ৰীৰ বিকাশৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী, অভিভাৱকৰ লগতে শিক্ষকৰ কৰণীয় সম্পৰ্কে আলোকপাত কৰে। শিক্ষক-অভিভাৱক আৰু ছাত্ৰৰ সংযোগতহে ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ সম্ভৱ হয় বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নিজৰ কৰ্মৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই ড° ঘোষে কয় এজন ছাত্ৰ বা ছাত্ৰীয়ে জীৱন যুঁজত জয়ী হ’বলৈ হ’লে নিজৰ দৃষ্টিভংগী সদায় স্পষ্ট আৰু ইতিবাচক হ’ব লাগিব। তেওঁ কয়- প্ৰতিটো বৃত্তিৰে নিজৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু সন্মান আছে। কিন্তু সেই সন্মান প্ৰথমে নিজক দিব পাৰিলেহে সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ সম্ভাৱনা থাকে। আনহাতে, মাধ্যম ছাত্ৰ ছাত্ৰীৰ বিকাশৰ ক্ষেত্ৰত কেতিয়াও বাধা হ’ব নোৱাৰে বুলিও ড° কুমুদ ঘোষে মন্তব্য কৰে। অনুষ্ঠানটোত সমল ব্যক্তি ড° কুমুদ ঘোষে উপস্থিত অভিভাৱকসকলৰ প্ৰশ্নৰো উত্তৰ দিয়ে। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জগত মোহন গগৈৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত আদৰণি ভাষন প্ৰদান কৰে অধ্যক্ষ তোলন গগৈয়ে। উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈ আৰু সম্পাদক যোগেশ তাৱে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটো জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰে। অনুষ্ঠানটোত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা আৰু উন্নয়ন সমিতিৰ বিষয়ববীয়া, প্ৰাক্তন ছাত্ৰ, বহুসংখ্যক অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like