ফকিৰাগ্ৰামৰ ময়নাৰতলত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন আৰু দোতমা বজাৰ গৃহৰ শুভ উদ্বোধন বিধায়ক ৰবিৰাম নাজাৰী

 

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ: কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰামৰ ময়নাৰতলত আজি মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । আজি ময়নাৰতলত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰি এক সভাও অনুষ্ঠিত কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । উক্ত সভাত উপস্থিত থাকে ফকিৰাগ্ৰাম পৌৰ সভাৰ পৌৰপতি সুৰেন্দ্ৰ শৰ্মা , সদৌ বিটিআৰ কোচৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায় , স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পৰেশ চন্দ্ৰ ৰায় , কোকৰাঝাৰ জিলা ক্ৰীড়া বিষয়া প্ৰদীপ বসুমাতাৰী , সুলতাল আলম , দিলদাৰ আলী আদিৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দও । ইপিনে দোতমা বজাৰ গৃহৰো শুভ উদ্বোধন কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । ফকিৰাগ্ৰামৰ ময়নাৰতলত অনুষ্ঠিত সভাত বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ভাষন প্ৰসংগত কয় যে ফকিৰাগ্ৰাম অঞ্চলত খেলৰ প্ৰতি বহুতো প্ৰতিভা আছে সেই বাবে এই প্ৰতিভা সমুহ জীৱিত কৰি ৰাখিবলৈ এনে ধৰনৰ ষ্টেডিয়ামৰ প্ৰয়োজন আছে । লগতে বিধায়ক জনে আৰু কয় যে মোৰ সমষ্টিত এইবেলি বৃহৎ বৃহৎ আচনি অসম চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছো । ইয়াৰ ভিতৰত কেইবাখনো পকী দলংৰ লগতে ৰাস্তা আৰু নৈ সমুহৰ গঢ়াখহনীয়া ৰোধ কৰিবলৈ আচনি দিছে জলসম্পদ বিভাগৰ মন্ত্ৰী পিজুষ হাজৰিকাই । বামুনিগাও ,খেজুৰবাৰী , কোটপাৰা , হংসবিল , আদি অঞ্চলত নৈৰ গঢ়াখহনীয়াৰ ভয়ানক ৰূপ ৰোধ কৰিবলৈ অলপ দিনৰ ভিতৰতে কাম আৰম্ভ হব বুলিও উল্লেখ কৰে । ইয়াৰ উপৰিও দক্ষিন অঞ্চলত ব্যপক উন্নয়ণ কৰাৰ আশ্বাস দিয়ে বিধায়ক জন ।